ETV Bharat / bharat

ভাৰত-আছিয়ান বাণিজ্য কাঠামোত উত্তৰ-পূবৰ ভূমিকা: সম্ভাৱনা আৰু প্ৰত্যাহ্বান - INDIA ASEAN TRADE

author img

By Aroonim Bhuyan

Published : May 16, 2024, 5:57 PM IST

Development of NE India: আছিয়ান-ভাৰত সামগ্ৰীৰ বাণিজ্য চুক্তিৰ আন এখন পৰ্যালোচনা বৈঠক যোৱা সপ্তাহত মালয়েছিয়াত অনুষ্ঠিত হৈছিল । কিন্তু দক্ষিণ-পূব এছিয়াৰ সৈতে ভৌগোলিকভাৱে আটাইতকৈ ওচৰৰ উত্তৰ-পূব ভাৰতৰ সম্ভাৱনা সম্পূৰ্ণৰূপে ব্যৱহাৰ নোহোৱালৈকে ভাৰত আৰু আছিয়ানৰ মাজত বাণিজ্যৰ অগ্ৰগতি স্থবিৰ হৈ থাকিব। অৰুণিম ভূঞাৰ এক বিশেষ লেখা...

INDIA ASEAN TRADE FRAMEWORK
ভাৰত-আছিয়ান বাণিজ্যৰ সম্ভাৱনা (ETV BHARAT ENGLISH DESK)

বিশেষ প্ৰতিবেদন, 16 মে’ : যোৱা সপ্তাহত মালয়েছিয়াৰ পুত্ৰজায়াত অনুষ্ঠিত হোৱা দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN)-ভাৰত বাণিজ্য সামগ্ৰী চুক্তি (AITIGA)ৰ পুনৰীক্ষণৰ বাবে চতুৰ্থ যুটীয়া সমিতিৰ বৈঠকত, ভাৰতৰ উত্তৰ-পূব অঞ্চলটোৱে কি ভূমিকা পালন কৰিব পাৰে তাৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰা হৈছে ৷ কাৰণ এই অঞ্চলটোৱেই হৈছে আছিয়ান দেশসমূহৰ ভৌগোলিকভাৱে আটাইতকৈ ওচৰৰ অঞ্চল ৷ এই ভৌগোলিক সান্নিধ্যৰ লাভ উঠাবলৈ নতুন দিল্লীয়ে 1990 চনৰ আৰম্ভণিতে লুক ইষ্ট পলিচি আৰু 2014 চনত এক্ট ইষ্ট পলিচি প্ৰণয়ন কৰিছিল ৷

শ্বিলংস্থিত এছিয়ান কনফ্লুয়েন্স থিংক টেংকৰ ফেলো কে য়হোমৰ মতে, ভাৰত চৰকাৰ আৰু আছিয়ানৰ উদ্দেশ্য হৈছে নতুন দিল্লী আৰু 10খন ৰাষ্ট্ৰৰ ব্লকৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে উত্তৰ-পূবত সুযোগ অন্বেষণ কৰা ৷ য়হোমে ইটিভি ভাৰতক কয়- "উত্তৰ-পূবে নিশ্চিতভাৱে বৃহত্তৰ নীতি পৰিকাঠামোত কেন্দ্ৰীয়তা বিচাৰি পায় ৷"

ভাৰতৰ বিশ্ব বাণিজ্যত 11 শতাংশ অংশীদাৰিত্বৰে দেশখনৰ অন্যতম প্ৰধান বাণিজ্যিক অংশীদাৰ দেশ আছিয়ান ৷ কিন্তু কথাটোৰ সত্যটো হ’ল ভাৰত আৰু আছিয়ানৰ মাজত দ্বিপাক্ষিক অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে উত্তৰ-পূবৰ সম্ভাৱনাক এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই ৷

