ETV Bharat / bharat

কন্যাকুমাৰীত ধ্যানমগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi Begins Dhyan

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:55 PM IST

PM Narendra Modi : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত 'ধ্যান' প্ৰবাহৰ বাবে উপস্থিত হয় ৷

PM Modi Begins 'Dhyan' At Kanyakumari Vivekananda Rock Memorial
কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যানমগ্ন নৰেন্দ্ৰ মোদী (ETV BHARAT ENGLISH)

নেশ্যনেল ডেস্ক, 30 মে’ : এইবাৰ সাধুৰ ৰূপত দেখা যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া তামিলনাডুৰ বিখ্যাত বিবেকানন্দ ৰক মেম'ৰিয়েলত 45 ঘণ্টা দীঘলীয়া ধ্যান আৰম্ভ কৰে । আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে তিৰুৱন্তপুৰমৰ পৰা হেলিকপ্টাৰেৰে কন্যাকুমাৰীত উপস্থিত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ভাগৱতী আম্মা মন্দিৰত পূজা কৰে আৰু ফেৰী সেৱাৰ জৰিয়তে শিলস্মাৰকত উপস্থিত হয় ৷ তেওঁৰ এই ধ্যান অহা 1 জুনলৈকে চলিব বুলি জানিব পৰা গৈছে ৷

ধুতি আৰু বগা শ্ব’ল পৰিধান কৰি মোদীয়ে মন্দিৰত প্ৰাৰ্থনা কৰিছিল আৰু 'গৰ্ভগ্ৰীহা' পৰিক্ৰমা কৰিছিল । পুৰোহিতসকলে এটা বিশেষ আৰতি প্ৰদৰ্শন কৰিছিল আৰু তাৰ পিচতেই প্ৰধানমন্ত্ৰীগৰাকীক মন্দিৰৰ 'প্ৰসাদ' দিয়া হৈছিল ৷ প্ৰসাদস্বৰূপে মোদীক মন্দিৰৰ পূজনীয় দেৱতা গৰাকীৰ ফটো সম্বলিত এখন আলোকচিত্ৰ আৰু এখন শ্ব’ল প্ৰদান কৰা হৈছিল ৷ পিচত, তেওঁ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত শ্বিপিং কৰ্পোৰেশ্যনৰ দ্বাৰা পৰিচালিত ফেৰী সেৱাৰ দ্বাৰা শিলস্মাৰকত উপস্থিত হৈছিল আৰু 'ধ্যান মণ্ডপ'ত ধ্যান আৰম্ভ কৰিছিল ।

ধ্যান অনুশীলন আৰম্ভ কৰাৰ পূৰ্বে কিছু সময়ৰ বাবে মোদীয়ে মণ্ডপলৈ যোৱা ষ্টেপকেইটাত থিয় হৈ চাৰিওফালৰ মনোমোহা দৃশ্য উপভোগ কৰে ৷ স্মাৰকৰ চাৰিওফালে আৱৰি থকা সাগৰৰ দৃশ্য সঁচাকৈয়ে অতুলনীয় আছিল ৷ অহা 1 জুনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যানভংগ কৰি প্ৰস্থান কৰাৰ পূৰ্বে স্মাৰকৰ কাষত থকা তিৰুভাল্লুভাৰৰ মূৰ্তি পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে । এই শিলস্মাৰক আৰু 133 ফুটৰ তিৰুভাল্লুভাৰৰ মূৰ্তি দুয়োটা এটা সৰু দ্বীপৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ৷

মোদীৰ ধ্যানকালত শিলস্মাৰকটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ 1892 চনৰ শেষৰ ফালে সাগৰৰ মাজৰ এই শিলৰ ওপৰত ধ্যান কৰা স্বামী বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতুকে এই স্মাৰকটো নিৰ্মাণ কৰা হৈছিল ৷

লোকসভা নিৰ্বাচনৰ ভীষণ ব্যস্ততা তথা প্ৰচাৰ, ৰোড শ্ব' আৰু ৰেলীৰ দৰে বহুতো ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক শান্ত পৰিৱেশত ধ্যান কৰিবলৈ মনস্থ কৰিছে ৷

লগতে পঢ়ক: পুৰীত আতচবাজী বিস্ফোৰণত নিহত 3 গৰাকী, আহতৰ সংখ্যা 30 - Firecracker Explosion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.