ETV Bharat / politics

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক: কি কি সিদ্ধান্ত ল’লে কেবিনেটত ? - Arunachal Pradesh Cabinet Meeting

CM Pema Khandu: মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণৰ পিচত বৃহস্পতিবাৰে প্ৰথমখন কেবিনেট বৈঠক আহ্বান কৰে পেমা খাণ্ডুৱে ৷ কেবিনেটত লোৱা হয় কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

CM Pema Khandu
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ তৃতীয় মন্ত্ৰীসভাৰ প্ৰথম কেবিনেট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 10:34 PM IST

Updated : Jun 13, 2024, 11:01 PM IST

তেজপুৰ, ১৩ জুন : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাবে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰি পেমা খাণ্ডুৱে প্ৰথমখন কেবিনেট বৈঠক আহ্বান কৰি আগন্তুক পাঁচ বছৰত বিকশিত অৰুণাচল নিৰ্মাণৰ ভেটি স্থাপন কৰাৰ এক পৰিকল্পনা হাতত লয় ।

বিগত সময়ছোৱাত পেমা খাণ্ডু চৰকাৰে আৰম্ভ কৰা উন্নয়নমূলক কামৰ ওপৰত ভিত্তি কৰি নতুন চৰকাৰে আগন্তুক ৫ বছৰৰ বাবে এক পৰিৱৰ্তনশীল সংস্কাৰ কাৰ্যসূচীৰ যাত্ৰাৰ প্ৰথম পদক্ষেপ হিচাপে আজি কেবিনেটে সংস্কাৰ ৩.০ ৰূপায়ণ কৰে ৷ নাগৰিকৰ জীৱন আৰু আকাংক্ষাক স্পৰ্শ কৰা পৰিৱৰ্তনশীল যাত্ৰাৰ অংশ হিচাপে ২৪টা নাগৰিককেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰে আৰু সকলো বিভাগকে এই পদক্ষেপসমূহ ৰূপায়ণ কৰিবলৈ কেবিনেটে নিৰ্দেশ দিয়ে ।

কেবিনেটৰ সিদ্ধান্তসমূহ :

কেৱল ডিজিটেল মাধ্যমৰ জৰিয়তে সকলো চৰকাৰী ধন পৰিশোধ কৰিব পৰাকৈ বিত্ত আৰু পৰিকল্পনা বিভাগসমূহৰ ১০০ শতাংশ ডিজিটেলাইজেচন সাধনৰ সিদ্ধান্তৰ সৈতে শাসন সংস্কাৰক শীৰ্ষ অগ্ৰাধিকাৰ দিয়া হৈছে । জিলা পৰ্যায়ৰ পৰামৰ্শমূলক দৃষ্টিভংগী পৰিকল্পনাৰ ফলপ্ৰসূ বিকাশ আৰু প্ৰস্তুতিৰ বাবে তলৰ পৰা ওপৰলৈ পৰিকল্পনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । বৰ্তমানৰ কামসমূহ পৰীক্ষা কৰাৰ লগতে পুৰণি আৰু প্ৰাচীন আইন বাতিলকে ধৰি জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সহজতা বৃদ্ধিৰ বাবে পদক্ষেপৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ সচিব সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

CM Pema Khandu
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ তৃতীয় মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট (ETV Bharat Assam)

নাগৰিকৰ বাবে কোনো ন্যূনতম নামভৰ্তি প্ৰক্ৰিয়া নোহোৱাকৈ সক্ৰিয় আঁচনিৰ নামভৰ্তি নিশ্চিত কৰিবলৈ ৰাজ্যৰ নাগৰিক তথ্যৰ নিশ্চিত কৰাত মন্ত্ৰীসভাই অনুমোদন জনায় । এই বিষয়ে শাসনৰ ক্ষেত্ৰত উদ্ভাৱনক আগুৱাই নিবলৈ আৰু আৰ্থ-সামাজিক পৰিৱৰ্তন সক্ষম কৰিবলৈ এটা নীতিগত চিন্তাধাৰা, ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং অৰুণাচল (আই টি এ) গঠন কৰা হ’ব ৷ ইয়াৰ উপৰিও প্ৰযুক্তিৰ সৰ্বাধিক অংশগ্ৰহণৰ সৈতে এক দক্ষ প্ৰশাসনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগতে নিযুক্তি আৰু কৰ্মচাৰীৰ নীতি পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰিবলৈ প্ৰশাসনিক সংস্কাৰ আয়োগক অৱগত কৰোৱা হ’ব ৷

