ভূপেন বৰাৰ নতুন নাম ভূপেন আজমল দিলে কোনে ?

By

Published : Apr 9, 2022, 10:15 PM IST

thumbnail

শনিবাৰে নিলম্বিত হৈ থকা কংগ্ৰেছৰ বহুবল্কী বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিলে এক নতুন নাম । ভূপেন আজমল । কিহৰ বাবে শ্বেৰমান আলী আহমেদৰ ইমান বিদ্বেষ ভূপেন বৰাৰ প্ৰতি । নিলম্বিত বিধায়ক গৰাকীয়ে ক'লে - " অসমীয়াত এষাৰ কথা আছে । বাজিব লাগিছিল টেমী কটাৰী, বাজিছে হাঁচতি । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অৱস্থাও তেনেকুৱাই হৈছে । অসমত কংগ্ৰেছৰ যুজঁখন হ’ব লাগিছিল বিজেপিৰ বিৰুদ্ধে । কিন্তু চলিছে এ আই ইউ ডি এফৰ বিৰুদ্ধে । কিয়, কি ৰহস্যত ?" বিধায়ক গৰাকীয়ে আৰু কয় যে ভূপেন বৰাই ইতিমধ্যে ঘোষণা কৰিছে যে ৰমজানৰ পিছতেই এ আই ইউ ডি এফ অধ্যুষিত সমষ্টি সমূহত কংগ্ৰেছে অভিযান চলাই সিবিলাকৰ পৰা এ আই ইউ ডি এফক উৎখাত কৰিব । কংগ্ৰেছে বিজেপিকহে উৎখাত কৰাৰ চেষ্টা কৰিব লাগিছিল । যদি এ আই ইউ ডি এফ অধ্যুষিত অঞ্চল সমূহৰ পৰা কংগ্ৰেছৰ বিধায়ক জয়ী হৈ আহে তেন্তে কংগ্ৰেছৰ ৯৯ শতাংশ বিধায়কেই হব মুছলমান আৰু ইয়াৰে সুযোগ লৈ মুখ্যমন্ত্ৰীয়ে নতুন ব্যাখ্যা দিব যে কংগ্ৰেছ বাংলাদেশীৰ দল । লগে লগে ভূপেন বৰাৰ নাম সলনি হৈ নতুন নাম হ’ব ভূপেন আজমল (Sherman Ali calls Bhupen Bora as Bhupen Ajmal)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.