বোৱতী গংগাত জাঁপ দিয়া মাতৃ-কন্যাক জীৱন্তে উদ্ধাৰ - woman jumps in ganga river in up

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 12:10 PM IST

thumbnail

মৰিগাঁও, 29 এপ্ৰিল : সততে বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যুৰ খবৰে আমনি কৰি থকা অসমবাসীক শেহতীয়াকৈ গৌৰাৱান্বিত কৰিছে দুজনকৈ অসম সন্তানে ৷ বহিঃৰাজ্যত যেন অসমৰ যুৱকৰ প্ৰাণৰ সংশয় আছে, বাতৰিবোৰ পঢ়িলে তেনে অনুভৱ হয় ৷ কিন্তু শেহতীয়াকৈ উত্তৰ প্ৰদেশত দুই অসম সন্তানৰ কৰ্তত্বই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

উত্তৰ প্ৰদেশত নিৰ্বাচনী সুৰক্ষাৰ দায়িত্বত নিয়োজিত দুই অসম সন্তানে গংগা নদীৰ পৰা জীৱন্তে উদ্ধাৰ কৰিলে দুই মাতৃ-কন্যাক ! সমগ্ৰ সামাজিক মাধ্যমত চৰ্চিত 10 এপি বি এনৰ কনিষ্টবল কাশ্যপ ডেকা আৰু হাবিলদাৰ ইন্দ্ৰেশ্বৰ মেধি ।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা মঙলবাৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত সুৰক্ষা কৰ্মী হিচাপে গৈছিল অসমৰ হাবিলদাৰ ইন্দ্ৰেশ্বৰ মেধি আৰু কনিষ্টবল কাশ্যপ ডেকা । কৰ্তব্যথলীত চৰকাৰী দায়িত্ব সমাপন কৰি গৈ গংগা নদীৰ পৰা গংগা জল আনিবলৈ উত্তৰ প্ৰদেশৰ নৰৱৰ ঘাটত উপস্থিত হয় তেওঁলোক । সেই সময়তে পূৰ্বৰ পৰা দলঙৰ ৰেলিঙত লৈ থকা এগৰাকী মহিলাই ডেৰবছৰীয়া কন্যা সন্তানক লৈ আত্মহননৰ বাবে গংগা নদীত জাঁপ দিয়ে ।

প্ৰত্যক্ষ কৰি লগে লগে দুই অসম সন্তানে বোৱতী গংগাত জঁপিয়াই পানীৰ পৰা জীৱন্তে উদ্ধাৰ কৰে মাতৃ-কন্যাক । ইয়াৰ পিচতে মাতৃ-কন্যাক স্থানীয় আৰক্ষীক গতাই দিয়ে তেওঁলোকে । এই সাহসিকতাৰ বাবে সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চিত হৈছে দুই অসম সন্তান ।

লগতে পঢ়ক : পৰীক্ষাত ফেইল : ৭ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা - Students Suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.