ETV Bharat / bharat

Chardham Yatra : তীৰ্থ যাত্ৰাৰ পথত মৃত্যু 32 জনৰ

author img

By

Published : May 13, 2022, 8:42 PM IST

চাৰ ধাম যাত্ৰাত মৃত্যুৰ তাণ্ডৱ ৷ বৰ্তমানলৈকে 32 গৰাকী তীৰ্থ যাত্ৰীৰ মৃত্যু (Death toll in Chardham Yatra) ৷ ইয়াৰ ভিতৰত যমুনোত্ৰী ধামৰ পথত 13 গৰাকী, কেদাৰনাথৰ পথত 11 গৰাকী, বদ্ৰীনাথ পথত 5 গৰাকী আৰু গংগোত্ৰী পথত 3 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে ৷

Chardham Yatra
Chardham Yatra

নিউজ ডেস্ক, 13 মে’: যমুনোত্ৰী পদযাত্ৰাৰ যাত্ৰাপথত পুনৰ মৃত্যু হৈছে দুগৰাকী তীৰ্থযাত্ৰীৰ (Two pilgrims died on Yamunotri dham yatra) ৷ বিহাৰৰ নিবাসী এগৰাকী ব্যক্তিৰ যাত্ৰা পথত পিচলি মৃত্যু হয় ৷ আনহাতে, গুজৰাটৰ এগৰাকী তীৰ্থযাত্ৰীৰ হৃৎক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে ৷ বৰ্তমানলৈকে যমুনোত্ৰী ধাম যাত্ৰাত 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে আৰু ইয়াৰে 12 গৰাকীৰেই মৃত্যু হৃৎক্ৰিয়া বন্ধ হোৱাৰ ফলত হৈছে ৷

তথ্য অনুসৰি চাৰ ধাম যাত্ৰাত বৰ্তমানলৈকে 32 গৰাকী তীৰ্থ যাত্ৰীৰ মৃত্যু হৈছে (Death toll in Chardham Yatra)৷ ইয়াৰ ভিতৰত যমুনোত্ৰী ধামৰ পথত 13 গৰাকী, কেদাৰনাথৰ পথত 11 গৰাকী, বদ্ৰীনাথ পথত 5 গৰাকী আৰু গংগোত্ৰী পথত 3 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে ৷ বৃহস্পতিবাৰে যমুনোত্ৰী পদযাত্ৰাৰ পথত বিহাৰৰ ৰামবাবু প্ৰসাদ নামৰ 65 বছৰীয়া লোকজন পিচলি পৰি আহত হয় ৷ আহত লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷

একেদৰে, গুজৰাটৰ কবীৰ প্ৰকাশ চন্দ্ৰ নামৰ লোকজনে যমুনোত্ৰী ধাম দৰ্শন কৰি ওভতাৰ পথত শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগে ৷ ততাতৈয়াকৈ তেওঁক চট্টী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁকো চিকিৎসকে মৃত ঘোষণা কৰে ৷

লগতে পঢ়ক : ছোনিয়া গান্ধীৰ মুখত পৰিৱৰ্তনৰ পাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.