ETV Bharat / bharat

গৃহচহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

author img

By

Published : Mar 27, 2022, 10:50 PM IST

Bihar CM Nitish Kumar attacked by a man
গৃহচহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

দেওবাৰে গৃহ চহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল মাজতে নীতিশ কুমাৰ (Bihar CM Nitish Kumar attacked by a man) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাত থকা সুৰুঙাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য দিছে বহুলোকে ৷

নিউজ ডেস্ক, 27 মাৰ্চ : দেওবাৰে আক্ৰমণৰ সন্মুখান হয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Bihar CM Nitish Kumar attacked by a man) ৷ নিৰাপত্তা বেহুৰ সুৰুঙাৰে গৃহচহৰ বখতিয়াৰপুৰত এজন লোকে আক্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীক৷ চিচিটিভি কেমেৰাত বন্দী হোৱা আক্ৰমণৰ সমগ্ৰ দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (CM security breach in Bihar) ৷

এগৰাকী মুখ্যমন্ত্ৰীক এনেদৰে আক্ৰমণ কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে ৰাজ্যিক মন্ত্ৰী অশোক চৌধুৰীয়ে ৷ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা লোকসকলৰ ফালৰ পৰাই ত্ৰুটি হৈছিল । ইয়াৰ উচিত তদন্ত হ'ব লাগে " (Inquiry on CM security breach in Bihar) ।

ঘটনাৰ সময়ৰ চিচিটিভি কেমেৰাৰ ফুটেজত দেখা গৈছে যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী শিলভদ্ৰা য়াজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই অহাৰ সময়তে লোকজনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

লগতে পঢ়ক : ব্যৰ্থ চৰকাৰে 'The Kashmir files'ৰ আশ্ৰয় লৈছে : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.