উদাহৰণস্বৰূপে, যদিও 2023-24 চনত ভাৰত-আছিয়ানৰ দ্বিপাক্ষিক বাণিজ্য 122.67 বিলিয়ন ডলাৰ আছিল, ইয়াৰ মাত্ৰ পাঁচ শতাংশহে উত্তৰ-পূবৰ আছিল ৷ বাকী ব্যৱসায়ৰ উৎপত্তি ভাৰতৰ অন্যান্য প্ৰান্তৰ ৰাজ্যৰ পৰা হৈছিল ৷ এতিয়া চতুৰ্থখন এ আই টি আই জি এ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ লগে লগে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে উত্তৰ-পূবে বাণিজ্যৰ কাঠামোত কেনেকৈ অধিক বিশিষ্ট ভূমিকা পালন কৰিব পাৰে ৷

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ বাবে ইয়াক অধিক বাণিজ্যিক সুবিধাজনক আৰু উপকাৰী কৰি তুলিবলৈ এ আই টি জি এৰ পৰ্যালোচনাৰ বাবে আলোচনা 2023 চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল ৷

বিবৃতিটোত কোৱা হৈছে যে, “পৰ্যালোচনাত চুক্তিখনৰ বিভিন্ন নীতিগত ক্ষেত্ৰৰ সৈতে মোকাবিলা কৰাৰ বাবে মুঠ আঠখন উপ-সমিতি গঠন কৰা হৈছে আৰু ইয়াৰে পাঁচখন উপ-সমিতিয়ে আলোচনা আৰম্ভ কৰিছে ৷”

"পাঁচখন উপ-সমিতিয়ে চতুৰ্থ এ আই টি জি এৰ যুটীয়া সমিতিক তেওঁলোকৰ আলোচনাৰ ফলাফলৰ প্ৰতিবেদন দিছিল ৷ ৰাষ্ট্ৰীয় ব্যৱহাৰ আৰু বজাৰ প্ৰৱেশাধিকাৰ', 'উৎপত্তিৰ নিয়মাৱলী', 'মানদণ্ড, কাৰিকৰী নিয়মাৱলী আৰু সামঞ্জস্য মূল্যায়ন প্ৰক্ৰিয়া' আৰু 'আইনী আৰু প্ৰতিষ্ঠানগত সমস্যা'ৰ সৈতে সম্পৰ্কিত ইয়াৰে চাৰিখন উপ-সমিতিয়ে চতুৰ্থ এ আই টি আই জি এ যুটীয়া সমিতিৰ সৈতে মালয়েছিয়াৰ পুত্ৰজায়াত মিলিত হৈছিল ৷ চেনিটাৰী আৰু ফাইটোচেনিটাৰী সম্পৰ্কীয় উপ-সমিতিখন 3 মে’ 2024 তাৰিখে মিলিত হৈছিল ৷ যুটীয়া সমিতিয়ে উপ-সমিতিসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছিল ৷"

এ আই টি আই জি এ কি আৰু কেতিয়া কাৰ্যকৰী হৈছিল?

এ আই টি আই জি এ হৈছে আছিয়ান আৰু ভাৰতৰ মাজত এক ব্যাপক বাণিজ্য চুক্তি, যাৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা ৷ চুক্তিখনৰ বাবে আলোচনা 2003 চনত আৰম্ভ হৈছিল আৰু 2009 চনত সমাপ্ত হৈছিল ৷ চুক্তিখন 1 জানুৱাৰী, 2010 তাৰিখৰ পৰা এই চুক্তি কাৰ্যকৰী হৈছিল ৷

