বৰ্ষাপাৰাত বৰ্ষাই নিদিয়ে বিধি-পথালি, বৃদ্ধি পাব তাপমান - IPL 2024

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:47 PM IST

thumbnail
বৰ্ষাপাৰাত বৰ্ষাই নিদিয়ে বিধি-পথালি, বৃদ্ধি পাব তাপমান (ETV Bharat Assam)

মিৰ্জা,১৪ মে': IPL প্ৰেমীলৈ সু-খবৰ । কাইলৈ গুৱাহাটীস্থিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজত মেচ । কিন্তু বৰ্ষাপাৰাত নপৰে এইবাৰ বৰ্ষাৰ নিৰ্মালি । বৰুণ দেৱতাই বিধি-পথালি নিদিয়ে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত । কিন্তু কিছু তাপমাত্ৰা বৃদ্ধি পাব পাৰে গুৱাহাটী মহানগৰীৰত । এই আগজননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীৰ । বতৰ বিজ্ঞানীয়ে সদৰী কৰা আগজাননী অনুসৰি অহা ২৪ ঘন্টাৰ ভিতৰত অসমকে ধৰি গুৱাহাটী মহানগৰীত নহয় বৰষুণ ।  

আনহাতে অহা ১৫ মে' ত বতৰৰ ক্ষেত্ৰত গুৱাহাটীত বৰষুণ নাহে যদিও গুৱাহাটীত তাপমান প্ৰায় ৩৫ ৰ পৰা ৩৬ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । কাইলৈ কিছু বৃদ্ধি পাব কিছু তাপমান । হয়তো অসমৰ দুই এঠাইত মজলীয়া ধৰণৰ বৰষুণ হ'ব যদিও গৰম বৃদ্ধি পাব এই দুদিনত । তাৰ মাজতে অহা ১৬ মে'ত ৰাজ্যৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীসকলে । 

লগতে পঢ়ক: ঘৰুৱা খেলপথাৰ বুলি বেছি ভাবি থকা নাই; ৰিয়ান পৰাগ - IPL 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.