ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ত পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

author img

By

Published : May 13, 2022, 10:04 PM IST

Updated : May 13, 2022, 10:23 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু ইউ এন একাডেমীৰ ৰাজনীতি আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত তথা বিটিআৰ শিক্ষা বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হোৱা পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত (PA Changma memorial discussion in Bodoland University) ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে বাংলাদেশ বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তিসকলে যোগদান কৰে ।

p-a-sangma-memorial-lecture-at-bodoland-university
বড়োলেণ্ড বিশ্ববিদ্যালয়ত পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

কোকৰাঝাৰ, ১৩ মে : লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ সোঁৱৰণত পোন প্ৰথমবাৰৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ (PA Changma memorial discussion in Bodoland University) । কোকৰাঝাৰ চহৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি আলোচনা চক্ৰখন আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই (Meghalaya CM Conrad Sangma) ৷

বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু ইউ এন একাডেমীৰ ৰাজনীতি আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত তথা বিটিআৰ শিক্ষা বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হোৱা পি এ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে বাংলাদেশ বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তিসকলে যোগদান কৰে । উক্ত অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (CEM Pramod Boro), মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয় উপাচাৰ্য লাইশ্ৰম লাডু সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়, জিলা উপায়ুক্ত বৰ্ণালী ডেকা, জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বী, অধ্যাপক, প্ৰশাসনিক বিষয়াও উপস্থিত থাকে ।

অনুষ্ঠানৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য অতিথি হিচাপে যোগদান কৰি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা তেঁওৰ পিতৃ প্ৰয়াত পি এ চাংমাৰ (Former Speaker of Lok Sabha P A Sangma) সোঁৱৰণত বড়োলেণ্ড বিশ্ববিদ্যালয়ে লোৱা উদ্যোগক ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী চাংমাই সংবাদমাধ্যমৰ আগত অসম-মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত কয় যে আলোচনা সম্পূৰ্ণ ইতিবাচক আৰু সঠিক পথেৰেই আগবাঢ়িছে ৷ অতি শীঘ্ৰেই দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হব বুলি সদৰী কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইপিনে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ অৱদানক সশ্ৰদ্ধ সোঁৱৰণ কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পদক্ষেপক প্ৰশংসা কৰে । আনহাতে অহা ৮ জুনত কোকিলাবাৰী বিটিআৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হব আৰু তাৰ বাবে তেওঁলোক সাজু বুলি মন্তব্য কৰি তেওঁলোকৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি সদৰী কৰে । কোকিলাবাৰী বিটিআৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচন উপলক্ষে অচিৰেই দলীয় প্ৰাৰ্থী ঘোষণা কৰা হব বুলিও সদৰী কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা

Last Updated :May 13, 2022, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.