ETV Bharat / state

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ অসমৰ চাহ উদ্যোগত

author img

By

Published : Mar 28, 2022, 10:59 PM IST

ভাৰত তথা অসমৰ উৎপাদিত চাহৰ অধিকাংশ ক্ৰয় কৰে ৰাছিয়াই(Russia buy maximum tea from Assam) । পৃথিৱীৰ ভিতৰত ৰাছিয়ালৈ ভাৰতে সৰ্বাধিক চাহ ৰপ্তানি কৰি আহিছে । ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো ভাৰতে ২০২০ বৰ্ষত ৰাছিয়ালৈ ৰপ্তানি কৰিছিল ২৫.২২ মেট্ৰিক টন চাহপাত যাৰ বজাৰ মূল্য ৪৫৩.২৬ কোটি টকা ।

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ অসমৰ চাহ উদ্যোগত
ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ অসমৰ চাহ উদ্যোগত

মৰাণ,২৮ মাৰ্চ: ভাৰত তথা অসমৰ উৎপাদিত চাহৰ অধিকাংশ ক্ৰয় কৰে ৰাছিয়াই(Russia buy maximum tea from Assam)। পৃথিৱীৰ ভিতৰত ৰাছিয়ালৈ ভাৰতে সৰ্বাধিক চাহ ৰপ্তানি কৰি আহিছে । ক'ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতো ভাৰতে ২০২০ বৰ্ষত ৰাছিয়ালৈ ৰপ্তানি কৰিছিল ২৫.২২ মেট্ৰিক টন চাহপাত, যাৰ বজাৰ মূল্য ৪৫৩.২৬ কোটি ।

২০২১ বৰ্ষতো ভাৰতে ২৭.২৪ মেট্ৰিকটন চাহপাত ৰপ্তানিৰে ৪৮৭.০৪ কোটি টকাৰ ব্যৱসায় কৰিছিল । কিন্তু বৰ্তমান ৰাছিয়া ইউক্ৰেইণৰ মাজত চলি থকা যুদ্ধৰ বাবে হয়তো ভাৰতৰ চাহ ৰাছিয়াই ক্ৰয় কৰিব নোৱাৰিব । তেনে ক্ষেত্ৰত এইবছৰ প্ৰায় অনুমানিক ৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে দেশৰ চাহ উদ্যোগে যাৰ পোনপটীয়া প্ৰভাৱ পৰিব অসমৰ চাহৰ ওপৰত ।

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ অসমৰ চাহ উদ্যোগত

ইতিমধ্যেই দক্ষিণ ভাৰতত ইয়াৰ প্ৰভাৱ দেখা গৈছে । দক্ষিণ ভাৰতত চাহৰ নিলামত ১০ৰ পৰা ১৫টকা পৰ্যন্ত নিম্নগামী হৈছে চাহৰ মূল্য । বৰ্তমান এপ্ৰিলৰ আৰম্ভনিতে নতুন চাহপাত উৎপাদন কৰে চাহ বাগিছা সমূহে । হয়তো অসমৰ চাহৰো মূল্য নিলামত নিম্নগামী হোৱাৰ আশংকা আছে ।

যাৰ প্ৰভাৱ দেখা যাব ডাঙৰ ডাঙৰ চাহ উদ্যোগ, বৃহৎ বৃহৎ চাহ বাগিচাৰ লগতে লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত । মন কৰিব লগীয়া যে, ইতিমধ্যেই উৎপাদনৰ অভাৱ তথা বিভিন্ন কাৰণত মৃত্যুৰ ক্ষণ গণিছে বহু চাহ বাগিচাই ।

লগতে পঢ়ক: নিউ মাৰ্কেটৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.