জোনাইত দেউৰীসকলৰ বোকা বিহু উদযাপন - Deori Boka Bihu

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 4:02 PM IST

thumbnail

জোনাই,১৮ এপ্ৰিল : অসমত থকা বিভিন্ন জনগোষ্ঠীৰ ৰঙালী বিহু উদযাপনৰ পৰম্পৰা কিছু পৃথক । দেউৰীসকলৰ বিহু উদযাপনৰ ধৰণো কিছু পৃথক । দেউৰীসকলে ব'হাগৰ প্ৰথমটো বুধবাৰে উৰুকা পালন কৰে আৰু তাৰ পিচত বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰিছে দেউৰী বিহু ৷ তাৰ অংশ হিচাপে দেউৰীসকলে বোকা খেলি ইজনে-সিজনক বিহুৰ ওলগ জনায় ৷ ইয়াৰ পিচতে তেওঁলোকে পৰম্পৰা অনুসৰি গৰুক গা ধুৱায় ।

ইফালে উৰুকাৰ নিশাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰত লহৰীয়া আবৰবৰ গাই লোকসকলে আৰম্ভ কৰে দেউৰী বিহু ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জোনাইৰ ৰুহিতপুৰ দেউৰী গাঁৱতো পুৱাৰে পৰা দেউৰী ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । বোকা বিহুক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ দেউৰী জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি পুৱাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰৰ চোতালত শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, বোৱাৰী সকলোৱে বোকা বিহুৰে ইজনে-সিজনৰ গাত বোকা সানি জনাইছে বিহুৰ শুভেচ্ছা ৷

লগতে পঢ়ক : সহস্ৰাধিক নাচনীৰ বিহু নাচত কঁপিল টিংখাং - Rongali Bihu 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.