ETV Bharat / bharat

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড 27 জনৰ মৃত্যু, বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ

author img

By

Published : May 14, 2022, 8:33 AM IST

Updated : May 14, 2022, 8:38 AM IST

ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড(Delhi’s Mundka Metro Station) ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM arvind kejriwal) ঘটনাস্থলীত উপস্থিত হৈ বিষয়াসকলৰ সৈতে সমগ্ৰ দিশ নিৰীক্ষণ কৰে ৷

27 killed 12 injured in mundka fire
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড ২০ জনৰ মৃত্যু

নিউজ ডেস্ক, 14 মে’ : দিল্লীৰ মুণ্ডকা অঞ্চলৰ এটা তিনিমহলীয়া গুদামত শুকুৰবাৰে সংঘটিত ভয়াবহ অগ্নিকাণ্ডত প্ৰায় 27 জন লোকৰ মৃত্যু হয়(Delhi’s Mundka Metro Station) ৷ এই ঘটনাত আন 12 জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়(27 killed 12 injured in mundka fire) । অগ্নিদগ্ধ লোকসকলক ততাতৈয়াকৈ সঞ্জয় গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

27 killed 12 injured in mundka fire
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড ২০ জনৰ মৃত্যু

মুণ্ডকা মেট্ৰ' পিলাৰ নং 544-ৰ ওচৰৰ ৰোহতক ৰোডৰ চিচিটিভি কেমেৰা আৰু ৰাউটাৰ নিৰ্মাণ কৰা প্ৰতিষ্ঠানৰ লগতে অন্যান্য-কাৰ্যালয় থকা এটা তিনিমহলীয়া ভৱনত এই অগ্নিকাণ্ড সংঘটিত হয় । শুকুৰবাৰে বিয়লি প্ৰথমে ভৱনটোৰ প্ৰথম মহলাৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ধোঁৱাই গোটেই অট্টালিকাটো ভৰাই তোলে ।

এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোত বিশৃংখল পৰিবেশে দেখা দিয়ে । ঘটনাস্থলীত প্ৰায় 30 খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ প্ৰায় ৬০ জন লোকক উদ্ধাৰ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী চৰকাৰৰ মন্ত্ৰী সতেন্দ্ৰ জৈনে এই ঘটনাত শোক প্ৰকাশ কৰিছে ।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ঘটনাস্থলীত উপস্থিত হৈ বিষয়াসকলৰ সৈতে সমগ্ৰ দিশ নিৰীক্ষণ কৰিছে(Delhi CM arvind kejriwal) ৷ তেওঁ এই ঘটনাত শোক প্ৰকাশ কৰি সোনকালে লোকসকলৰ উদ্ধাৰ কৰাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Chardham Yatra : তীৰ্থ যাত্ৰাৰ পথত মৃত্যু 32 জনৰ

Last Updated :May 14, 2022, 8:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.