লাই লা হিলালি ঐ: সাত বিহুৰ সামৰণিৰ পিচতে পুনৰ ব’হাগ বিহু - tiwa tribe pisak domasi - TIWA TRIBE PISAK DOMASI

🎬 Watch Now: Feature Video

thumbnail
ষষ্ঠ বাৰ্ষিক পিচাক দমাচি অনুষ্ঠিত (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 4:27 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি, 23 এপ্ৰিল : তিৱা জনগোষ্ঠী, অতীজৰে পৰা অসমত খোপনি পুতি থকা নিজৰ কৃষ্টি-সংস্কৃতিৰে চহকী এটা জনগোষ্ঠী ৷ অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা বিশেষত্ব আছে ৷ তিৱা জনগোষ্ঠীও সেই জনগোষ্ঠীসকলৰ ভিতৰত অন্যতম ৷ শেহতীয়াকৈ ধেমাজিৰ বৰদলনি মাইচা চাপৰি অঞ্চল মুখৰিত হৈ পৰিছে এটি তিৱা গীতেৰে, লাই লা হিলালি ঐ... ৷

সাতবিহুৰ সামৰণি পৰাৰ লগে লগে অসমৰ ভূমিপুত্ৰ তিৱা জনজাতিসকলৰ আৰম্ভ হয় ব’হাগ বিহু ৷ স্বকীয় ৰীতি-নীতিৰে অসমৰ অন্যান্য ভূমিপুত্ৰসকলৰ দৰে তিৱাসকলেও বুধবাৰৰ পৰা আৰম্ভ কৰিছে ব’হাগ বিহু ৷ ধেমাজিৰ বৰদলনি মাইচা চাপৰি কৃষ্টি সংঘৰ বাকৰিত সদৌ ধেমাজি তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়াকৈ ষষ্ঠ বাৰ্ষিক পিচাক দমাচি অনুষ্ঠিত কৰা হৈছে ৷

তিৱা লোকসকলৰ বিভিন্ন নৃত্যৰ লগতে ঢোল-পেঁপা গগণাৰ মাতেৰে চৌদিশ মুখৰিত হৈ পৰিছে । ইয়াৰ মাজতে অনুষ্ঠিত হৈছে পৰম্পৰাগত ৰচী টনা খেলকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৷ তিৱাসকলৰ বিহুৰ নামত কঁকাল ঘূৰাই নাচিলে তিৱা গাভৰুৱে ৷ উল্লেখ্য যে, এই বিহুৰ বাকৰিতে জনগোষ্ঠীটোৰ পৰম্পৰাগত থলুৱা পানীয়, বিধে-বিধে খৰিকাত দিয়া মাছ-মাংস, তিৱা শিপিনীসকলে প্ৰস্তুত কৰা থলুৱা পোচাক দৰ্শকৰ বাবে উপলব্ধ কৰি তোলা হৈছে ৷

লগতে পঢ়ক : হাজাৰ হাজাৰ নাচনী-ঢুলীয়াৰ অংশগ্ৰহণেৰে কাকপথাৰত ৰাতি বিহু উদযাপন - Rongali Bihu 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details