এক শ্বাসৰুদ্ধকৰ অধ্যায় ! বৰপেটাত ট্ৰেন্সমিশ্যন টাৱাৰত উঠিল পশ্চিমবংগৰ যুৱক - Man climbs up electric pole - SHOCKING INCIDENT ASSAM

🎬 Watch Now: Feature Video

thumbnail
বৰপেটাত ট্ৰেন্সমিশ্যন টাৱাৰত উঠিল পশ্চিমবংগৰ যুৱক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 8:01 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা, ১৩ জুন : দৃশ্যটো সেই শ্বোলে ছবিৰ এটা দৃশ্যৰ দৰেই ৷ সেই যে ধৰ্মেন্দ্ৰ পানী টেংকিত উঠিছিল হেমা মালিনীৰ বাবে ! একেই ঘটনা সংঘটিত হ’ল বৰপেটাত ৷ বৰপেটাৰ গলিয়াটোল গেটৰ সমীপত এজন যুৱক উঠিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটাত ৷ যুৱকজনক খুঁটাৰ পৰা নমাই আনিবলৈ ঘটনাস্থলীত উপস্থিত হয় বজালী আৰক্ষী, এছ ডি আৰ এফ, দণ্ডাধীশ পৰ্যন্ত ৷

ব্যক্তিগৰাকী পশ্চিম বংগৰ সঞ্জয় মাঝি বুলি জানিব পৰা গৈছে ৷ খুঁটাৰ পৰা নামি আহিবলৈ আৰক্ষীয়ে মাইকযোগে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো কাণসাৰ নিদিলে যুৱকজনে ৷ যুৱকজনৰ পত্নীৰ সৈতে যোগাযোগ কৰি কথা পাতি মাইকত লগাই দিয়াৰ পিচতো তেওঁৰ কাণসাৰ নাই ৷ মুঠতে নামি নাহে ৷ খুঁটাৰ ওপৰৰ পৰা এটা সময়ত তেওঁ দাবী কৰিলে যে ইণ্ডিয়ান আৰ্মী আহিব লাগিব ৷ কেৱল সিমানেই নহয়, তেওঁক লৈ যাব লাগিব হেলিকপ্টাৰেৰে ৷

বৃহস্পতিবাৰে পুৱা বিদ্যুতৰ খুঁটাত উঠা সঞ্জয় মাঝি দুপৰীয়া কিছু তললৈ নামি আহিছিল যদিও হেলিকপ্টাৰ অহা নাই বাবে তেওঁ আকৌ ওপৰলৈ উঠিল ৷ পৰৱৰ্তী সময়ত সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া ইলা বনিয়াৰ কৌশলত তললৈ নামি আহিল যুৱকজন ৷ বিষয়াজনে সমুখৰ পৰা তেওঁৰ লগত কথা পতাত ব্যস্ত থকাৰ সুযোগ লৈ খুঁটাৰ ওপৰত উঠি পিচফালৰ পৰা পিটাৰ নামৰ এজন যুৱকে তেওঁক থাপ মাৰি ধৰে ৷ যুৱকজনে পিটাৰক আক্ৰমণো কৰে ৷

লগে লগে এছ ডি আৰ এফৰ কেবাজনো জোৱান গৈ তেওঁক তললৈ নমাই আনে ৷ অৱশেষত ৮-৯ ঘণ্টাৰ পিচত বহু ঘাট-প্ৰতিঘাটৰ অন্তত সঞ্জয় মাঝিক উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক: বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details