ETV Bharat / state

Assam Police SI Scam: নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সম্পৰ্কত আদালতত শুনানি

author img

By

Published : May 13, 2022, 10:29 PM IST

Assam Police SI Scam
নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সম্পৰ্কত আদালতত শুনানি

অসম আৰক্ষীৰ এছ আইৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ(Assam police SI examination scam)ঘটনাৰ সম্পৰ্কত শুকুৰবাৰে আদালতে ২৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ৷ বিশেষ ন্যায়াধীশৰ আদালতে মুঠ অভিযুক্তৰ ৪১ জনৰ ভিতৰত ১৪ জনক দোষমুক্ত ঘোষণা কৰিছে ।

গুৱাহাটী, 13 মে’: ২০২০ চনৰ ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এছ আইৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ(Assam police SI examination scam) ঘটনাৰ সম্পৰ্কত শুকুৰবাৰে মহানগৰীৰ বিশেষ ন্যায়াধীশৰ আদালতে ২৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল সম্পন্ন কৰে । বিশেষ ন্যায়াধীশৰ আদালতে মুঠ অভিযুক্তৰ ৪১ জনৰ ভিতৰত ১৪ জনক দোষমুক্ত ঘোষণা কৰিছে ।

অভিযোগনামাত আৰোপ কৰা ২৭ জনৰ বিৰুদ্ধে এতিয়া বিশেষ ন্যায়াধীশৰ আদালতত পৰৱৰ্তী সময়ত বিচাৰ চলিব । বিশেষ ন্যায়াধীশৰ আদালতে অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ মূল নায়ক আৰক্ষী বিষয়া পি কে দত্তৰ(DIG Prashanta Kumar Dutta) বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৮ নং ধাৰা আৰোপ কৰিছে । আকৌ বিশেষ ন্যায়াধীশ আদালতে অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ আন এগৰাকী নায়ক আৰক্ষী বিষয়া সঞ্জীৱ কৃষ্ণৰ(Kumar Sanjit Krishna) বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৭(A), (B),(C) আৰু ১৩(২) ধাৰা আৰোপ কৰিছে ।

আনহাতে আন এক অভিযুক্ত দিবন ডেকাৰ বিৰুদ্ধে আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(B)/২০১/২০৪/৪২০ ধাৰা আৰোপ কৰে ।

লগতে পঢ়ক: কনিষ্টবল নিযুক্তি প্রক্রিয়া: গৃহ বিভাগ, ডিজিপিলৈ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.