সৰু সৰু দোকানত অভিযান; পাইকাৰী দোকানৰ কাষ চাপিব নোখোজে প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিষয়া ! - Ban On Plastic

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:55 PM IST

thumbnail
সাৰি যায় ৰৌ-বৰালি, জালত পৰে পুঠি-খলিহনা, প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ভেঁকো-ভাওনা (ETV Bharat Assam)

মৰাণ, ১৪ মে': পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰা বাবে ৰাজ্যত প্লাষ্টিক বৰ্জন‌ কাৰ্যসূচী গ্ৰহণ কৰিছিল । আনকি প্লাষ্টিকৰ কেৰীবেগ আৰু বটল ব্যৱহাৰ নিষিদ্ধ কৰিছিল ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিলেও ৰাজ্যত প্লাষ্টিকৰ সামগ্ৰী মুক্তভাৱেই প্ৰচলিত হৈ আছে । তেনে সময়ত চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণত মঙলবাৰে প্লাষ্টিক বৰ্জনৰ নামত মৰাণ পৌৰসভা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰই চলাই এক অভিযান । অভিযানত কেৱল মাত্ৰ কেইখনমান ক্ষুদ্ৰ তথা ঠেলাত শাক-পাচলি বিক্ৰেতা, মাংসৰ দোকানী আৰু দুখনমান সৰুসুৰা গেলামালৰ দোকানত সোমাই এক প্ৰকাৰে চলাই এখন ভেকো-ভাওনা ।  

কিন্তু অভিযান চলাবলৈ সাহস নহ'ল গুদাম তথা ডাঙৰ পাইকাৰী দোকানত । এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে স্থানীয় ব্যক্তি তথা সচেতন লোক । স্থানীয় লোকৰ অভিযোগ পাইকাৰী তথা ডাঙৰ গুদামসমূহত অভিযান নচলাই মাত্ৰ দিনটো ব্যৱসায় কৰি পৰিয়াল পোহপাল দি থকা সাধাৰণ বিক্ৰেতাৰ দোকানত পলিথিন বৰ্জনৰ নামত অভিযান চলাই এক ভেকো-ভাওনাহে প্ৰদৰ্শন কৰিছে । এইক্ষেত্ৰত মৰাণ পৌৰসভায়ো ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰে সচেতন লোকে । আনহাতে অভিযানৰ সময়ত সাংবাদিকৰ পৰা আঁতৰি থাকে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিষয়াসকল ।

লগতে পঢ়ক: প্লাষ্টিকমুক্ত পৃথিৱী শ্ল'গানেৰে শিৱসাগৰত বিশ্ব ধৰিত্ৰী দিৱস পালন - World Earth Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.