ETV Bharat / state

কাৰ্বি আংলঙৰ খানদাং জলবিদ্যুৎ প্ৰকল্পই নগাঁৱত সৃষ্টি কৰিছে ভাবুকি - Remal effects in Assam

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:28 PM IST

Flood in Nagaon : ৰেমলৰ ধ্বংসলীলাৰ পাচত নগাঁৱৰ কামপুৰত বানে লৈছে সংহাৰী ৰূপ । কাৰ্বি আংলঙৰ খানদাং জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে ভাবুকি । হোৰাহোৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ । কামপুৰত ছিগিল মথাউৰি । বহু গাঁও প্লাৱিত ।

Flood in Nagaon
নগাঁৱত বান পৰিস্থিতি (ETV Bharat Assam)

নগাঁও, ৩০ মে' : ৰাজ্যত ৰেমলৰ প্ৰভাৱ এতিয়াও কমা নাই । সাগৰীয় ঘূৰ্ণি ৰেমলে ৰাজ্যৰ বিভিন্ন স্থানত তাণ্ডৱ চলোৱাৰ পিচত এইবাৰ ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে বান পৰিস্থিতি । বাৰিষা নৌপৰোঁতেই ইতিমধ্যে ৰাজ্যৰ আঠখনকৈ জিলা প্ৰথমটো বানৰ কবলত পৰিছে । ব্যতিক্ৰম নহয় নগাঁও জিলাও ।

নগাঁৱত বান পৰিস্থিতি (ETV Bharat Assam)

উল্লেখ্য, ৰেমলে একপ্ৰকপ্ৰাৰ ধ্বংসলীলা চলাই যোৱাৰ পাচতেই কাৰ্বি আংলং জিলাৰ খানদাং জলবিদ্যুৎ প্ৰকল্পই এতিয়া ভাবুকি কঢ়িয়াই আনিছে নগাঁৱৰ বহুকেইটা অঞ্চললৈ । কিয়নো ইতিমধ্যেই এৰি দিয়া হৈছে কাৰ্বি আংলঙৰ খানদাং জলবিদ্যুৎ প্ৰকল্পৰ পানী । খানদাং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ পাচতেই ফেনে-ফোটোকাৰে বাঢ়িব ধৰিছে কপিলী নৈৰ জলপৃষ্ঠ ।

সম্প্ৰতি বিপদসীমা অতিক্ৰম কৰা কপিলী নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যেই কামপুৰৰ পতিয়াপামৰ মথাউৰি ছিগি নিয়াৰ ফলত কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে । কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ 20 খনৰো অধিক গাঁও বৃহস্পতিবাৰৰ দিনটোত জলমগ্ন হোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে, বৃহস্পতিবাৰেও কপিলীৰ জলস্তৰ বৃদ্ধি পোৱাত সম্প্ৰতি আশ্ৰয়ৰ বাবে বহু পৰিয়ালে হাহাকাৰ কৰিবলগীয়া পৰিবেশৰো সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে 20 খনৰো অধিক গাঁৱৰ কিমান পৰিয়াল বছৰৰ প্ৰথমটো বানত আক্ৰান্ত হৈছে এই তথ্য এই মুহূৰ্তলৈকে চৰকাৰীভাৱে ৰাজহুৱা কৰা নাই । কিন্তু বৃহত্তৰ কামপুৰ অঞ্চলৰ সহস্ৰাধিক পৰিয়াল এই বানত আক্রান্ত হোৱা বুলি স্থানীয় একাংশই ধাৰণা কৰিছে । আনকি ঘৰৰ ভিতৰলৈকে বাঢ়নী পানী প্ৰৱেশ কৰাত বহু পৰিয়াল ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰাৰো খবৰ পোৱা গৈছে ।

অৱশ্যে এছ ডি আৰ এফৰ সহযোগত বানত আবদ্ধ পৰিয়ালৰ লোকসকলক উদ্ধাৰৰ বাবে পলমকৈ হ'লেও ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । আনহাতে, বহু পৰিয়াল নিজাববীয়াকৈ নিৰাপদ স্থানলৈ ঢাপলি মেলা বুলিও জানিব পৰা গৈছে । কপিলীৰ বাঢ়নী পানীয়ে কামপুৰ-বৈঠলাংচু গড়কাপ্তানী পথলৈয়ো ভাবুকি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক :লখিমপুৰত অব্যাহত ৰেমলৰ প্ৰভাৱ: ব্যাহত যাতায়াত, বিপদসীমাৰ ওপৰত নদীৰ জলপৃষ্ঠ - Remal Effects In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.