ক্ৰমাগত তৃতীয়বাৰলৈ অৰুণাচল প্ৰদেশৰ শাসনভাৰ গ্ৰহণ পেমা খাণ্ডুৰ - Pema Khandu takes oath as CM
Pema Khandu takes oath as CM: তৃতীয়বাৰলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ল পেমা খাণ্ডুৰ । ইফালে অৰুণাচল প্ৰদেশৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলা কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক পুলৰ পত্নী দাচাঙলু পুলৰ ।

Published : June 13, 2024 at 11:25 AM IST
|Updated : June 13, 2024 at 1:48 PM IST
তেজপুৰ, 13 জুন: একেৰাহে তৃতীয়বাৰৰ বাবে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে । ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পাৰ্ণাইকে দৰ্জী খাণ্ডু কনভেনশ্যন হলত খাণ্ডুক শপত বাক্য আৰু গোপনীয়তাৰ পাঠ কৰোৱায় ৷ খাণ্ডুৰ পিচতে চাউনা মিনে উপ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে ।
উল্লেখ্য যে, পেমা খাণ্ডু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, কিৰেন ৰিজিজু তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তদুপৰি বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চুগ, অৰুণাচল প্ৰদেশ পূব লোকসভাৰ নৱনিৰ্বাচিত সাংসদ তাপীৰ গাৱৰ লগতে অসমৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে পেমা খাণ্ডুৰ শপত গ্ৰহণ অনুষ্ঠানত ৷
লগতে পঢ়ক: পৰৱৰ্তী অৰুণাচলৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি - Arunachal next CM
পেমা খাণ্ডুৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভূক্ত হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি বিৰোৰাম ৱাগ ৷ উল্লেখ্য যে, ৱাগে প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাত স্থান লাভ কৰিছে । তাৰ পিচত শপত গ্ৰহণ কৰা আন আন মন্ত্ৰীসকল হৈছে- নায়টো তুকাং, ৱাংকি লাৱাং, পাচাং দৰ্জী চনা, মামা নাটুং, দাচাঙলু পুল, বলো ৰাজা, কেন্ট জুনি, অজিঙ তাছিং, গেব্ৰিয়েল ৱাংছোকে ধৰি কেইবাজনো ন-পুৰণি বিধায়ক ।
দাচাঙলু পুল হৈছে পেমা খাণ্ডু মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী মহিলা কেবিনেট মন্ত্ৰী । পুল প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক পুলৰ পত্নী আৰু অৰুণাচল প্ৰদেশৰ কেবিনেটত স্থান লাভ কৰা প্ৰথম মহিলা ।
লগতে পঢ়ক: পুনৰ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব পেমা খাণ্ডু; বৃহস্পতিবাৰে শপত গ্ৰহণ - Pema Khandu
বিগত 2 জুনৰ নিৰ্বাচনী ফলাফলত অৰুণাচলত বিজেপিৰ দৰ্শনীয় প্ৰদৰ্শনৰ পাচতো প্ৰায় 10 দিন ধৰি চৰকাৰ গঠনক লৈ অচলাৱস্থা বিৰাজ কৰাৰ পাচত বুধবাৰে বিজেপিৰ বিধায়নী দলৰ বৈঠকত খাণ্ডুৰ নাম নেতা হিচাপে ঘোষণা কৰা হয় । বিনা প্ৰতিদ্বন্দিতাৰে বিধায়নী দলৰ নেতা হিচাবে মনোনীত কৰা হয় পেমা খাণ্ডুক । বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চুগ ইটানগৰত উপস্থিত হৈ উক্ত বৈঠকত অংশগ্ৰহণ কৰে ।
স্মৰ্তব্য যে, সদ্যসমাপ্ত অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত 46 খন আসন দখলেৰে এককসংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় জনতা পাৰ্টী ৷ তাৰ ভিতৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি 10 গৰাকী বিজেপি বিধায়ক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ৷

