ETV Bharat / city

ৰাজ্যসভাৰ যুঁজত বিজয়ক লৈ নিশ্চিত ভূপেন বৰা ; কংগ্ৰেছৰ সভালৈ নাহিল শ্বেৰমান

author img

By

Published : Mar 28, 2022, 7:49 PM IST

অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাৰ পিছত ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ (APCC president Bhupen Borah on Rajyasabha election) ৷ ইপিনে সভালৈ নাহিল বিধায়ক শ্বেৰমান আলী ৷

sherman-was-missing-in-apcc-meeting-before-rajya-sabha-election
কংগ্ৰেছৰ সভাত নাহিল শ্বেৰমান : ৰাজ্যসভাৰ যুঁজত বিজয়ক লৈ নিশ্চিত ভূপেন বৰা

গুৱাহাটী, 28 মাৰ্চ : অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰােহিত্যত অনুষ্ঠিত সভাত দেশৰ আৰু বিশেষভাৱে আসমৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিষয়সমূহৰ লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰা হয় । বিষয়ববীয়াৰ সভাত উল্লিখিত কেবাগৰাকী কেন্দ্রীয় নেতাৰ উপৰি অসম প্ৰদেশৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শ্রীজিতেন্দ্র সিঙে অংশগ্রহণ কৰে ।

বিষয়ববীয়া সকলে সভাৰ আৰম্ভণিতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ এখন মাহেকীয়া প্রাচীৰ পত্রিকা ‘জাগ্রত কংগ্ৰেছ’ উন্মােচন কৰে জিতেন্দ্র সিং আৰু হাৰুণ ইউছুফে । উল্লেখযােগ্য যে, প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগ’ ৰ অধ্যক্ষ মনজিৎ মহন্তক মুখ্য সম্পাদক আৰু প্রফুল্ল কুমাৰ দাসক সম্পাদক হিচাপে লৈ গঠন কৰি দিয়া সম্পাদনা সমিতিয়ে প্ৰাচীৰ পত্রিকা 'জাগ্রত কংগ্ৰেছ' যুগুতাই প্ৰকাশ কৰিছে ।

আজি দলে এখন বিজ্ঞপ্তি প্রকাশ কৰে ৷ এই অনুসৰি, কালিৰ কার্যনির্বাহক সভাই সৰ্বমুঠ ৮ টা প্রস্তাৱ গ্ৰহণ কৰিছে আৰু এই সমূহৰ ভিতৰত মূলতঃ ৰাজনৈতিক, অর্থনৈতিক, ৰাজ্যখনত সংঘটিত বিয়াগােম ভূমি কেলেংকাৰী, চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা(Border dispute of Assam with neighbor states) , ৰাজ্যখনত সংঘটিত বিয়াগােম ভূমি কেলেংকাৰী (Land scam in Assam) , ৰাজ্যখনৰ ভয়াৱহ নিৱনুৱা সমস্যাক সামৰি লােৱা হৈছে। ইয়াৰ উপৰি দলৰ সাংগঠনিক ভেটি সবল কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰা সদস্য ভর্তিৰ অভিযানৰ বিষয়েও বিশদভাৱে আলােচনা কৰি এটা প্রস্তাৱ গ্ৰহণ কৰিছে কার্যনির্বাহ সভাই ।

আনহাতে, বিগত মাহ কেইটাত বিভিন্ন কাৰণত ইহলীলা সম্বৰণ কৰা কংগ্ৰেছ দলৰ বিভিন্ন পর্যায়ৰ নেতা-কর্মী সকলৰ লগতে ৰাজ্যৰ আৰু দেশৰ ভিন ভিন খণ্ডৰ বিশিষ্ট ব্যক্তি সকলৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰি এটা শােক প্রস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখ্য যে দুয়োদিনৰ সভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী উপস্থিত নাছিল (Sherman was missing in APCC meeting)। ইপিনে কংগ্ৰেছৰ সভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী এনেদৰে উপস্থিত নথকাত ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ অংকত আওল লগা সম্ভাৱনাৰ সৃষ্টি হৈছে ।

কাৰণ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক ধৰি কংগ্ৰেছৰ ৰাজ্যসভাৰ আসনখনত জয়ী হ'বলৈ ৪৩ টা ভোট আছে। কিন্তু ৰাজ্যসভাৰ নিৰ্বাচন অহা ৩১ মাৰ্চত অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছৰ সভাত শ্বেৰমান আলীৰ অনুপস্থিতিয়ে কংগ্ৰেছী মহলক চিন্তিত কৰি তুলিছে। এই সন্দৰ্ভত অসম প্রদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয় যে ৰাজ্য সভাৰ এখন আসনৰ নিৰ্বাচনত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাতো নিশ্চিত। এই ক্ষেত্ৰত সকলোধৰণৰ কথাবতৰা আৰু প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক : চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.