ETV Bharat / bharat

বিধায়কৰ হতা-হতি: পশ্চিমবংগ বিধানসভাত লিখিত হ’ল এক লজ্জাজনক অধ্যায়

author img

By

Published : Mar 28, 2022, 4:32 PM IST

এক লজ্জাজনক অধ্যায়ৰ সাক্ষী হৈ ৰ’ল পশ্চিমবংগ বিধানসভা (West Bengal Assembly incident) ৷ বিধানসভা অধিৱেশনৰ সময়তে হতা-হতিত লিপ্ত হ’ল ৰাজ্যখনৰ সাত গৰাকীকৈ বিধায়ক (West Bengal MLAs got involved in scuffles) ৷

west-bengal-mlas-got-involved-in-scuffles
বিধায়কৰ হতা-হতি: পশ্চিমবংগ বিধানসভাত লিখিত হ’ল লজ্জাজনক অধ্যায়

কলকাতা, ২৮ মাৰ্চ : সোমবাৰে এক লজ্জাজনক অধ্যায়ৰ সাক্ষী হৈ ৰ’ল পশ্চিমবংগ বিধানসভা (unpleasant incident in West Bengal assembly ) ৷ চলিত বিধানসভা অধিৱেশনৰ সময়তে হতা-হতিত লিপ্ত হ’ল ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সাত গৰাকীকৈ বিধায়ক (West Bengal MLAs got involved in scuffles) ৷ এই ঘটনাত চুঞ্চুৰাৰ তৃণমূল বিধায়ক অসিত মজুমদাৰৰ নাক ভাঙি যায় বুলিও জানিব পৰা গৈছে ৷ হতা-হতিত কেইবাগৰাকীও বিজেপি প্ৰহৃত হোৱাৰ ওপৰি বিৰোধী নেতা মনোজ টিগ্গাৰৰ চাৰ্ট ছিঙি যোৱাৰ কথাও পোহৰলৈ আহিছে ৷

বিধায়কৰ হতা-হতি: পশ্চিমবংগ বিধানসভাত লিখিত হ’ল লজ্জাজনক অধ্যায়

গেৰুৱা দলৰ সদস্যসকলে নিৰাপত্তাৰক্ষী সকলৰ সৈতেও সংঘৰ্ষত লিপ্ত হোৱাত পৰিস্থিতিৰ অধিক অৱনতি ঘটে ৷ মন কৰিব লগীয়া যে, বাগটুইৰ গণহত্যাৰ ঘটনাৰ বাবে শেহতীয়াকৈ উত্তাল হৈ আছে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ (Bagtui massacre in West Bengal ) ৷ এই ঘটনাত ৮ জনকৈ লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল ৷ ইয়াকেলৈ, অধ্যক্ষ বিমান বেনাৰ্জীয়ে বিধানসভাৰ মজিয়াত বিৰোধীৰ ভূমিকাক সমালোচনা কৰাৰ পিছতে সোমবাৰে বিধানসভাত উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয় ৷

একেদৰে বাগটুই ঘটনাটো সংক্ৰান্তত বিৰোধী নেতা শুভেন্দু অধিকাৰীৰ ভূমিকাকো সমালোচনা কৰিছিল অধ্যক্ষ গৰাকীয়ে। অধ্যক্ষৰ সমালোচনাত ক্ষুব্ধ হৈ পৰৱৰ্তী সময়ত বিৰোধী নেতাসকলে বিধানসভাৰ মজিয়া ত্যাগ কৰি ৰাজপথত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে ।

ইয়াৰ পিছতে বিৰোধী বিধায়কসকলক সচিবালয়ৰ পৰা কাগজপত্ৰ লৈ যোৱাত নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াৰ বাবে যুঁজখনৰ আৰম্ভ হয় ৷ শাসকীয় দলৰ বিধায়কসকলেও বিজেপি বিধায়কসকলক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ আসন এৰি আহে ৷ এই ঘটনাই পিছলৈ হতা-হতিৰ ৰূপ লয় ৷ ফলত আহত হয় কেইবাগৰাকীও বিধায়ক (scuffles left several MLAs injured in West Bengal ) ৷ সম্প্ৰতি, এই ঘটনাৰ বাবে উভয় পক্ষই পৰস্পৰক দোষাৰোপ কৰিছে ৷

লগতে পঢ়ক : গৃহচহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.