পিষ্টল-এয়াৰগানসহ এজনক গ্ৰেপ্তাৰ - Hojai police raid - HOJAI CRIME
🎬 Watch Now: Feature Video

Published : June 13, 2024 at 6:58 PM IST
হোজাই, 13 জুন : হোজাই জিলাৰ চামৰালি বজাৰত বুধবাৰে বিয়লি আৰক্ষীয়ে এক অভিযান চলাই এটা পিষ্টল আৰু এটা এয়াৰগানসহ এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি হোজাই আৰক্ষীৰ ক্ৰাইম ব্রাঞ্চ, মোৰাঝাৰ আৰু চৌধুৰী বজাৰ আৰক্ষীৰ যৌথ অভিযানত আব্দুল মুতলিব নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে লোকজনৰ পৰা 5.56 এম এম পিষ্টল এটা জব্দ কৰিবলৈ সক্ষম হয় ।
তাৰ পিচতেই চামৰালি বজাৰত থকা আব্দুল মুতলিবৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে অন্য এটা এয়াৰগান জব্দ কৰে ৷ আব্দুল মুতলিবৰ ঘৰ চামৰালিত যদিও লোকজন ডিমাপুৰত থাকে বুলি জানিব পৰা গৈছে । লোকজনে ডিমাপুৰৰ পৰা অবৈধভাৱে বন্দুক আনি ব্যৱসায় কৰে বুলি ৰাইজে সন্দেহ প্রকাশ কৰিছে ।
সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোকজনক মাৰথন জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: পল্লা পথত ডকাইতি কাণ্ডৰে জড়িত দুজন ডকাইতক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ - robbery case in nalbari