ETV Bharat / entertainment

Sohail Khan wife: বিবাহৰ 24 বছৰৰ অন্তত চোহেইল আৰু সীমা খানৰ ডিভোৰ্ছৰ আবেদন

author img

By

Published : May 13, 2022, 5:30 PM IST

মুম্বাইৰ ফেমিলী ক’ৰ্টৰ বাহিৰত দেখা গ’ল চোহেইল খান আৰু তেওঁৰ পত্নী সীমা খানক (Sohail Khan wife) ৷ প্ৰাপ্ত বাতৰি অনুসৰি, চোহেইল সীমাই আবেদন জনাইছে দুয়োৰে ডিভোৰ্ছৰ বাবে ৷

Sohail Khan wife
ডিভোৰ্ছৰ আবেদন জনালে চোহেইল খান আৰু সীমা খানে

চিটাৰা ডেস্ক, 13 মে’: ছলমান খানৰ কনিষ্ঠ ভাতৃ তথা অভিনেতা চোহেইল খানে দখল কৰিছে বাতৰিৰ শিৰোনামা ৷ মুম্বাইৰ ফেমিলী ক’ৰ্টৰ বাহিৰত পত্নীৰে সৈতে দেখা গ’ল চোহেইল খানক ৷ তাৰ পিছৰে পৰাই বাতৰিৰ শিৰোনামত আছে দুয়োৰে নাম ৷

জানিবলৈ পোৱা মতে, বিবাহ বিচ্ছেদ বিচাৰিছে চোহেইল আৰু সীমাই (Sohail and Seema Khan relationship) ৷ অৱশ্যে দুয়োপক্ষৰ পৰা এই সম্পৰ্কত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । দুয়ো বিগত কিছু সময় ধৰি বেলেগকৈ আছিল (Seema and Sohail live separately) ।

চোহেইল আৰু সীমা ১৯৯৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল । 2000 চনত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম হৈছিল । তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰৰ নাম নিৰ্বাণ, যাক ৰাছিয়াত ছলমান খানৰ সৈতে দেখা গৈছিল । সেই সময়ত তেওঁ ছলমান খানৰ ছবি 'টাইগাৰ 3'ৰ শ্বুটিং ছেটত অভিনয়ৰ আদি পাঠ শিকি আছিল ।

উল্লেখযোগ্য যে, তেওঁলোকৰ দ্বিতীয় সন্তানটি হৈছিল ছেৰোগেচী পদ্ধতিৰে । যোৱা বছৰ পৰিয়ালটোৱে ইয়োহানৰ দশমটো জন্মদিন উদযাপন কৰিছিল । শুকুৰবাৰে, চোহেইল আৰু সীমাক মুম্বাইৰ ফেমিলী ক’ৰ্টৰ বাহিৰত তেওঁলোকক নিজৰ নিজৰ গাড়ীত দেখা পোৱা গৈছিল ৷

৫১ বছৰীয়া চোহেইল খানে বলীউডৰ বহুতো চলচ্চিত্ৰত অভিনয় কৰিছে, কিন্তু চলচ্চিত্ৰ জগতত তেওঁৰ কেৰিয়াৰ বিশেষ সন্তোষজনক নহয় । 'মেইনে দিল তুঝকো দিয়া' (২০০২) চলচ্চিত্ৰৰ দ্বাৰা তেওঁৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল । অভিনেতাজনক এতিয়ালৈকে শেষৰবাৰৰ বাবে 2019 চনত জ্যেষ্ঠ ভাতৃ ছলমান খানৰ 'দাবাং 3' ত এজন আৰক্ষী পৰিদৰ্শকৰ চৰিত্ৰত দেখা গৈছিল ।

লগতে পঢ়ক: মোহময়ী তাৰকা ছানী লিয়নীৰ আজি 41 বছৰীয়া জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.