এ আই টি আই জি এৰ এটা কেন্দ্ৰীয় উদ্দেশ্য হ'ল আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত ব্যৱসায় কৰা সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস আৰু শেষত নাইকিয়া কৰা ৷ চুক্তিৰ অধীনত, দুয়োপক্ষই নিৰ্ধাৰিত সময়ত বিভিন্ন সামগ্ৰীৰ ওপৰত শুল্ক ক্ৰমান্বয়ে হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে ৷ এই পদক্ষেপবোৰৰ ভিতৰত আছে শুল্ক প্ৰক্ৰিয়াবোৰ সৰল কৰা, স্বচ্ছতা বৃদ্ধি কৰা আৰু বাণিজ্যৰ ক্ষেত্ৰত শুল্ক বিহীন বাধা হ্ৰাস কৰা ৷ যাৰ ফলত ব্যৱসায়বোৰৰ বাবে সীমা অতিক্ৰম কৰি বাণিজ্যত জড়িত হোৱাটো সহজ আৰু কম খৰছী হয় ৷

এই চুক্তিত উৎপত্তিৰ মাপকাঠী নিয়ম স্থাপন কৰা হৈছে, য’ত সামগ্ৰীসমূহ আছিয়ান বা ভাৰতৰ পৰা উৎপত্তি হোৱা বুলি গণ্য কৰা চৰ্তসমূহৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে ৷ চুক্তিখনৰ অধীনত অগ্ৰাধিকাৰ শুল্ক ব্যৱহাৰৰ বাবে যোগ্যতা নিৰ্ধাৰণৰ বাবে এইটো গুৰুত্বপূৰ্ণ ৷

এ আই টি আই জি এত এনে কিছুমান ক্ষেত্ৰত সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰাৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত কৰা হৈছে য’ত কিছুমান সামগ্ৰীৰ আমদানিয়ে ঘৰুৱা উদ্যোগসমূহক গুৰুতৰ আঘাতৰ সৃষ্টি কৰে বা হোৱাৰ ভাবুকি দিয়ে ৷ এই ব্যৱস্থাসমূহৰ উদ্দেশ্য হৈছে ক্ষতিগ্ৰস্ত উদ্যোগসমূহক সাময়িকভাৱে সকাহ দিয়াৰ লগতে সালসলনি কৰিব পৰাকৈ অনুমতি দিয়া ৷

চুক্তিখনত ইয়াৰ ব্যাখ্যা বা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত উদ্ভৱ হ’ব পৰা বিবাদসমূহৰ সমাধানৰ বাবে বিবাদ নিষ্পত্তিৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই ব্যৱস্থাই আলোচনা আৰু আলোচনাৰ জৰিয়তে বিবাদ সমাধানৰ বাবে এক গাঁথনিগত প্ৰক্ৰিয়া প্ৰদান কৰে ৷ প্ৰয়োজন হ’লে বিষয়টো মধ্যস্থতালৈ উন্নীত কৰাৰ সম্ভাৱনা থাকে ৷

এ আই টি আই জি এয়ে আছিয়ান আৰু ভাৰতৰ মাজত বাণিজ্যৰ সুবিধা, শুল্ক প্ৰশাসন আৰু কাৰিকৰী মানদণ্ডৰ দৰে ক্ষেত্ৰত সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰিছে ৷ ইয়াৰ লক্ষ্য হৈছে চুক্তিখনে সৃষ্টি কৰা সুযোগসমূহৰ পৰা দুয়োপক্ষই সম্পূৰ্ণৰূপে লাভৱান হোৱাৰ ক্ষমতা বৃদ্ধি কৰা ৷

2010 চনতে কাৰ্যকৰী হোৱা এ আই টি আই জি এ-য়ে ভাৰত-আছিয়ান বাণিজ্য বৃদ্ধি কৰিবলৈ কিয় সক্ষম হোৱা নাই ?

