ETV Bharat / state

বিজয়া দশমী উপলক্ষে ডিব্ৰুগড়ত ড্ৰাই ডে' ঘোষণা

author img

By

Published : Oct 13, 2021, 4:28 PM IST

14 আৰু 15 অক্টোবৰত ড্ৰাই ডে' ঘোষণা ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৷ এই দুটা দিনত হোটেল, ক্লাৱ আদিকে ধৰি সকলোতে সুৰা বিক্ৰী বা সেৱনত নিষেধাজ্ঞা ঘোষণা কৰিছে প্ৰশাসনে ৷ নিৰ্দেশ ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰিব প্ৰশাসনে ৷

dibrugarh administration announces dry on navami and dashami
বিজয়া দশমী উপলক্ষে ডিব্ৰুগড়ত ড্ৰাই ডে' ঘোষণা

মৰাণ , 13 অক্টোবৰ : বিজয়া দশমী উপলক্ষে ডিব্ৰুগড়ত ড্ৰাই ডে' ঘোষণা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ দুৰ্গা পূজা তথা বিজয়া দশমীত যাতে ডিব্ৰুগড় কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি 14 আৰু 15 অক্টোবৰত প্ৰশাসনে সমগ্ৰ জিলাখনতে ড্ৰাই ডে' ঘোষণা কৰিছে ৷ সেই অনুসৰি এই দুটা দিনত জিলাখনৰ হোটেল বা ক্লাৱ কোনো ঠাইতে সুৰাৰ ক্ৰয়-বিক্ৰয় বুলি প্ৰশাসনে নিৰ্দেশ আৰোপ কৰিছে ৷

dibrugarh administration announces dry on navami and dashami
14 আৰু 15 অক্টোবৰত ড্ৰাই ডে ঘোষণা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

উল্লেখ্য যে, ক'ভিড অতিমাৰীৰ সংক্ৰমণৰ আশংকাৰ মাজতে ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হৈছে ৷ পূজা উদযাপনৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি নিয়ম বান্ধি দিছে যদিও ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সমগ্ৰ ডিব্ৰুগড় জিলাত যথেষ্ঠ জাক-জমকতাৰে দুৰ্গা পূজা পালন কৰা হৈছে ৷ সেয়ে জিলাখনত যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিহত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় প্ৰশাসনে ড্ৰাই ডে' ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

প্ৰশাসনৰ নিৰ্দেশ ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সুৰা বিক্ৰী কৰা ব্যৱসায় প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰা হ'ব পাৰে বুলি প্ৰশাসনে সদৰী কৰিছে ৷

লগতে পঢ়ক : মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.