ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 14, 2022, 9:06 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড 27 জনৰ মৃত্যু, বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ

ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড(Delhi’s Mundka Metro Station) ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM arvind kejriwal) ঘটনাস্থলীত উপস্থিত হৈ বিষয়াসকলৰ সৈতে সমগ্ৰ দিশ নিৰীক্ষণ কৰে ৷

কনিষ্টবল নিযুক্তি প্রক্রিয়া: গৃহ বিভাগ, ডিজিপিলৈ ন্যায়ালয়ৰ জাননী

উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া (Assam police constable appointment)। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল একাংশ প্ৰার্থী । উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, গৃহ বিভাগলৈ জাননী জাৰি কৰি অহা বৃহস্পতিবাৰৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশনা জাৰি কৰিছে ।

Assam Police SI Scam: নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সম্পৰ্কত আদালতত শুনানি

অসম আৰক্ষীৰ এছ আইৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ(Assam police SI examination scam)ঘটনাৰ সম্পৰ্কত শুকুৰবাৰে আদালতে ২৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ৷ বিশেষ ন্যায়াধীশৰ আদালতে মুঠ অভিযুক্তৰ ৪১ জনৰ ভিতৰত ১৪ জনক দোষমুক্ত ঘোষণা কৰিছে ।

গোলাঘাটত পিষ্টলসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

গোলাঘাটৰ পৌৰ বজাৰ এলেকাত ড্ৰাগছৰ লগতে পিষ্টল আৰু সজীৱ গুলীসহ আটক এজন লোকক ৷ এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে AS05 M 4532 নম্বৰৰ এখন স্কুটীত টালাচী চলাই প্ৰায় 100 গ্ৰাম ড্ৰাগছ (Drug seized in Golaghat) আৰু অবৈধ পিষ্টলসহ (Arms recover in Golaghat) 15 জাই সজীৱ গুলী জব্দ কৰে ৷ লগতে ঘটনাৰ লগত জড়িত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested by Golaghat Police) ৷ আটকাধীন লোকজন আমজাদ খান বুলি জানিব পৰা গৈছে ৷

গুণোৎসৱে শিক্ষা ব্যবস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰে: অখিল গগৈ

গুণোৎসৱ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ বিজেপি চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যবস্থাটো উন্নত কৰাৰ বিপৰীতে এফালৰ পৰা চৰকাৰী বিদ্যালয় সমূহক মৃত্যুৰ মুখলৈ ঠেলি পঠিওৱা হৈছে (Akhil Gogoi on condition of government schools) ৷ হিমন্তবিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা সময়তে অসমৰ আটাইতকৈ বেছি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে ।

মুখ্যমন্ত্ৰীৰ বাবে বহু পৰিয়ালত বৈছে সুখৰ চকুপানী

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ পিছত লখিমপুৰত প্ৰতিক্ৰিয়া(Reaction in Lakhimpur after appointment in Assam Police Constable) প্ৰকাশ বহুজনৰ ৷ একমাত্ৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে চাকৰি লাভ কৰাতো সপোনৰো অগোচৰ থকা বহু পৰিয়ালৰ সন্তানে লাভ কৰিলে কনিষ্টবল পদত নিযুক্তি ৷ যাৰবাবে সুখৰ চকুপানী বৈছে লখিমপুৰৰ বহু পৰিয়ালৰ মাজত ৷ পৰিয়ালসমূহে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মা(Thanks to CM Dr. Himanta Biswa Sarma) ক ৷

Chardham Yatra : তীৰ্থ যাত্ৰাৰ পথত মৃত্যু 32 জনৰ

চাৰ ধাম যাত্ৰাত মৃত্যুৰ তাণ্ডৱ ৷ বৰ্তমানলৈকে 32 গৰাকী তীৰ্থ যাত্ৰীৰ মৃত্যু (Death toll in Chardham Yatra) ৷ ইয়াৰ ভিতৰত যমুনোত্ৰী ধামৰ পথত 13 গৰাকী, কেদাৰনাথৰ পথত 11 গৰাকী, বদ্ৰীনাথ পথত 5 গৰাকী আৰু গংগোত্ৰী পথত 3 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ত পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু ইউ এন একাডেমীৰ ৰাজনীতি আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত তথা বিটিআৰ শিক্ষা বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হোৱা পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত (PA Changma memorial discussion in Bodoland University) ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে বাংলাদেশ বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তিসকলে যোগদান কৰে ।

Sohail Khan wife: বিবাহৰ 24 বছৰৰ অন্তত চোহেইল আৰু সীমা খানৰ ডিভোৰ্ছৰ আবেদন

মুম্বাইৰ ফেমিলী ক’ৰ্টৰ বাহিৰত দেখা গ’ল চোহেইল খান আৰু তেওঁৰ পত্নী সীমা খানক (Sohail Khan wife) ৷ প্ৰাপ্ত বাতৰি অনুসৰি, চোহেইল সীমাই আবেদন জনাইছে দুয়োৰে ডিভোৰ্ছৰ বাবে ৷

ডিফুত বিজেপিৰ গণ যোগদান কাৰ্যসূচী: উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ডিফুত কংগ্ৰেছৰ ভেটিত তীব্ৰ খহনীয়া । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপি সহ ৮৪২ জনৰ বিজেপিত যোগদান(842 congress person join BJP) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.