লগতে পঢ়ক: ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন মাঝিৰ

নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ উদ্দেশ্যে কেবিনেটে সংকল্প লয় যে সকলো অসংলগ্ন গাঁও আৰু প্ৰশাসনিক মুখ্য কাৰ্যালয়লৈ ১০০ শতাংশ ভৌতিক আৰু ডিজিটেল সংযোগ নিশ্চিত কৰা হ’ব যাৰ বাবে বিশদ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হ’ব । কেবিনেটত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ সৈতে সংগতি ৰাখি যিয়ে শিক্ষাৰ সাৰ্বজনীন সুবিধাৰ কল্পনা কৰে, শিক্ষণ ফলাফল উন্নত কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ অধিক শতাংশ উত্তীৰ্ণ হোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত একবিংশ শতিকাৰ দক্ষতা বিকাশ কৰে আৰু শিক্ষক প্ৰশিক্ষণৰ দক্ষতা আৰু কাৰ্যকৰিতা উন্নত কৰে সেই বিষয়ে নতুন নীতিৰ ৰূপায়ণৰ ৰোড মেপ প্ৰস্তুত কৰা হ’ব ।

চৰকাৰে শীৰ্ষ শিক্ষানুষ্ঠানসমূহে অৰুণাচল প্ৰদেশত কেম্পাছ স্থাপন কৰিব পৰাকৈ এক নীতি প্ৰণয়ন কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত কমিউনিটি বেছড অৰ্গেনাইজেচন, এন জি অ’ আৰু অন্যান্য চি এছ অ’ৰ অংশগ্ৰহণকো অগ্ৰাধিকাৰ দিব ৷ অৰুণাচল প্ৰদেশৰ প্ৰতিগৰাকী কন্যা শিশুক স্নাতক বা পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উৎসাহিত কৰাৰ বাবে দুলাৰী কন্যা আঁচনিখন নতুন ৰূপ প্ৰদান কৰা হ’ব ।

অহা ৫ বছৰত ২১,০০০ হাজাৰ মহিলাৰ বাবে লাখপতি দিদী হ’বলৈ এক একচন প্লেন প্ৰস্তুত কৰি বাৰ্ষিক ৫০ লাখ টকাতকৈ অধিক আয়বৃদ্ধিৰ পৰিকল্পনাৰে ১,০০,০০০ টকাকৈ ধার্য কৰা হ’ব ৷ ৰাজ্যখনৰ কৃষি সংযুক্ত খণ্ডৰ সম্ভাৱনা মুকলি কৰিবলৈ চৰকাৰে নতুন ফাৰ্ম টু ফৰ্ক কৃষি আৰু উদ্যান শস্যনীতি প্ৰস্তুত কৰিব ।

হিতাধিকাৰীৰ বহল আঁচনি আৰু বিধবা, বৃদ্ধ আৰু দিব্যাংগৰ দৰে হিতাধিকাৰীৰ সময়মতে উপলব্ধ হোৱাকৈ মুখ্যমন্ত্ৰী সামাজিক সুৰক্ষা আঁচনিখন নতুন ৰূপ দিয়া হ’ব । চৰকাৰে হিতাধিকাৰীসকলক লক্ষ্য নিৰ্ধাৰণ কৰি আৰু সময়মতে ধন প্ৰদান কৰাটো নিশ্চিত কৰি সকলো আঁচনিৰ বাবে ডিবিটি ১০০ শতাংশ ফলদায়ক হোৱাকৈ কাম কৰিব ।

লগতে পঢ়ক: আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে

ৰাজহুৱা সম্পত্তিৰ সঠিক পৰিকল্পনা আৰু ব্যৱহাৰৰ বাবে সকলো ৰাজহুৱা আন্তঃগাঁথনি বিশেষকৈ বিদ্যালয়, চিকিৎসালয় (SHC, PHC, জিলা চিকিৎসালয়), অংগনবাড়ী কেন্দ্ৰ আদিৰ বাবে ডিজিটেল এচেট ইনভেণ্টৰীৰ সৃষ্টি কৰা হ’ব ।

