ETV Bharat / state

স্থায়ীকৰণৰ দাবীৰে মহানগৰীত আশাকৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Mar 28, 2022, 10:38 PM IST

সদৌ অসম আশাকৰ্মী সন্থাৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী । উপযুক্ত মজুৰী প্ৰদান, আশাকৰ্মী সকলক স্থায়ীকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ আৰু 60ৰ উৰ্ধৰ আশা কৰ্মী সকলৰ পেঞ্চনৰ দাবীত চচলত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আশাকৰ্মীৰ । প্ৰায় সহস্ৰাধিক আশাকৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী(Protest of ASHA Workers in Guwahati)।

asha-workers-protest-in-guwahati
স্থায়ীকৰণৰ দাবীৰে মহানগৰীত আশাকৰ্মীৰ প্ৰতিবাদ

গুৱাহাটী, ২৮ মাৰ্চ : আশাকৰ্মী সকলৰ চাৰিদফীয়া দাবীক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে গুৱাহাটী মহানগৰীৰ চচলত সহস্ৰাধিক আশাকৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ(Protest of ASHA workers in Guwahati) ৷

আশাকৰ্মীৰ মজুৰী পূৰ্বৰ ৩০০০ টকাৰ বিপৰীতে ১২ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰা, আশাকৰ্মীসকলৰ চাকৰী স্থায়ীকৰণ, ৬০ উৰ্ধৰ আশাকৰ্মী সকলক পেঞ্চনৰ ব্যৱস্থা আদি বিভিন্ন দাবীৰে সোমবাৰে গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আশাকৰ্মী সন্থাই(ASHA Workers protest in Guwahati) ৷

প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি সন্থাৰ সভানেত্ৰী দীপ্তি দেৱী আৰু সম্পাদিকা অনুপমা ৰায়ে কয় যে, "আমি বিগত ১৬ বছৰে মিছনটোৰ বুনিয়াদ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ন্যূনতম পাৰিতোষিকৰ ওপৰত কাম কৰি মিছনটোক জীয়াই ৰাখিছোঁ । ২০০৬ চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা জননী সুৰক্ষা যোজনা নামৰ এই বৃহৎ আঁচনিটো সফল কৰাৰ মূল মেৰুদণ্ড হ’ল আশাকর্মীসকল । কিন্তু আমি আজি অতি দুঃখিত আৰু লজ্জিত ।"

স্থায়ীকৰণৰ দাবীৰে মহানগৰীত আশাকৰ্মীৰ প্ৰতিবাদ

ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰতিগৰাকী বিষয়-ববীয়াই দৰমহাভোগী । কিন্তু যিসকল তৃণমূল কর্মী তথা মিছনটোৰ বুনিয়াদ মেৰুদণ্ডস্বৰূপৰ যি সকলে মিছনটোক সফল ৰূপায়ণ কৰি জীয়াই ৰাখি স্বাস্থ্য বিভাগৰ আমূল পৰিবৰ্তন আনিছে, সেই সকল কর্মীক আজি বিগত ১৬টা বছৰে ভলন্টিয়াৰ ওৱাৰ্কাৰ হিচাপে ৰাখি জননী সুৰক্ষা যোজনা আঁচনিৰ উপৰিও স্বাস্থ্য বিভাগৰ ১০০% কামৰ ৯০% কামেই আশাকৰ্মীৰ জৰিয়তে চলাই আছে বুলি আশাকৰ্মীগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে ৷

লগতে সন্থাৰ নেতৃত্বই চৰকাৰলৈ অভিযোগ উত্থাপণ কৰি কয় যে, অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা ৩২,৯২৫ গৰাকী আশাকৰ্মীক অসম চৰকাৰে শোষণ, নির্যাতন কৰি অহাৰ লগতে উপযুক্ত মজুৰী নিদিয়াকৈ ৯০ শতাংশ কামৰ মুনাফা লৈ আছে ৷

ইয়াৰোপৰি, হায়দৰাবাদ, টেলাঙ্গানা, পশ্চিমবংগ, কেৰেলা, হাৰিয়ানা আদি ৰাজ্যসমূহত চৰকাৰে নিজাববীয়াকৈ আশাকর্মী সকলক কামৰ কিছু মর্যাদা দি সকাহ দিছে ৷ কিন্তু অসমৰ ক্ষেত্ৰত এই বৈষম্য কিয় বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে নেতৃত্বই ।

লগতে পঢ়ক : ডিফুত আশাকৰ্মীৰ দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.