ETV Bharat / state

পৰম্পৰা অনুসৰি ৰঙালী বিহু উদযাপন মিচিং জনগোষ্ঠীৰ - RONGALI BIHU

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 9:12 PM IST

Rangali Bihu
Mising community

অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলেও নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু । ঘৰে ঘৰে বিহু-হুঁচৰি মাৰি গৃহস্থৰ মংগলৰ বাবে আশীৰ্বাদ দিছে মিচিং লোকসকলে ।

ঘৰে ঘৰে বিহু-হুঁচৰি

জোনাই, ২২ এপ্ৰিল: ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উছাহৰ ঢল । তাৰ সমান্তৰালকৈ আকৌ বতাহ গৰম কৰিছে নিৰ্বাচনেও । দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্ৰচাৰ অভিযান চলি থাকিলেও কিন্তু তাৰ মাজতে চহা অসমীয়াই পালন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি ।

ৰাজ্যখনত বাস কৰা মৰাণ, মটক, মিচিং, দেউৰী, কছাৰী আদি জনগোষ্ঠীসমূহেও নিজ নিজ পৰম্পৰাৰে পালন কৰিছে ৰঙালী বিহু । উত্তৰ অসমত বসবাস কৰা ৰাজ্যৰ অন্যতম জনগোষ্ঠী হৈছে মিচিং । বিহুৰ বতৰত মন মতলীয়া হৈছে মিচিং ডেকা-গাভৰুসকলৰো । ঘৰে ঘৰে বিহু মাৰি, হুঁচৰি গাই গৃহস্থৰ মংগলৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে মিচিং ডেকা-গাভৰুসকলে । পিচ পৰি ৰোৱা নাই বয়োজ্যেষ্ঠসকলো । ঢোলৰ ছেৱত তেওঁলোকেও এপাক কঁকাল ঘূৰাই নাচিছে ।

পৰম্পৰা অনুসৰি সোণৰ জখলাৰে সাতটা হুঁচৰি মিচিং সমাজলৈ সৰগৰ পৰা নামি অহা বুলি তেওঁলোকে বিশ্বাস কৰে । ১৪ গৰাকী গোসাঁনীৰ উপাসনাৰে তেওঁলোকে বিহু-হুঁচৰি মাৰে । শেষৰ দিনা, যেতিয়া বিহু উৰুৱাবৰ হয়, মিচিংসকলে নৈৰ পাৰলৈ গৈ ১৪ খন সৰু সৰু নাও সাজি ১৪ গৰাকী গোসাঁনীলৈ ভাগে ভাগে নৈবেদ্য আগবঢ়াই বিহুক বিদায় দিয়ে ।

জোনাইৰ পুৰণি জেলেম গাঁৱতো মিচিংসকলে ৰঙালী বিহু পালন কৰিছে । বিহু মাৰি পোৱা বৰঙণি তেওঁলোকে সাঁচি ৰাখিছে অহা বৰ্ষৰ ফাগুন মাহত পঃৰাগ উৎসৱ উদযাপনৰ বাবে । ফাগুন মাহ হৈছে মিচিংসকলৰ বাবে আটাইতকৈ ৰঙৰ মাহ । কিয়নো এই ফাগুনতে তেওঁলোকে প্ৰাণৰ আলি আয়ে লৃগাং আৰু পঃৰাগ উৎসৱ পালন কৰি দেৱতাক পূজা আগবঢ়ায় । বিহুৰ দৰেই এই দুয়োটি উৎসৱ কৃষিৰ সৈতে জড়িত ।

লগতে পঢ়ক: বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলন - Rangali Bihu celebration 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.