ETV Bharat / state

Pathetic condition of Police barrack: কদৰ্যময় পৰিৱেশত অসম আৰক্ষীৰ জোৱান

author img

By

Published : Mar 28, 2022, 8:59 PM IST

অসমৰ স্মাৰ্ট আৰক্ষীৰ একাংশ জোৱানৰ এখন দুখলগা ছবি পোহৰলৈ আনিছে কৰিমগঞ্জৰ এখন আৰক্ষী থানাই ৷ থানাখনৰ বেৰেকৰ এক কদৰ্যময় পৰিৱেশত জোৱানসকলে এতিয়া দিন কটাবলগীয়া হৈছে ৷ নুন্যতম সুবিধাখিনিৰ পৰাও বঞ্চিত হৈ আহিছে জোৱানসকল (Pathetic condition of Police barrack) ৷

Assam Police Barrack
কদৰ্যময় পৰিৱেশত অসম আৰক্ষীৰ জোৱান

কৰিমগঞ্জ, 28 মাৰ্চ: অসম আৰক্ষীক ৰাজ্য চৰকাৰে স্মাৰ্ট আৰক্ষী হিচাপে পৰিচয় দিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে আৰক্ষী জোৱানসকলৰ এখন দুখলগা ছবি ৷ কৰিমঞ্জৰ এখন আৰক্ষী থানাৰ পৰিৱেশ দেখিলে সিদ্ধান্ত লোৱাত অসুবিধা হ’ব যে, এয়া আৰক্ষী থানা নে গোহালিৰ দৃশ্য ৷ এক কদৰ্যময় পৰিৱেশত সীমাহীন অসুবিধাৰ মাজেৰে দিন কটাইছে থানাখনৰ জোৱানসকলে (Pathetic condition of Police barrack)৷

১৯১৪ চনতে স্থাপিত কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী থানা (Badarpur Police Station Karimganj)ৰ সামগ্ৰিক পৰিৱেশে উদঙাইছে অসম আৰক্ষীৰ জোৱানসকলৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দ্বায়িত্বজ্ঞানহীনতাক ৷ আৰক্ষী থানাখনৰ বেৰেকত নাই মানুহ বাস কৰাৰ পৰিৱেশ ৷ এজাক বৰষুণ দিলেই বেৰেকৰ ভিতৰত কলহৰ মুখেৰে পৰে পানী ৷ বেৰেকত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নাই থকা-শোৱাৰ সু-ব্যৱস্থা ৷ আনকি শৌচালয়ো নহয় ব্যৱহাৰৰ উপযোগী ৷

কদৰ্যময় পৰিৱেশত অসম আৰক্ষীৰ জোৱান

চৰকাৰে জল জীৱন মিশ্যনৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান ধৰাৰ ব্যৱস্থা কৰি থকাৰ সময়তো চহৰৰ মাজমজিয়াত থকা আৰক্ষী থানাখনত আজিলৈকে নাই খোৱাপানীৰ ব্যৱস্থা । স্থানীয় এটা চিমেন্ট কোম্পানীয়ে সাত দিনৰ মূৰে-মূৰে যোগান ধৰা পানী জোৱানসকলে খোৱা আৰু শৌচালয়ত ব্যৱহাৰ কৰি আহিছে । এয়া মাথো এখন থানাৰ দৃশ্য ৷ জিলাখনৰ অধিক সংখ্যক আৰক্ষী থানা অথবা আৰক্ষী চকীৰ বেৰেকসমূহৰ অৱস্থা প্ৰায় একেধৰণৰেই বুলি অভিযোগ তুলিছে নাম প্ৰকাশত অনিচ্ছুক একাংশ আৰক্ষীৰ জোৱানে ।

অসম চৰকাৰে আৰক্ষীৰ বিভাগটোক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়ি তোলাৰ সময়তে আৰক্ষী জোৱানসকলৰ এই অৱস্থাই পুনৰ এবাৰ ফুটাই তুলিলে স্মাৰ্ট আৰক্ষীৰ আঁৰৰ আন এখন বিপৰীত ছবি ৷ এনে পৰিৱেশৰ পৰা মুক্ত কৰি নূন্যতম সুবিধাখিনিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে আৰক্ষী জোৱানসকলে ৷

লগতে পঢ়ক: অস্তিত্বৰ সংকটত যোৰহাটৰ শতিকা গৰকা জালপৰিয়া সত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.