এ আই টি জি এৰ এটা প্ৰধান সমস্যা হ’ল ওলোটা কৰ্তব্যৰ গাঁথনি ৷ ইয়াৰ দ্বাৰা কেঁচামালৰ ওপৰত শুল্ক সম্পূৰ্ণ সামগ্ৰীতকৈ বেছি হোৱা পৰিস্থিতিৰ কথা বুজোৱা হয় ৷ ভাৰতলৈ ৰপ্তানি কৰা সম্পূৰ্ণ সামগ্ৰীৰ ওপৰত শুল্কৰ তুলনাত ভাৰতৰ পৰা আহৰণ কৰা কেঁচামালৰ ওপৰত আছিয়ান ৰাষ্ট্ৰসমূহে অধিক কৰ আৰোপ কৰাৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় ব্যৱসায়ীসকলে ৷ এই বৈষম্যই ভাৰতীয় কেঁচামাল অধিক ব্যয়বহুল আৰু কম প্ৰতিযোগিতামূলক কৰি তোলে, যাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলক চুক্তিখনৰ লাভ উঠাবলৈ নিৰুৎসাহিত কৰে ৷

কঠোৰ মানদণ্ড, জটিল শুল্ক পদ্ধতি আৰু নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তাৰ দৰে অশুল্ক বাধাসমূহে (এন টি বি) যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ এ আই টি জি এ-য়ে শুল্ক হ্ৰাস কৰাত গুৰুত্ব দিয়াৰ বিপৰীতে এন টি বিয়ে সামগ্ৰীৰ মসৃণ প্ৰবাহত বাধা অব্যাহত ৰাখিছে ৷ এই বাধাসমূহৰ ভিতৰত আছে চেনিটাৰী আৰু ফাইটোচেনিটাৰী ব্যৱস্থা, বাণিজ্যৰ ক্ষেত্ৰত কাৰিকৰী বাধা আৰু অন্যান্য প্ৰশাসনিক আৰু আমোলাতন্ত্ৰিক বাধা যিয়ে ব্যৱসায় প্ৰক্ৰিয়াক জটিল কৰি তোলে ৷

এ আই টি জি এৰ অধীনত অগ্ৰাধিকাৰ শুল্কৰ ব্যৱহাৰৰ হাৰ তুলনামূলকভাৱে কম হৈছে ৷ বহু ব্যৱসায়িক প্ৰতিষ্ঠান বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে হয় ইয়াৰ সুবিধাসমূহৰ বিষয়ে অজ্ঞাত নহয় অথবা এই সুবিধাসমূহ দাবী কৰাৰ প্ৰক্ৰিয়াটো অতি জটিল বুলি বিবেচনা কৰে ৷ সজাগতাৰ অভাৱ আৰু পদ্ধতিগত জটিলতাই চুক্তিখনৰ সুবিধা ল’বলৈ প্ৰতিষ্ঠানসমূহক নিৰুৎসাহিত কৰে ৷

যদিও এ আই টি জি এত বাণিজ্যৰ সুবিধাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে, প্ৰকৃত ৰূপায়ণ অসামঞ্জস্যপূৰ্ণ হৈ আহিছে ৷ চুক্তিখনৰ সুবিধা সৰ্বাধিক কৰাৰ বাবে দক্ষ শুল্ক পদ্ধতি, নিৰৱচ্ছিন্ন লজিষ্টিক আৰু আন্তঃগাঁথনি উন্নয়ন অতি গুৰুত্বপূৰ্ণ ৷ বহু আছিয়ান দেশ আৰু ভাৰতত এই বাণিজ্য সুবিধাৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ গতি লেহেমীয়া হৈছে ৷ যাৰ ফলত পলম হৈছে আৰু ব্যয় বৃদ্ধি পাইছে ৷

ইফালে ভৌগোলিক দূৰত্ব আৰু আন্তঃগাঁথনিগত সীমাবদ্ধতাইও ভূমিকা লৈছে ৷ ইয়াতেই ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ কথা আহি পৰে ৷

ভাৰত-আছিয়ানৰ বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত উত্তৰ-পূবক লাভৱান কৰাৰ ক্ষেত্ৰত কি কি প্ৰত্যাহ্বান আছে ?

