লাই লা হিলালি ঐ: সাত বিহুৰ সামৰণিৰ পিচতে পুনৰ ব’হাগ বিহু - tiwa tribe pisak domasi

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 4:27 PM IST

thumbnail

ধেমাজি, 23 এপ্ৰিল : তিৱা জনগোষ্ঠী, অতীজৰে পৰা অসমত খোপনি পুতি থকা নিজৰ কৃষ্টি-সংস্কৃতিৰে চহকী এটা জনগোষ্ঠী ৷ অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা বিশেষত্ব আছে ৷ তিৱা জনগোষ্ঠীও সেই জনগোষ্ঠীসকলৰ ভিতৰত অন্যতম ৷ শেহতীয়াকৈ ধেমাজিৰ বৰদলনি মাইচা চাপৰি অঞ্চল মুখৰিত হৈ পৰিছে এটি তিৱা গীতেৰে, লাই লা হিলালি ঐ... ৷

সাতবিহুৰ সামৰণি পৰাৰ লগে লগে অসমৰ ভূমিপুত্ৰ তিৱা জনজাতিসকলৰ আৰম্ভ হয় ব’হাগ বিহু ৷ স্বকীয় ৰীতি-নীতিৰে অসমৰ অন্যান্য ভূমিপুত্ৰসকলৰ দৰে তিৱাসকলেও বুধবাৰৰ পৰা আৰম্ভ কৰিছে ব’হাগ বিহু ৷ ধেমাজিৰ বৰদলনি মাইচা চাপৰি কৃষ্টি সংঘৰ বাকৰিত সদৌ ধেমাজি তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়াকৈ ষষ্ঠ বাৰ্ষিক পিচাক দমাচি অনুষ্ঠিত কৰা হৈছে ৷

তিৱা লোকসকলৰ বিভিন্ন নৃত্যৰ লগতে ঢোল-পেঁপা গগণাৰ মাতেৰে চৌদিশ মুখৰিত হৈ পৰিছে । ইয়াৰ মাজতে অনুষ্ঠিত হৈছে পৰম্পৰাগত ৰচী টনা খেলকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৷ তিৱাসকলৰ বিহুৰ নামত কঁকাল ঘূৰাই নাচিলে তিৱা গাভৰুৱে ৷ উল্লেখ্য যে, এই বিহুৰ বাকৰিতে জনগোষ্ঠীটোৰ পৰম্পৰাগত থলুৱা পানীয়, বিধে-বিধে খৰিকাত দিয়া মাছ-মাংস, তিৱা শিপিনীসকলে প্ৰস্তুত কৰা থলুৱা পোচাক দৰ্শকৰ বাবে উপলব্ধ কৰি তোলা হৈছে ৷

লগতে পঢ়ক : হাজাৰ হাজাৰ নাচনী-ঢুলীয়াৰ অংশগ্ৰহণেৰে কাকপথাৰত ৰাতি বিহু উদযাপন - Rongali Bihu 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.