ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন মাঝিৰ - Odisha CM Mohan Majhi Takes Oath
Odisha CM Mohan Majhi Takes Oath: ঐতিহাসিক ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিচত মহাপ্ৰভু জগন্নাথৰ ৰাজ্য ওড়িশাত প্ৰথমবাৰৰ বাবে ৰাজপাট দখল কৰে বিজেপিয়ে । আনহাতে, ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত গ্ৰহণ কৰে জ্যেষ্ঠ বিজেপি নেতা মোহন মাঝিয়ে । উপস্থিত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Published : June 12, 2024 at 7:46 PM IST
নিউজ ডেস্ক, ১২ জুন : বুধবাৰে জ্যেষ্ঠ বিজেপি নেতা মোহন মাঝিয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ওড়িশাৰ ভুৱনেশ্বৰৰ জনতা ময়দানত আয়োজিত এক অনুষ্ঠানত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লয় । আনহাতে, উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয় কে ভি সিংদেও আৰু প্ৰভাতী পৰিদাই । উল্লেখ্য, মোহন মাঝি হৈছে ওড়িশাৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী ।
মোহন মাঝিৰ নতুন কেবিনেটত মুখ্যমন্ত্ৰী আৰু দুগৰাকী উপ-মুখ্যমন্ত্ৰীকে ধৰি 16 গৰাকী মন্ত্ৰী আছে । ৰাজভৱনে প্ৰকাশ কৰা তালিকা অনুসৰি, অনুষ্ঠানটোত আঠগৰাকী কেবিনেট মন্ত্ৰী আৰু পাঁচগৰাকী ৰাজ্যিক মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে । মোহন মাঝি আৰু তেওঁৰ মন্ত্ৰীমণ্ডলীক ৰাজ্যপাল ৰঘুবৰ দাসে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
এই অনুষ্ঠানত ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়ক, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যখনৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে । ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক দলীয় কৰ্মীও অনুষ্ঠানটোত উপস্থিত থাকে ।

কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাসকল হৈছে :
- সুৰেশ পূজাৰী
- ৰবি নাৰায়ণ নায়ক
- নিত্যানন্দ গণ্ড
- কৃষ্ণ চন্দ্ৰ পাত্ৰ
- পৃথ্বীৰাজ হৰিচন্দন
- মুকেশ মহালিং
- বিভূতি ভূষণ জেনা
- কৃষ্ণ চান্দ্ৰা মহাপাত্ৰ
ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাসকল হৈছে :
- গণেশ ৰাম চিংখুণ্টিয়া
- সূৰ্যবংশী সূৰয
- প্ৰদীপ বালা সামন্ত
- গোকুলানন্দ মল্লিক
- সম্পদ চন্দ্ৰ ছোৱাইন