য়োমে কয় যে, 2000 চনৰ পৰা আছিয়ানৰ কেইবাটাও কূটনৈতিক আৰু ব্যৱসায়িক প্ৰতিনিধি দলে মূলতঃ অঞ্চলটোৰ ব্যৱসায় আৰু বিনিয়োগৰ সুযোগ বিচাৰি উত্তৰ-পূব ভ্ৰমণ কৰিছিল ৷

তেওঁ কয়- ‘‘তেওঁলোকৰ মূল উপলব্ধি হ’ল যে ভৌগোলিক সান্নিধ্যৰ বাবেই অঞ্চলটোৰ সম্ভাৱনা আছে ৷ তেওঁলোকৰ সৈতে কথা পাতিলে এনে অনুভৱ হয় যে মানুহৰ মাজত আৰু সাংস্কৃতিক সম্পৰ্ক আশাবাদী হ’লেও শাসন ব্যৱস্থা, ব্যৱসায় কৰাত সহজতা, সংযোগ আৰু নিৰাপত্তাৰ দৰে প্ৰত্যাহ্বানসমূহে তেওঁলোকক প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ পৰা নিৰুৎসাহিত কৰি তুলিছে ৷”

শাসন ​​ব্যৱস্থাৰ ক্ষেত্ৰত আছিয়ানে লক্ষ্য কৰিছে যে উত্তৰ-পূবৰ ৰাজ্যসমূহত দুৰ্নীতি, দক্ষতা, জবাবদিহিতা আৰু প্ৰকল্পৰ ৰূপায়ণৰ নিৰীক্ষণ আদি বিষয়সমূহ চম্ভালিবলৈ প্ৰতিষ্ঠানিক ব্যৱস্থা দুৰ্বল ৷ ইয়াত আন্তঃগাঁথনিৰ বিষয়টোও চৰ্চালৈ আহে ৷ ভাৰতৰ অন্যান্য প্ৰান্তৰ তুলনাত অঞ্চলটোৰ আন্তঃগাঁথনি অতি দুৰ্বল ৷ য়ুমে বুজাই দিলে যে আছিয়ানক উত্তৰ-পূবত বিনিয়োগ কৰাৰ পৰা যিটো কথাই নিশ্চয় পিছুৱাই দিলে সেয়া হ’ল, লজিষ্টিক ক্ষেত্ৰত এই অঞ্চলটো ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা বহু পিচ পৰি আছে ৷

য়োমৰ মতে, অসমৰ মূল চহৰ গুৱাহাটীক বাদ দি অঞ্চলটোৰ আন ৰাজ্যসমূহেও এনে ব্যৱস্থা স্থাপন কৰা নাই বা ব্যৱসায়ত সহজতাৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰা নাই ৷ অসৎ কামত লিপ্ত হোৱা লোকসকলক জবাবদিহি কৰাটো অঞ্চলটোৰ এক ডাঙৰ প্ৰত্যাহ্বান ৷

সংযোগৰ ফালৰ পৰা উত্তৰ-পূব দক্ষিণ-পূব এছিয়াৰ সৈতে ঘনিষ্ঠ হ’লেও ম্যানমাৰৰ অন্তহীন ৰাজনৈতিক অস্থিৰতাৰ বাবে স্থল সংযোগ এতিয়াও বাস্তৱায়িত হোৱা নাই ৷ দক্ষিণ-পূব এছিয়া আৰু উত্তৰ-পূব ভাৰতৰ মাজত হোৱা যিকোনো পাৰস্পৰিক ক্ৰিয়া-কলাপ ম্যানমাৰৰ মাজেৰে পাৰ হ’ব লাগে ৷

ম্যানমাৰৰ পৰিস্থিতিৰ বাবে মণিপুৰৰ মৰেহ আৰু থাইলেণ্ডৰ মায়ে ছ’ট সংযোগী 1360 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্পটো দীৰ্ঘদিন ধৰি পলম হৈ আহিছে ৷ 2012 চনৰ আশে-পাশে তিনিওখন দেশতে পথৰ অংশ উন্নীতকৰণৰ প্ৰকৃত নিৰ্মাণ কাম আৰম্ভ হৈছিল ৷ কিন্তু ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা আৰু নাগৰিক অশান্তিৰ বাবে 30 শতাংশ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷

