ETV Bharat / state

চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ

author img

By

Published : Mar 28, 2022, 2:28 PM IST

অৰুণাচলৰ সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি দেওবাৰে নিশা গ্ৰেপ্তাৰ হয় শিল্পী নীলিম মহন্ত(Artist Nilim Mahanta arrested by Arunachal Police) । ইয়াৰ পাছতেই নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তপ্ত হৈ পৰে লখিমপুৰ ৷ ১২ ঘন্টাৰ ভিতৰত শিল্পীগৰাকীক বিনাচৰ্তে মুকলি কৰি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

graffiti artist Neelim Mahanta
চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ

লখিমপুৰ, ২৮ মাৰ্চ : চিত্ৰশিল্পী নীলিম মহন্তক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ পাছতেই লখিমপুৰত জ্বলিছে ক্ষোভৰ জুই । চিত্ৰশিল্পীগৰাকীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠনৰ লগতে তেওঁৰ সমৰ্থক ৷ নীলিম মহন্তৰ মুক্তিৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে(Protest in Lakhimpur) ।

চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ

লখিমপুৰৰ নগৰৰ মাজ-মজিয়াত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিকৃতি দাহ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Pema Khandu's effigy burnt in Lakhimpur) । তেওঁলোকে শিল্পীগৰাকীক ১২ ঘন্টাৰ ভিতৰত বিনাচৰ্তে মুকলি কৰি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন কৰাৰো বাবে সময়সীমা বান্ধি দিয়ে অৰুণাচল চৰকাৰ তথা প্ৰশাসনক ৷ অন্যথা অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

পৰিষদে অৰুণাচলৰ মুখ্যমন্ত্ৰীক অসমত দম্ভালি নামাৰিবলৈও সতৰ্ক কৰি দিয়ে ৷ উল্লেখ্য বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অৰুণাচলৰ সচিবালয়ৰ দেৱালত No More Dams লিখাৰ বাবেই অৰুণাচলৰ আৰক্ষীয়ে দেওবাৰে নিশা শিল্পী নীলিম মহন্তক লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি নিয়ে ।

লগতে পঢ়ক : সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি গ্ৰেপ্তাৰ হ’ল শিল্পী নীলিম মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.