ETV Bharat / state

Vanity Van in Assam Assembly: গল্ফ কাৰ্টৰ পিছত বিধানসভালৈ আহিল ভেনিটী ভান

author img

By

Published : Mar 28, 2022, 10:33 PM IST

গ’ল্ফ কাৰ্টৰ পিছত অসম বিধানসভাত এইবাৰ ভেনিটী ভান । ঠিক বলিউডৰ চুপাৰষ্টাৰসকলে ব্যৱহাৰ কৰা অত্যাধুনিক সকলো সা-সুবিধাৰে পূৰ্ণ কোটি টকীয়া এই ভেনিটী ভান (Vanity Van in Assam assembly)। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ চিন্তাৰ পিছতে বিধানসভাৰ ভিতৰে-বাহিৰে এতিয়া বিৰোধীৰ ৰগৰ ৷

Vanity Van in Assam Assembly
গল্ফ কাৰ্টৰ পিছত বিধানসভালৈ আহিল ভেনিটী ভান

গুৱাহাটী, ২৮ মাৰ্চ: চাৰিখনকৈ গ’ল্ফ কাৰ্ট ৩৫ লাখ টকাৰে কিনি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অলপতে এক নতুন চমক দিছিল (Assam assembly bought golf cart for MLA)। চলিত বিধানসভাৰ বাজেট অধিবেশনত এই গ’ল্ফ কাৰ্ট কেইখনেৰে বিধায়কসকলক তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা সদনলৈ অনা-নিয়াৰ কাম কৰি থকা হৈছে । পিছে এইবাৰ তাতোকৈ এখোপ ওপৰলৈ গৈ বিধানসভা চৌহদত সোমাল ভেনিটী ভান (Vanity Van in Legislative Assembly)।

ঠিক বলিউডৰ চুপাৰষ্টাৰসকলে ব্যৱহাৰ কৰা অত্যাধুনিক সকলো সা-সুবিধাৰে পূৰ্ণ কোটি টকীয়া ভেনিটী ভান । অসমলৈ অহা বিভিন্ন ভি ভি আই পিৰ বাবে এনে এখন ভেনিটী ভান বিধানসভাতে ৰখাৰ পৰিকল্পনা কৰিছে বিধানসভা সচিবালয়ে । সোমবাৰে বিধানসভা চৌহদত অনা হয় এই ভেনিটী ভানখন । ভানখনৰ ভিতৰত পাকঘৰ, শোৱনি কোঠা, আৰামদায়ক চোফা, বাথৰূম সকলো আছে । আছে অত্যাধুনিক এটা অফিচ কক্ষও ।

সোমবাৰে বিধানসভা চৌহদলৈ অনা এই কোটিটকীয়া বিলাসী ভেনিটী ভানখন আচলতে ভাৰতীয় সেনা বাহিনীৰ । পৰীক্ষামূলকভাৱে এইখন বিধানসভালৈ অনা হৈছে আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে যে এনে এখন ভেনিটী ভান অসম বিধানসভায়ো ক্ৰয় কৰিব যাতে অসমলৈ অহা বিভিন্ন ভি ভি আই পিৰ বাবে এইখন ব্যৱহাৰ কৰিব পাৰি । সদ্যহতে পৰীক্ষামূলকভাবে অনা এই ভেনিটী ভানখন বড়ো সাহিত্য সভাৰ আগন্তুক তামুলপুৰ অধিবেশনৰ বাবে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অহাৰ সময়ত ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ কয় ‌।

কিন্তু বিধানসভা সচিবালয় কিম্বা অধ্যক্ষৰ এনেবিলাক কামকাজক মুঠেও সহজে ল’ব পৰা নাই বিৰোধীয়ে । ভেনিটী ভান দেখি চকু কপালত উঠা বিধায়ক অখিল গগৈয়ে ক'লে -" আমি বিধায়কসকল যদি এনে ভেনিটী ভানত উঠো তেন্তে আনৰ কথা মই নাজানো, ৰাইজে কিন্তু মোক ‘ৰামপিটন’ দিব । অধ্যক্ষই আচলতে বিধায়কসকলে পিটন খোৱাৰ বুদ্ধি কৰিছে । মই ভাবো এইবিলাক কিনা-মেলাৰ অন্তৰালত কমিছনৰ অংক আছে । "

ভেনিটী ভান দেখি বিচুৰ্তি খাইছে বিৰোধী দল এ আই ইউ ডি এফো । দলটোৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে কলে - "এইবোৰ দেখি আচৰিত লাগিছে । কোটি কোটি টকা এইবিলাকৰ নামত ব্যয় কৰাতকৈ যদি নিবনুৱাক সকাহ দিবলৈ ব্যৱহাৰ কৰিলেহেতেন ভাল পালোহেতেন । অৰ্থহীন কামত এইদৰে ধন ব্যয় কৰি থকা হৈছে । "

লগতে পঢ়ক: Pathetic condition of Police barrack: কদৰ্যময় পৰিৱেশত অসম আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.