ETV Bharat / bharat

আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

Chandrababu Naidu Swearing-in Ceremony: অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ ৷ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, নেতা তথা দক্ষিণৰ চলচ্চিত্ৰ জগতৰ যশস্বী তাৰকা উপস্থিত থাকে ৷

Chandrababu Naidu Swearing-in Ceremony
আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 12:54 PM IST

|

Updated : June 12, 2024 at 1:19 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১২ জুন: তেলুগু দেশম পাৰ্টীৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷

তেওঁৰ পাচত জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নাইডুৰ লগতে তেওঁৰ 24 জন সতীৰ্থই মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে ৷ অন্ধ্ৰ প্ৰদেশৰ গৱৰ্ণৰ এছ আব্দুল নাজীৰে আটাইকে শপত বাক্য আৰু গোপনীয়তাৰ পাঠ কৰোৱায় ৷

চন্দ্ৰবাবু নাইডু ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০০৪ চনলৈকে একেৰাহে ৯ বছৰ ৰাজ্যখনৰ নেতৃত্ব দিছিল । ২০১৪ চনত অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা পৃথক হোৱাৰ পাচত তেওঁ দ্বিতীয়বাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ২০১৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰে ।

লগতে পঢ়ক: 12 জুনত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চন্দ্ৰবাবু নাইডুৱে - Chandrababu Naidu Oath Taking Ceremony

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ:

নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচত নাইডুৱে মঞ্চত প্ৰধানমন্ত্ৰী মোদীক আলিংগন কৰে । প্ৰধানমন্ত্ৰী মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বণ্ডী সঞ্জয় কুমাৰৰ লগতে আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ইয়াৰ উপৰি তেলেংগানাৰ প্ৰাক্তন গৱৰ্ণৰ তামিলিছাই সৌন্দৰ্যৰাজন, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু, অভিনেতা চিৰঞ্জীৱী, ৰজনীকান্ত, নন্দমুৰি বালকৃষ্ণইও টিডিপিৰ মুৰব্বীগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ।

নাইডুৰ লগত শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা:

  • ক’নিদালা পৱন কল্যাণ
  • নাৰা লোকেশ
  • কিঞ্জৰাপু আচ্চান্নাইডু
  • কোল্লু ৰবীন্দ্ৰ
  • নাডেণ্ডলা মনোহৰ
  • পংগুৰু নাৰায়ণ
  • অনিতা বঙলাপুডী
  • সত্য কুমাৰ যাদৱ
  • ডাঃ নিম্মালা ৰামানাইডু
  • নাছ্যাম মহম্মদ ফাৰুক
  • অনম ৰামনাৰায়ণ ৰেড্ডী
  • পায়াভুলা কেশৱ
  • অনাগনি সত্য প্ৰসাদ
  • কোলুসু পাৰ্থসাৰথি
  • ড৹ দোলা বালা বীৰঞ্জনেয় স্বামী
  • গোট্টিপতি ৰবি কুমাৰ
  • কন্দুলা দুৰ্গেশ
  • গুম্মাদি সন্ধ্যা ৰাণী
  • বি চি জনাৰ্দন ৰেড্ডী
  • টি জি ভৰত
  • এছ সবিতা
  • বসমছেটী সুভাষ
  • কোণ্ডাপল্লী শ্ৰীনিবাস
  • মণ্ডিপল্লী ৰামপ্ৰসাদ ৰেড্ডী

লগতে পঢ়ক: চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণত অংশগ্ৰহণৰ বাবে আহিল মেগাষ্টাৰ ৰজনীকান্ত - AP CM oath taking ceremony

Last Updated : June 12, 2024 at 1:19 PM IST