আপুনি দেখা সপোনে কেনেদৰে প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনত - Dreams
Dreams: প্ৰতিগৰাকী লোকেই ৰাতি টোপনিত সপোন দেখে ৷ প্ৰতিটো সপোনৰ কিছু ফলাফল থাকে ৷ কিন্তু আপোনাৰ সপোন অনুসৰি আপুনি কি ফলাফল পাব পাৰে সেই বিষয়ে আপুনি জানেনে ? আহক আজি এই বিষয়ে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাৰ পৰা জানিবলৈ চেষ্টা কৰো ৷
ৰাতি আপুনি দেখা সপোনে কেনেদৰে প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনত (ETV Bharat)

Published : June 13, 2024 at 6:33 PM IST
গুৱাহাটী, 13 জুন: সপোন প্ৰতিগৰাকী লোকেই দেখে ৷ কেতিয়াবা কোৱা হয় যে ৰাতি দেখা কিছু সপোন ফলিয়াই, কেতিয়াবা আকৌ কিছুমানে এনেই সপোন দেখে ৷ আমাৰ অৱচেতন মস্তিষ্কই ক্ৰিয়া কৰি থকাৰ ফলত আমাৰ মনত থকা কিছু কথা আমি সপোনৰ জৰিয়তে দেখা পাওঁ বুলিও বহুতে কয় ৷ বহু ক্ষেত্ৰত সপোনৰ ভাল-বেয়া ফলাফলৰ ওপৰতো বহুতে বহু কথা কোৱা পৰিলক্ষিত হয় ৷
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV Bharat)
সপোনৰ ফলাফল
- সপোনত ৰঙা শাৰী পিন্ধা মহিলা দেখিলে ধন প্ৰাপ্তি হ'ব পাৰে ৷
- সপোনত কলা ৰঙৰ শাৰী পিন্ধা মহিলা যিয়ে আপোনাৰ লগত তৰ্কত লিপ্ত হৈছে এনে দেখিলে আপোনাৰ হয়তো কোনো সৰু বা ডাঙৰ বিপদ আহিব পাৰে ৷
- হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰা মহিলা দেখিলে আপোনাৰ ঘৰত কিবা নহয় কিবা মাংগলিক কাৰ্য অনুষ্ঠিত হ'বলৈ গৈ আছে ৷
- সপোনত যদি ইজনে আনজনক ফুল দিয়া দেখা পায় বা ফুলৰ বাগিচা দেখা পায়, বা ঘৰতে ফুল ৰোৱা, ফুল চিগা আদি সপোন দেখে তেন্তে আপোনাৰ ঘৰত চলি থকা কিবা অশান্তি নাইকিয়া হ'ব ৷ লগতে সুখ-সমৃদ্ধি আৰু শান্তি আপোনাৰ ঘৰলৈ আহিব ৷
- সপোনত বিধবা মহিলা দেখিলে যিয়ে হাঁহি-ফুৰ্তি কৰি আছে তেনে সপোন দেখিলে আপোনাৰ জীৱনত এনে কিছু ঘটনা ঘটিব যিয়ে আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব ৷
- নিজৰ যদি কিবা বেমাৰ হোৱা দেখে তেন্তে কিবা যদি আগৰ সমস্যা আছে সেয়া নাইকিয়া হ'ব আৰু যদি কিবা বেমাৰত ভুগি আছে তেন্তে সেই বেমাৰৰ পৰা নিৰাময় পোৱাৰ পথ বিচাৰি পাব ৷
- সপোনত যদি আপোনাৰ আইতা, ককা আদিকে ধৰি কোনো পূৰ্বপুৰুষক সঘনাই দেখে তেন্তে এটা কথা জানিব যে তেঁওলোকে আপোনাক সপোনৰ যোগেৰে কিবা বাৰ্তা দিব বিচাৰিছে বা আপুনি এনে কিছু কাম কৰিবলৈ পাহৰি গৈছে যিবোৰ আপোনাক তেওঁলোকে সপোনৰ জৰিয়তে সোঁৱৰাই দিছে ৷
- সপোনত জ্বলি থকা চিতা বা কাৰোবাৰ মৃত্যু হোৱা আদি দেখিলে জীৱনত থকা কৰ্মৰ বাধা সমূহ আঁতৰি যায় ৷
- যদি কম বয়সতে পিতৃহাৰা হয় আৰু কিছুবছৰৰ পিচত সপোনত পিতৃক দেখি থাকে তেন্তে জানিব যে কৰবাত নহয় কৰবাত পিতৃ দোষ আছে ৷
লগতে পঢ়ক: বুধ গ্ৰহৰ পৰিৱৰ্তনত কপাল ফুলিব এই কেইটা ৰাশিৰ জাতক-জাতিকাৰ - Grah Gochar 2024 May

