ETV Bharat / bharat

ছোনিয়া গান্ধীৰ মুখত পৰিৱৰ্তনৰ পাঠ

author img

By

Published : May 13, 2022, 6:56 PM IST

শুকুৰবাৰে এটা চিন্তন শিৱিৰত উপস্থিত হৈ পৰিৱৰ্তনৰ কথা ক’লে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে (Sonia Gandhi in Chintan Shivir)৷ দলটো জীয়াই থাকিবলৈ আৰু পুনৰুত্থান ঘটিবলৈ হ’লে পৰিৱৰ্তন অতি জৰুৰী বুলি উল্লেখ কৰি এইক্ষেত্ৰত ত্যাগ আৰু সাহসৰ মনোভাৱ প্ৰদৰ্শন কৰিব লাগিব বুলিও কয় কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে ৷

Sonia Gandhi in Chintan Shivir
Sonia Gandhi in Chintan Shivir

নিউজ ডেস্ক, 13 মে’: পৰিৱৰ্তনৰ প্ৰয়োজন আহি পৰিছে দেশৰ অন্যতম পুৰণি ৰাজনৈতিক দল কংগ্ৰেছত ৷ কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে শুকুৰবাৰে চিন্তন শিৱিৰ মুকলি কৰি দিয়া ভাষণত কয় যে, পৰিৱৰ্তনৰ ক্ষেত্ৰত দলটো নমনীয় হ’ব বুলি জনতাই আশা কৰিছে (Sonia Gandhi in Chintan Shivir)৷ এতিয়া পৰিৱৰ্তন সাধনৰ সময় আৰু পৰিৱৰ্তন নিশ্চয় হ’ব ৷ দলটো জীয়াই থাকিবলৈ আৰু পুনৰুত্থান ঘটিবলৈ হ’লে পৰিৱৰ্তন অতি জৰুৰী বুলি উল্লেখ কৰি এইক্ষেত্ৰত ত্যাগ আৰু সাহসৰ মনোভাৱ প্ৰদৰ্শন কৰিব লাগিব বুলিও কয় ছোনিয়া গান্ধীয়ে (Sonia Gandhi on changes of congress) ৷

কংগ্ৰেছৰ মুৰব্বী গৰাকীয়ে লগতে কয় যে, দলটোৰ বাবে এটা সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন ৷ দেশত দলৰ স্থিতি পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি লোৱা উচিত ৷ দলৰ নেতা-সদস্যসকলক একগোট হৈ থাকিবলৈও আহ্বান জনায় ছোনিয়া গান্ধীয়ে ৷ তেওঁ কয় যে, শেহতীয়া নিৰ্বাচনত পৰাজয় আৰু ভৱিষ্যত জয়ৰ বাবে প্ৰয়োজনীয় সংগ্ৰাম সন্দৰ্ভত তেওঁ অৱগত আছিল ৷

কংগ্ৰেছৰ নেতাসকলক তেওঁ সোঁৱৰাই দিয়ে যে, এতিয়া দলক উচিত প্ৰতিদান দিয়াৰ সময় ৷ দলৰ স্বাৰ্থত সকলোৱে ব্যক্তিগত উচ্চাকাংক্ষাক কিছু পৰিমাণে আওকাণ কৰিব লাগিব বুলি মন্তব্য কৰে নেত্ৰীগৰাকীয়ে ৷ দেশখনে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমূহৰ কথা উল্লেখ কৰি ইযাৰ বাবে মোদী চৰকাৰক জগৰীয়া কৰে ছোনিয়া গান্ধীয়ে ৷ দলটোক পুনৰ উত্থানৰ বাবে ইয়াৰ ৰণনীতি আৰু নিয়মীয়া কাম-কাজৰ পদ্ধতি সলনি কৰাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ নেতাসকলক ৰাজহুৱাভাৱে ভিন্নমত নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ৷ চিন্তন শিবিৰৰ আলোচনাৰ সময়ত নেতাসকলে নিজকে মুক্তভাৱে প্ৰকাশ কৰিব পাৰে বুলি নেত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ চৰকাৰৰ নীতিসমূহ সমালোচনা কৰি ছোনিয়া গান্ধীয়ে কয় যে, এই নীতিসমূহে জনসাধাৰণক হাৰাশাস্তি কৰিছে ৷ চৰকাৰৰ এই নীতিসমূহৰ বাবে দেশে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ সহকৰ্মীসকলে দেশখনক নিৰন্তৰ মেৰুকৰণ আৰু ভয়ৰ মাজত ৰাখিব বিচাৰে বুলিও কয় তেওঁ (Sonia Gandhi slams Modi government) ৷

কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কেন্দ্ৰই সংখ্যালঘুসকলক ভুক্তভোগী কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে তেওঁলোক সমাজৰ এক অবিচ্ছেদ্য অংশ । কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি বিজেপিয়ে ৰাজনৈতিক প্ৰতিদ্বন্দীসকলক বিভিন্ন গোচৰৰ ভিত্তিত কাৰাগাৰলৈ পঠিওৱাৰ অভিযোগ উত্থাপন কৰে ছোনিয়া গান্ধীয়ে ৷ তাৰোপৰি দলটোৱে ইতিহাস সলনি কৰিব খুজিছে বুলিও তেওঁ অভিযোগ কৰে ৷

লগতে পঢ়ক : ভাৰতক প্ৰশংসা শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.