ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 13, 2021, 7:11 PM IST

top ten news at 7 pm
সাত বজাৰ শীৰ্ষ দহটা বাতৰি

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

অ' আই চি নামৰ সংগঠনটোৱে শেহতীয়াকৈ বিশ্বজুৰি অপপ্ৰচাৰ আৰম্ভ কৰিছে অসমৰ ছিপাঝাৰৰ গৰুখুটিত সংঘটিত ঘটনাক লৈ । অ'আই চিয়ে আন্তৰ্জাতিক মহলত এইদৰে অপপ্ৰচাৰ আৰম্ভ কৰিছে যে, অসমৰ গৰুখুটিত আচলতে চৰকাৰীভাৱে অতি সুপৰিকল্পিত ৰূপত মুছলমান লোকক হত্যা কৰিছে ।

বোকাখাতত বলিৰ বাবে আগবঢ়োৱা 2 ম'হ মেলি দিয়া হ'ব কাজিৰঙাত

অতীজৰ পৰা চলি অহা পৰম্পৰা পৰিহাৰ কৰি এইবাৰ বোকাখাতৰ শ্ৰী শ্ৰী কাক গোঁসানী চাতনি থানত আগবঢ়োৱা ২ টা ম'হ বলি হিচাপে গ্ৰহণ নকৰি কাজিৰঙাত এৰি দিবলৈ আহ্বান জনালে ভগৱতীয়ে । মহাষ্টমীৰ বৰবলিৰ দিনা বোকাখাতৰ কাক গোঁসনী থানলৈ ভক্তই আগবঢ়োৱা 4 টা মহৰ ভিতৰত ২টা ম’হ বলি হিচাপে গ্ৰহণ কৰি আন ২ টা ম'হ মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহাষ্টমী দিনা ভক্তই আগবঢ়োৱা ৩ শ হাঁহ, শতাধিক ছাগলী আৰু ২ টা মহ দেৱীৰ ভগৱতীয়ে গ্ৰহণ কৰে ।

বিজয়া দশমী উপলক্ষে ডিব্ৰুগড়ত ড্ৰাই ডে' ঘোষণা

14 আৰু 15 অক্টোবৰত ড্ৰাই ডে' ঘোষণা ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৷ এই দুটা দিনত হোটেল, ক্লাৱ আদিকে ধৰি সকলোতে সুৰা বিক্ৰী বা সেৱনত নিষেধাজ্ঞা ঘোষণা কৰিছে প্ৰশাসনে ৷ নিৰ্দেশ ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰিব প্ৰশাসনে ৷

কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ দেহাৱসান

কাৰ্বি লাম্মেট আমেই(কাৰ্বি সাহিত্য সভা)ৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ আকস্মিক দেহাৱসান ৷ উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যু সাহিত্যিকগৰাকীৰ ৷ সাহিত্যৰ লগতে ৰাজনীতিৰ সৈতেও জড়িত আছিল ৰংপি ৷

বৰপেটা জিলা কাৰাগাৰত আচামীৰ আত্মহত্যা

বৰপেটা জিলা কাৰাগাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ কাৰাগাৰত আত্মহত্যা কৰিছে এজন আচামীয়ে ৷ জানিব পৰা মতে, কাৰাগাৰ খনৰ শৌচাগাৰৰ ভেল্টিলেচনত গামোচাৰে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে আচামীজনৰ মৃতদেহ ৷ মৃত আচামী যুৱকজনৰ নাম হাচিবুল হাচান (২২) বুলি জানিব পৰা গৈছে ৷

ৰাজকন্যা কাণ্ড : যোছেফ মাৰাকৰ কৃত্রিম ভৰি লগোৱাৰ দায়িত্ব ল'লে ৰাজ্য চৰকাৰে

ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ বাবে দুয়োখন ভৰি হেৰুওৱা যোছেফ মাৰাকক কৃত্ৰিম ভৰি প্ৰদানৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে যোছেফ ৷

GMCH ৰ পৰা ৰিলিজ দিয়া হৈছে ৰৌণক আলী হাজৰিকাক

পুনৰ জেৰাৰ সন্মুখীন হ'ব নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা । জি এম চি এইচত বিগত এসপ্তাহ ধৰি চলা চিকিৎসাৰ পাছত তেওঁক ৰিলিজ দিয়া হয় । বৰ্তমান তেওঁ সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত প্ৰধানমন্ত্ৰীক লক্ষ্য শত্ৰুঘ্ন সিনহাৰ

আৰিয়ান খান(Aryan Khan)ক সমৰ্থন বলীউডৰ প্ৰসিদ্ধ অভিনেতা তথা ৰাজনৈতিক নেতা শত্ৰুঘ্ন সিনহা(Shatrughan Sinha)ৰ ৷ বৰ্তমান আৰিয়ানৰ পিতৃ কিং খান শ্বাহৰুখ খানক ছবিজগতৰ যথেষ্ট সমৰ্থনৰ প্ৰয়োজন ৷ কিন্তু গোডী মিডিয়া(Godi Media)ৰ বাবে কোনেও সমৰ্থনৰ বাবে আগবাঢ়ি আহিবলৈ সাহস কৰা নাই বুলি এক সাক্ষাৎকাৰযোগে মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷

Billion Cheers : T20 World Cup ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি

T20 World Cup ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি, Billion Cheers মুকলি ৷ 17 অক্টোবৰৰ পৰা UAE আৰু OMAN ত অনুষ্ঠিত হ'ব পুৰুষৰ T20 World Cup ৷ ভাৰতীয় দলটোৱে ১৮ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে আৰু তাৰ পিছত ২০ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুশীলন খেলত(practice match) প্ৰথমবাৰৰ বাবে নতুন জাৰ্চি পিন্ধি খেলপথাৰত ভৰি দিব।

IPL 2021 : Qualifier 2 ত Kolkata Knight Riders বনাম Delhi Capitals

IPL 2021 ৰ ফাইনেলৰ বাবে বুধবাৰে সমুখ সমৰত অৱতীৰ্ণ হ'ব Kolkata Knight Riders আৰু Delhi Capitals ৷ বুধবাৰে সন্ধিয়া 7.30 বজাৰ পৰা Sharjah Cricket Stadium ত দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে Qualifier 2 খেলখনত নামিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.