ETV Bharat / state

হাজাৰ হাজাৰ নাচনী-ঢুলীয়াৰ অংশগ্ৰহণেৰে কাকপথাৰত ৰাতি বিহু উদযাপন - Rongali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 2:18 PM IST

Bihu of Moran community
মৰাণ জনগোষ্ঠীৰ বিহু

Rati Bihu: কাকপথাৰত ধৰ্মীয় ৰীতি-নীতিৰে চাকচনি মাৰিৰে নাচনী নচুৱাই পৰম্পৰাগত ৰাতি বিহু পালন । স্বকীয় নীতি-নিয়ম তথা পৰম্পৰাৰ মাজেৰে এই বিহু পালন কৰি আহিছে মৰাণ জনগোষ্ঠীয়ে ।

মৰাণ জনগোষ্ঠীৰ বিহু

তিনিচুকীয়া, ২৩ এপ্ৰিল : অসমৰ অন্যতম জনগোষ্ঠী হৈছে মৰাণ জনগোষ্ঠী ৷ এই মৰাণ জনগোষ্ঠীটোৰ আছে বিশেষ কলা-সংস্কৃতি । এনে কলা-সংস্কৃতিৰ ভিতৰত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু এক অনবদ্য অংগ হিচাপে গণ্য় কৰা হয় ৷ সোমবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত পৰম্পৰাগতভাৱে সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভাকে আদি কৰি মৰাণ জনগোষ্ঠীৰ সংগঠনসমূহৰ উদ্যোগত ৰাতি বিহু উদযাপন কৰা হয় ৷

জিলাখনৰ কাকপথাৰৰ কাঠবস্তিৰ জ্যোতিৰ্ময় মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাতি বিহু স্থলীত হাজাৰ হাজাৰ নাচনী-ঢুলীয়াই অংশগ্ৰহণ কৰি সৃষ্টি কৰে এক অনন্য পৰিৱেশৰ । সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিয়ে চাকচনি মাৰিৰে নাচনী নচুৱাই পৰম্পৰাগত ৰাতি বিহু উদযাপন কৰে বিভিন্ন প্ৰান্তৰ ডেকাসকলে ৷

সমান্তৰালভাৱে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক ৰাতুল বুঢ়াগোঁহাই ৰাতি বিহুত বিশেষ অতিথি হিচাপে উপস্থিত থাকি থলুৱা বিহুনামেৰে মৰাণ গাভৰুসকলক বিহু নচুৱাই মৰাণ ৰাতি বিহুৰ আনন্দ উপভোগ কৰে ৷ ইপিনে, জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই ৰাতি বিহুত উপস্থিত হৈ ৰাতি বিহুক লৈ এইবাৰ বিশেষ পৰিকল্পনা কৰাৰ কথা অৱগত কৰে ৷

উল্লেখ্য় যে, অতীতৰে পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে স্বকীয় নীতি-নিয়ম তথা পৰম্পৰাৰ মাজেৰে এই বিহু পালন কৰি আহিছে ৷ মৰাণ জনগোষ্ঠীৰ পৰম্পৰা ৰাতি বিহুত সকলোৱে অংশগ্ৰহণ কৰি গৰ্বও অমুভৱ কৰে । স্বকীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে ৰাজ্য়ৰ লগতে দেশ-বিদেশত সিঁচৰিত হৈ থকা মৰাণ জনগোষ্ঠীৰ লোকসকলে এই ৰাতি বিহু পালনৰ বাবে কঠোৰ নীতি-নিয়ম পালন কৰিব লাগে ।

লগতে পঢ়ক:পৰম্পৰা অনুসৰি ৰঙালী বিহু উদযাপন মিচিং জনগোষ্ঠীৰ - RONGALI BIHU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.