ETV Bharat / state

Bihu Workshop at Kaliabor : আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

author img

By

Published : Apr 10, 2022, 8:30 AM IST

জখলবন্ধাৰ আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি(Closing ceremony of Bihu Workshop at Kaliabor) ৷ এই কৰ্মশালাত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে বৰ্ষীয়ান ঢুলীয়া ধনেশ্বৰ শইকীয়াই ৷ কৰ্মশালাখনিত প্ৰশিক্ষাৰ্থীসকলক বিহু নৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

closing-ceremony-of-bihu-workshop-at-kaliabor
আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

কলিয়াবৰ, 10 এপ্ৰিল : আৰু মাথো কেইটামান দিনৰ পিছতে ৰাজ্যত উদযাপন কৰা হ’ব ৰঙালী বিহু ৷ যাক কেন্দ্ৰ কৰি চলিছে ৰাজ্যজুৰি প্ৰস্তুতি ৷ ইতিমধ্যে কোনো কোনো স্থানত অনুষ্ঠিত হৈ গৈছে বিহু কৰ্মশালা ৷

কলিয়াবৰৰ জখলাবন্ধাতো ব্ৰহ্মপুত্ৰ বিহু দলৰ উদ্যোগত আঠদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা(Bihu Workshop at Kaliabor) ৷ শুকুৰবাৰে এই আঠদিনীয়া কৰ্মশালাৰ সামৰণি(Closing ceremony of Bihu Workshop at Kaliabor) পৰে ৷ সেই উপলক্ষে কৰ্মশালাৰ শেষৰটো দিনত উপস্থিত থাকে বৰ্ষীয়ান ঢুলীয়া তথা কৰ্মশালাখনিৰ প্ৰশিক্ষক ধনেশ্বৰ শইকীয়া, বিশিষ্ট বিহুৱা বিপুল চেতিয়া ফুকন আৰু খগেন গগৈকে ধৰি প্ৰশিক্ষাৰ্থীসকল আৰু স্থানীয় ৰাইজ ৷ এই কৰ্মশালাত অংশগ্ৰহণ কৰে প্ৰায় 300 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷

closing-ceremony-of-bihu-workshop-at-kaliabor
আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

বৰ্ষীয়ান ঢুলীয়া ধনেশ্বৰ শইকীয়াই 1962 চনৰে পৰা ঢোলবাদনৰ সৈতে জড়িত হৈ আছে ৷ ধেমাজিৰ সীমান্ত তামুলী, বোকাখাতৰ জিতেন শইকীয়া, সোমনাথ বৰা ওজা, লাচিত গগৈৰ শিল্পীসকলক এসময়ত ঢোলবাদনৰ শিক্ষা প্ৰদান কৰিছিল ৷ বয়সেও তলাব নোৱাৰা শিল্পীগৰাকীয়ে বহাগ মাহৰ সাতদিনৰ ভিতৰতে বিহু পালনৰ চৰকাৰী নিৰ্দেশনাৰ ক্ষেত্ৰত অসমৰ দৰে বিভিন্ন জনগোষ্ঠীৰ বিহু পালনৰ সুকীয়া দিন-বাৰ থকাৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে চাওক: বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.