ETV Bharat / city

তেজপুৰ ভোজখোৱাত ভয়াবহ দুৰ্ঘটনা, এজন মৃত্যু ।

author img

By

Published : Apr 9, 2022, 10:32 PM IST

তেজপুৰ ভোজখোৱাত ভয়াবহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে এজন লোক নিহত হৈছে (one dies in road accident in Tezpur) ৷

one-dies-in-road-accident-in-tezpur
তেজপুৰ ভোজখোৱাত ভয়াবহ দুৰ্ঘটনা, এজন মৃত্যু ।

তেজপুৰ, ৯ এপ্ৰিল : তেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Tezpur) ৷ NH 37 ত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ এই ঘটনাত ইন্টাজুল হক নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বলেৰ', হুণ্ডা চিটি আৰু মেক্সিম' বাহনৰ মাজত সংঘৰ্ষ ৷

বলে'ৰ আৰু হুণ্ডা চিটিৰ সংঘৰ্ষত দুজন লোক প্ৰথমে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে এজন বালিপুখুৰী তিনিআলিৰ দীপু হাজৰিকা ৷ আনজন ভোজখোৱা চাপৰিৰ ইন্টাজুল হক বুলি জানিব পৰা গৈছে । এই ইন্টাজুল হক নামৰ লোকজনৰে এতিয়া মৃত্যু হোৱাৰ কথা জানিব পৰা গৈছে ৷ দুয়োকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক : মহানগৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.