ETV Bharat / state

ডিফুত বিজেপিৰ গণ যোগদান কাৰ্যসূচী: উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

author img

By

Published : May 13, 2022, 9:00 PM IST

ডিফুত কংগ্ৰেছৰ ভেটিত তীব্ৰ খহনীয়া । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপি সহ ৮৪২ জনৰ বিজেপিত যোগদান(842 congress person join BJP) ।

bjp mass joining programme at diphu
ডিফুত বিজেপিৰ গণ যোগদান কাৰ্যসূচী: উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ডিফু,১৩ মে': অহা ৮ জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে শাসকীয় দল বিজেপিৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলং জিলাত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita in Karbi Anglong) । শুকুৰবাৰে সভাপতি গৰাকীৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপিসহ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৮ শতাধিক কৰ্মীয়ে ডিফুত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে (842 congress person join BJP) ৷

সভাপতি গৰাকীয়ে শুকুৰবাৰে ডিফু আৰু বোকাজানত দুখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে শনিবাৰে হাওৰাঘাট আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ দুখনকৈ দলীয় সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । শুকুৰবাৰে ডিফুত দলীয় সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তিনিটা ইঞ্জিনৰ দিল্লী, দিছপুৰ আৰু ডিফুত বিজেপি দলৰ নেতৃত্বত ব্যাপক উন্নয়ন হোৱাৰ বাবেই দলটোৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে ।

ডিফুত বিজেপিৰ গণ যোগদান কাৰ্যসূচী: উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

পাহাৰীয়া জিলাখনত বিগত সময়ছোৱাত ভালেখিনি উন্নয়নমূলক কাম-কাজ হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পাহাৰীয়া এলেকাৰ উন্নয়নক লৈ সচেষ্ট বুলি মন্তব্য কৰে । কাৰ্বি আংলঙৰ উন্নয়নক মুখ্যমন্ত্ৰীয়ে এক মিশ্যন হিচাপে লোৱা বুলি উল্লেখ কৰি যোৱা পাঁচটা বছৰত সকলো জাতি-জনগোষ্ঠীৰ সম-বিকাশ আৰু সম-উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম কৰি অহা বুলি কয় ।

কʼৰʼণাৰ সংকটৰ সময়ত চৰকাৰখনে প্ৰদৰ্শন কৰা শক্তিশালী ভূমিকাৰ প্ৰসংগ উল্লেখ কৰি বিজেপি চৰকাৰে আগবঢ়োৱা বিভিন্ন কল্যাণকামী আঁচনিসমূহ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে । বিজেপি দলৰ এনে কৰ্মসূচীৰ বাবে ভাৰত আজি বিশ্বগুৰুৰ স্থানলৈ ধাবিত হোৱা বুলি দাবী কৰি বিজেপিৰ শাসনত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, উজনি -নামনি সকলোতে উন্নয়নৰ বন্যা বোৱা বুলি কয় সভাপতিগৰাকীয়ে ।

বিজেপি দলৰ এনে উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দলৰ পৰাও ভালেসংখ্যক লোকে বিজেপি দলত যোগদানৰ বাবে আগবাঢ়ি অহা বুলি মত প্ৰকাশ কৰি সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত পৰিষদৰ ২৬ খন আসনৰ আটাইকেইখনতে বিজেপি দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে । উল্লেখযোগ্য যে, এই সভাখনতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা দলটোৰ মুখপাত্ৰ ডা° মংৱে ৰংপিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ।

ইয়াৰ উপৰিও বিভিন্ন দলৰ পৰা মুঠ ৮৪২ জনে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । ডিফুৰ সভাৰ পিছতে বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আন এখন দলীয় সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে দলৰ নেতা-কৰ্মীসকলক উজ্জীৱিত কৰি তোলে । আজিৰ সভাত সাংসদ হৰেণছিং বেʼ, বিধায়িকা নন্দিতা গাৰ্লোছা, বিজেপি নেতা বিজয় গুপ্তাকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: Gunotsav Assam 2022 : কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.