ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বাবে বহু পৰিয়ালত বৈছে সুখৰ চকুপানী

author img

By

Published : May 14, 2022, 8:58 AM IST

Updated : May 14, 2022, 9:14 AM IST

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ পিছত লখিমপুৰত প্ৰতিক্ৰিয়া(Reaction in Lakhimpur after appointment in Assam Police Constable) প্ৰকাশ বহুজনৰ ৷ একমাত্ৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে চাকৰি লাভ কৰাতো সপোনৰো অগোচৰ থকা বহু পৰিয়ালৰ সন্তানে লাভ কৰিলে কনিষ্টবল পদত নিযুক্তি ৷ যাৰবাবে সুখৰ চকুপানী বৈছে লখিমপুৰৰ বহু পৰিয়ালৰ মাজত ৷ পৰিয়ালসমূহে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মা(Thanks to CM Dr. Himanta Biswa Sarma) ক ৷

Reaction in Lakhimpur after appointment in Assam Police Constable
মুখ্যমন্ত্ৰীৰ বাবে বহু পৰিয়ালত বৈছে সুখৰ চকুপানী

লখিমপুৰ, 14 মে’ : অসম আৰক্ষীৰ কনিষ্টবল পদৰ ফলাফল ঘোষণা(Assam Police Recruitment Results Announced) ৰ পিছতে বহু পৰিয়ালত বৈছে সুখৰ চকুপানী ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহু পৰিয়ালৰ যুৱক-যুৱতীয়ে লাভ কৰিছে চাকৰি ৷ বহু পৰিয়ালৰ সপোন স্বৰূপ এই চাকৰি লাভে পৰিয়ালসমূহলৈ আনিছে আনন্দৰ বন্যা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হিচাপে গ্ৰহণ কৰা এনে কাৰ্যই প্ৰশংসা লাভ কৰিছে সকলোৰে ৷

লখিমপুৰৰ বহু দৰিদ্ৰ পৰিয়ালৰ বাবে এক সপোন স্বৰূপ আছিল এটা চাকৰি লাভ কৰাতো ৷ কিন্তু সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰাৰ্থীসকলে চাকৰি লাভ কৰাত আনন্দিত হৈ পৰিছে প্ৰতিগৰাকী লোক(Reaction in Lakhimpur after appointment in Assam Police Constable) ৷ উৰুখা পঁজাত হুকহুকাই কান্দিছে বহু লোকে । আচলেৰে চকুলো মচি উচুপিব ধৰিছে মাতৃয়ে । এয়া মাথো আনন্দৰ চকুলোহে ৷

হুকহুকাই কান্দি, চকুলো মচি সকলোৱে লৈছে কেৱল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Thanks to CM Dr. Himanta Biswa Sarma) ৰ নাম । যোৱা দুদিন ধৰি বহু পৰিয়ালত বিৰাজ কৰিছে একেই পৰিৱেশ । বহু পৰিয়ালৰ বাবে কল্পনাতীত আছিল এটা চৰকাৰী চাকৰি ৷ কিন্তু দুদিন পূৰ্বে ঘোষণা কৰা কনিষ্টবল চাকৰিৰ ফলাফলত নিৰ্বাচিত হয় সেই পৰিয়ালৰ সন্তান ।

লখিমপুৰত অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ পিছত প্ৰতিক্ৰিয়া

দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা পৰিয়ালৰ সন্তানে কনিষ্টবলৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱাত পিতৃ-মাতৃয়ে উথলি উঠা আনন্দৰ অশ্রু সামৰিব পৰা নাই ৷ লখিমপুৰৰ হাৰমতি, বছাগাঁও আদি বিভিন্ন স্থানত একেই পৰিৱেশ দেখা গৈছে ।

নিকা আৰু স্বচ্ছতাৰ ভিত্তিত চৰকাৰে নিযুক্তি প্ৰদান কৰা কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ অধিকাংশ পৰিয়ালে দীৰ্ঘদিনে আৰ্থিক দুৰ্বল অৱস্থাৰ মাজেৰে দিন পাৰ কৰাৰ পিছত তেওঁলোকৰ সন্তানে খাকী পোছাক পৰিধান কৰি দেশমাতৃৰ সেৱাত নিয়োজিত হ’ব ৷ তাকে ভাবি সুখৰ লোতক নিগৰাইছে লখিমপুৰৰ বহু পৰিয়ালে ৷

লগতে চাওক: কনিষ্টবল নিযুক্তি প্রক্রিয়া: গৃহ বিভাগ, ডিজিপিলৈ ন্যায়ালয়ৰ জাননী

Last Updated :May 14, 2022, 9:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.