য়োমে কয়- ‘এতিয়ালৈকে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য মূলতঃ সামুদ্ৰিক আৰু আকাশী পথৰ জৰিয়তে হৈ আছে ৷ কিন্তু উত্তৰ-পূব আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ স্থল সংযোগটোৱেই আছিয়ান দেশসমূহে অধিক আগ্ৰহী কাৰণ তেতিয়া ই এক স্থায়ী বৈশিষ্ট্য হৈ পৰিব ৷”

নিৰাপত্তাৰ দিশৰ পৰা আছিয়ানক উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জড়িত হোৱাৰ পৰা আঁতৰি থকাটো হৈছে বিদ্ৰোহ আৰু বিভিন্ন ৰাজনৈতিক সংগঠনৰ স্বায়ত্তশাসন বা ভাৰতৰ পৰা পূৰ্ণ স্বাধীনতাৰ দাবী আদি বিষয় ৷ হয়তো, তেওঁলোকে ভাবিছে যে তেওঁলোকক অধিক সময়ৰ প্ৰয়োজন ৷ ৰাজনৈতিক স্থিতিশীলতা লাভ কৰিবলৈ অঞ্চলটোক অধিক সময়ৰ প্ৰয়োজন”- য়হোমে কয় ৷

গতিকে, উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বাণিজ্যৰ সম্ভাৱনা কি?

য়োমে কয়- "উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ সম্ভাৱনা হৈছে ইয়াৰ প্ৰাকৃতিক সম্পদ ৷ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূবৰ পৰা প্ৰাথমিক সামগ্ৰী ৰপ্তানি কৰিব পাৰি আৰু নিৰ্মিত সামগ্ৰী নহয় কাৰণ অঞ্চলটোত উদ্যোগ ন্যূনতম ৷ জৈৱিক ফলমূল আৰু শাক-পাচলিৰে এই অঞ্চল চহকী হোৱাৰ বাবে তেওঁলোকে কৃষিভিত্তিক উদ্যোগৰ প্ৰতি আগ্ৰহী ৷ এনে কৃষিজাত সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ তেওঁলোকৰ বাবে আগ্ৰহৰ বিষয় ৷”

আন এটা খণ্ড হ’ল পৰ্যটন ৷ উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় (বৌদ্ধ) সম্পৰ্ক আছে ৷ পৰ্যটন খণ্ডত আছিয়ান দেশসমূহে বিনিয়োগ কৰিব পাৰে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ সম্পদ এনে এক ক্ষেত্ৰ, য’ত আছিয়ানে বিনিয়োগ কৰি লাভৱান হ’ব পাৰে ৷ অঞ্চলটোৰ যুৱক-যুৱতীসকলক সামৰ্থ্য বিকাশ আৰু দক্ষতাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব পাৰি ৷ তাৰ পিচত তেওঁলোকে প্ৰব্ৰজিত শ্ৰমিক হিচাপে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহলৈ যাব পাৰে ৷

য়োমেৰ মতে, আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহে উত্তৰ-পূবৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (SME)তো বিনিয়োগ কৰিব পাৰে ৷ এই সন্দৰ্ভত তেওঁ বাঁহৰ উদাহৰণ উল্লেখ কৰে ৷ কিন্তু এই সকলোবোৰৰ শেষত যেতিয়ালৈকে আছিয়ান ৰাষ্ট্ৰসমূহ উত্তৰ-পূবৰ ৰাজনৈতিক স্থিতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি নিশ্চিত হৈ থাকিব তেতিয়ালৈকে কথাবোৰ আগবাঢ়িব নোৱাৰিব ৷

লগতে পঢ়ক : দলত্যাগৰ ৰাজনীতি আৰু ভাৰতৰ দলত্যাগ-বিৰোধী আইন; বাস্তৱত কিহৰ প্ৰতিফলন ? - Anti Defection Law

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.