ETV Bharat / state

বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলন - Rangali Bihu celebration 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:39 PM IST

RANGALI BIHU CELEBRATION 2024
ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলন

নিৰ্বাচনৰ পিছতে এতিয়া ৰাইজ ৰঙালীৰ উছাহত বিলীন হোৱা দেখা গৈছে ৷ যুৰীয়া হাতী লৈ ৰাজপথত বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ‌ কৰিলে ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনে ৷ 5 দিনীয়াকৈ আৰম্ভ হোৱা এই বিহু সন্মিলনৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী, জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, কল্পনা কলিতাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে ৷

ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলন

মৰাণ,21 এপ্ৰিল : অসমৰ পাঁচটাকৈ সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত এতিয়া প্ৰস্তুতি চলিছে ৰঙালীক আদৰাৰ ৷ নিৰ্বাচনে কিছু পৰিমাণে ৰঙালীৰ আনন্দ-উল্লাসক ম্লান কৰিলেও নিৰ্বাচনৰ পিছৰে পৰা উখল-মাখল পৰিৱেশ দেখা গৈছে ডিব্ৰুগড় চহৰত ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনখনি ৷ ডিব্ৰুজান জালান নগৰ স্কুল খেলপথাৰত অনুষ্ঠিত এই বিহু সন্মিলনৰ প্ৰথম দিনা পুৱা উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পৰৱৰ্তী কাৰ্যসূচী হিচাপে বাহিৰ কৰা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰা মুকলি কৰে বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী, জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, কল্পনা কলিতাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে ৷ উক্ত শোভাযাত্ৰাত বিহু, সোণোৱাল কছাৰী নৃত্য, বাগৰুম্বা, ঝুমুৰ, জিকিৰ-জাৰিকে ধৰি ভিন্ন জনগোষ্ঠীৰ গীত-নৃত্য আদি প্ৰদৰ্শন কৰা হয় ৷

বিহু সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ’ব বিভিন্ন ধৰণৰ থলুৱা খেল-ধেমালি প্ৰতিযোগিতা ৷ সমান্তৰালকৈ জেং বিহু প্ৰতিযোগিতা, বিহুনাম, ঢোল, পেঁপা, গগণা বাদন আদি প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি শ্ৰেষ্ঠ বিহু হুঁচৰি দলক শ্ৰীব্ৰহ্মপুত্ৰ সন্মানৰ লগতে নগদ এক লাখ টকা আৰু শ্ৰেষ্ঠা বিহুৱতীক পূৰ্বাঞ্চল সন্মান তথা নগদ এক লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব ৷

তদুপৰি এই বিহু সন্মিলনতে প্ৰকাশ কৰা হ’ব এক স্মৃতিগ্ৰন্থ ৷ এই সন্মিলনত 24 এপ্ৰিলৰ সন্ধিয়াৰ কাৰ্যসূচীত প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান থকাৰ লগতে 25 এপ্ৰিলৰ সন্ধিয়া গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ আৰু বাপুজী কোঁৱৰে ৷

লগতে চাওক: জোনাইত দেউৰীসকলৰ বোকা বিহু উদযাপন - Deori Boka Bihu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.