ETV Bharat / state

গুণোৎসৱে শিক্ষা ব্যবস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰে: অখিল গগৈ

author img

By

Published : May 13, 2022, 8:55 PM IST

গুণোৎসৱ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ বিজেপি চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যবস্থাটো উন্নত কৰাৰ বিপৰীতে এফালৰ পৰা চৰকাৰী বিদ্যালয় সমূহক মৃত্যুৰ মুখলৈ ঠেলি পঠিওৱা হৈছে (Akhil Gogoi on condition of government schools) ৷ হিমন্তবিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা সময়তে অসমৰ আটাইতকৈ বেছি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে ।

akhil-gogoi-react-on-gunotshav
গুণোৎসৱে শিক্ষা ব্যবস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰে: অখিল গগৈ

বিশ্বনাথ, ১৩ মে: ৰাজ্যৰ বিদ্যালয় সমূহত গুণোৎসৱ চলি থকা সময়তে গুণোৎসৱ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে ৷ আজি বিশ্বনাথৰ বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ সৈতে মত বিনিময় কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত শিৱসাগৰৰ বিধায়ক গৰাকীয়ে আৰু কয় যে গুণোৎসৱে আচলতে অসমৰ শিক্ষা ব্যৱস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰে ।

গুণোৎসৱে শিক্ষা ব্যবস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰে: অখিল গগৈ

তেওঁ কয়, " মোৰ নিজৰ সমষ্টিতে দেখিছো বেছিভাগ বিদ্যালয়তে পানী পৰে ৷ যিখন বিদ্যালয়ৰ বিল্ডিং ভঙা, সেইবোৰ বিদ্যালয়ত গুণোৎসৱ পতিলে কিবা লাভ হব জানো । বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ তুলনাত শিক্ষকৰ অভাব ।

বিজেপি চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যবস্থাটো উন্নত কৰাৰ বিপৰীতে এফালৰ পৰা চৰকাৰী বিদ্যালয় সমূহক মৃত্যুৰ মুখলৈ ঠেলি পঠিওৱা হৈছে ৷ হিমন্তবিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ (Himanta Biswa as education minister) দায়িত্বত থকা সময়তে অসমৰ আটাইতকৈ বেছি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে ।"

লগতে পঢ়ক: Gunotsav Assam 2022 : কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.