ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 29, 2022, 9:10 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰাজ্যসভাৰ যুঁজত বিজয়ক লৈ নিশ্চিত ভূপেন বৰা ; কংগ্ৰেছৰ সভালৈ নাহিল শ্বেৰমান

অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাৰ পিছত ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ (APCC president Bhupen Borah on Rajyasabha election) ৷ ইপিনে সভালৈ নাহিল বিধায়ক শ্বেৰমান আলী ৷

Vanity Van in Assam Assembly: গল্ফ কাৰ্টৰ পিছত বিধানসভালৈ আহিল ভেনিটী ভান

গ’ল্ফ কাৰ্টৰ পিছত অসম বিধানসভাত এইবাৰ ভেনিটী ভান । ঠিক বলিউডৰ চুপাৰষ্টাৰসকলে ব্যৱহাৰ কৰা অত্যাধুনিক সকলো সা-সুবিধাৰে পূৰ্ণ কোটি টকীয়া এই ভেনিটী ভান (Vanity Van in Assam assembly)। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ চিন্তাৰ পিছতে বিধানসভাৰ ভিতৰে-বাহিৰে এতিয়া বিৰোধীৰ ৰগৰ ৷

দুয়োটা কাগজ কলৰ সম্পত্তি চমজি ল'লে ৰাজ্য চৰকাৰে

সোমবাৰে ৰাজ্য চৰকাৰে বহু চৰ্চাৰ অন্তত আনুষ্ঠানিকভাৱে চমজি লয় জাগীৰোডৰ নগাঁও কাগজ কল আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজকলৰ সকলো সা-সম্পত্তি (government has taken over the assets of Nagaon and Cachar paper mills) ৷ উক্ত অনুষ্ঠানত উপস্থিত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উদ্যোগীক ক্ষেত্ৰৰ লগত জড়িত কেইবাজনো ব্যক্তি ৷

বিধায়কৰ হতা-হতি: পশ্চিমবংগ বিধানসভাত লিখিত হ’ল এক লজ্জাজনক অধ্যায়

এক লজ্জাজনক অধ্যায়ৰ সাক্ষী হৈ ৰ’ল পশ্চিমবংগ বিধানসভা (West Bengal Assembly incident) ৷ বিধানসভা অধিৱেশনৰ সময়তে হতা-হতিত লিপ্ত হ’ল ৰাজ্যখনৰ সাত গৰাকীকৈ বিধায়ক (West Bengal MLAs got involved in scuffles) ৷

Oscar 2022 ceremony: অস্কাৰৰ মঞ্চত উপেক্ষিত হৈ ৰ’ল লতা মংগেশকাৰ, দিলীপ কুমাৰ

অস্কাৰৰ 'ইন মেমৰিয়াম' শাখাত অন্তৰ্ভুক্ত ন’হল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু কিংবদন্তী অভিনেতা দিলীপ কুমাৰ (Oscar 2022 ceremony) ৷ প্ৰতিষ্ঠিত অনুষ্ঠান এটাৰ এনে কাৰ্যত আচৰিত হৈ পৰিছে ভাৰতীয় সকল ৷

যোৰহাটত পিষ্টলসহ দুজনক আটক

সোমবাৰে যোৰহাটৰ মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত নিউ সোণোৱাল গাঁৱত যোৰহাট আৰক্ষীয়ে অভিযান চলাই এটা পইন্ট ২২ পিষ্টল আৰু দুই জাই সজীৱ গুলীসহ দুই যুৱকক আটক কৰে (Jorhat police arrest two youth with pistol) ৷ লগতে AS03B5443 নম্বৰৰ এখন চুজুকী চামুৰাই বাইকো আৰক্ষীয়ে জব্দ কৰে ৷ আটকাধীন লোককেইজন ক্ৰমে, মৰিয়নীৰ বুবুল গগৈ(39) আৰু পুলিবৰৰ ইন্দেশ্বৰ শইকীয়া(29) জানিব পৰা গৈছে ৷

গুৱাহাটী পৌৰ নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা আপৰ

দেওবাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছে সোমবাৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে (AAP announced 2nd candidate list for GMC election) ।

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ অসমৰ চাহ উদ্যোগত

ভাৰত তথা অসমৰ উৎপাদিত চাহৰ অধিকাংশ ক্ৰয় কৰে ৰাছিয়াই(Russia buy maximum tea from Assam) । পৃথিৱীৰ ভিতৰত ৰাছিয়ালৈ ভাৰতে সৰ্বাধিক চাহ ৰপ্তানি কৰি আহিছে । ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো ভাৰতে ২০২০ বৰ্ষত ৰাছিয়ালৈ ৰপ্তানি কৰিছিল ২৫.২২ মেট্ৰিক টন চাহপাত যাৰ বজাৰ মূল্য ৪৫৩.২৬ কোটি টকা ।

স্থায়ীকৰণৰ দাবীৰে মহানগৰীত আশাকৰ্মীৰ প্ৰতিবাদ

সদৌ অসম আশাকৰ্মী সন্থাৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী । উপযুক্ত মজুৰী প্ৰদান, আশাকৰ্মী সকলক স্থায়ীকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ আৰু 60ৰ উৰ্ধৰ আশা কৰ্মী সকলৰ পেঞ্চনৰ দাবীত চচলত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আশাকৰ্মীৰ । প্ৰায় সহস্ৰাধিক আশাকৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী(Protest of ASHA Workers in Guwahati)।

Pathetic condition of Police barrack: কদৰ্যময় পৰিৱেশত অসম আৰক্ষীৰ জোৱান

অসমৰ স্মাৰ্ট আৰক্ষীৰ একাংশ জোৱানৰ এখন দুখলগা ছবি পোহৰলৈ আনিছে কৰিমগঞ্জৰ এখন আৰক্ষী থানাই ৷ থানাখনৰ বেৰেকৰ এক কদৰ্যময় পৰিৱেশত জোৱানসকলে এতিয়া দিন কটাবলগীয়া হৈছে ৷ নুন্যতম সুবিধাখিনিৰ পৰাও বঞ্চিত হৈ আহিছে জোৱানসকল (Pathetic condition of Police barrack) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.