ইটানগৰ-নাহৰলগুণ যৌথ ৰাজধানী চহৰক ভৱিষ্যতৰ বাবে সাজু কৰি তোলা আৰু নগৰীয়া জীৱন-যাপনৰ ক্ষমতা উন্নত কৰাৰ বাবে নতুন মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে ।

যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণৰ বাবে চৰকাৰে বাৰ্ষিক নিযুক্তিৰ কেলেণ্ডাৰ প্ৰস্তুতৰ বাবে সকলো বিভাগতে খালী থকা পদ চিনাক্ত কৰি তালিকাভুক্ত কৰিব । যুৱক-যুৱতীসকলৰ স্বাৰ্থত সমগ্ৰ পৰিৱেশতন্ত্ৰক সম্পূৰ্ণৰূপে পুনৰ নিৰ্দেশিত কৰিবলৈ আৰু অহা ৫ বছৰত যুৱক-যুৱতীসকলক ২৫,০০০তকৈ অধিক কৰ্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ প্ৰদান কৰিবলৈ SEE Trinity (Skill Development, Entrepreneurship, Employment) আৰম্ভ কৰা হ'ব ৷

২০২৮ আৰু ২০৩২ৰ অলিম্পিকত অৰুণাচলৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিব পৰাকৈ অৰুণাচল প্ৰদেশৰ অলিম্পিক ক্ৰীড়া অভিযান আৰম্ভ কৰাৰ উপৰিও যুৱক-যুৱতীসকলৰ বাবে এক অভিনৱ যুৱনীতি উৎসৰ্গা কৰিব ৷ য’ত যুৱক-যুৱতীসকলৰ আকাংক্ষা, শিক্ষা, দক্ষতা, স্বাস্থ্যকে ধৰি মানসিক স্বাস্থ্য, উদ্যোগীকৰণৰ আকাংক্ষা, সমাজৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

বিনিয়োগ আকৰ্ষণ কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰা ইউ এন টি আঁচনিৰ সৈতে সংযোগ কৰি নতুন অৰুণাচল ঔদ্যোগিক নীতি প্ৰৱৰ্তন কৰা হ’ব । তদুপৰি থলুৱা বস্ত্ৰশিল্প, হস্তশিল্পক সুৰক্ষা আৰু প্ৰচাৰৰ বাবে নতুন ‘অৰুণাচল প্ৰদেশ হস্ততাঁত আৰু হস্তশিল্প নীতি’ আৰু ‘এক জনজাতি, এক বয়ন অভিযান’ৰ অধিসূচনা যিয়ে শিপিনীসকলৰ বাবে বৰ্ধিত আয়, বজাৰ সংযোগ আৰু ভৌগোলিক সূচকৰ বাবে আবেদন সক্ষম কৰিব পৰা যাব বুলি আশা কৰা হৈছে ।

কেবিনেটৰ সিদ্ধান্ত মতে ৰাজ্যখনত এক নতুন পৰ্যটন নীতিও আৰম্ভ কৰা হ’ব ৷ য’ত ফিল্ম, ফাৰ্ম, ৱাইন আৰু ইক’-টুৰিজিম আৰু হোমষ্টে অন্তৰ্ভুক্ত কৰা হ’ব যাতে দেশী-বিদেশী পৰ্যটকসকলক সামগ্ৰিক অভিজ্ঞতা প্ৰদান কৰা হয় আৰু বিনিয়োগ আকৰ্ষণ কৰা হয় ৷ তদুপৰি যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা হয় ।

আজিৰ কেবিনেটে প্ৰ’-টেম স্পীকাৰ নিযুক্তিৰ পৰামৰ্শ দিয়ে ৷ মন্ত্ৰী পৰিষদে অৰুণাচল প্ৰদেশৰ বিধানসভাৰ সদস্যসকলক শপতপত্ৰ প্ৰদান আৰু অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচনৰ বাবে অহা ১৪ জুন তাৰিখে অষ্টম বিধানসভাৰ প্ৰথম বিধানসভা অধিৱেশন আৰম্ভ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায় আজিৰ কেবিনেটে ৷

লগতে পঢ়ক: ক্ৰমাগত তৃতীয়বাৰলৈ অৰুণাচল প্ৰদেশৰ শাসনভাৰ গ্ৰহণ পেমা খাণ্ডুৰ

Last Updated : Jun 13, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.