ৰাজকন্যা কাণ্ড : যোছেফ মাৰাকৰ কৃত্রিম ভৰি লগোৱাৰ দায়িত্ব ল'লে ৰাজ্য চৰকাৰে

author img

By

Published : Oct 13, 2021, 2:16 PM IST

as_ghy_03_govt_takes_responsibility_joseph_marak_7209925

ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ বাবে দুয়োখন ভৰি হেৰুওৱা যোছেফ মাৰাকক কৃত্ৰিম ভৰি প্ৰদানৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে যোছেফ ৷

গুৱাহাটী, 13 অক্টোবৰ : বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ বাবে দুয়োখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল যোছেফ মাৰাক নামৰ শ্ৰমিকজনে ৷ অৱশেষত যোছেফৰ কৃত্ৰিম ভৰি সংযোজনৰ দায়িত্ব লৈছে ৰাজ্য চৰকাৰে । বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে শ্ৰমিকজন ।

চিকিৎসাধীন শ্ৰমিকজনক সহায় কৰাৰ বাবে ৰেইনড্ৰপ ইনিছিয়েটিভ নামৰ এটা সংস্থাই বিশেষ উদ্যোগ লৈছিল । ৰেইনড্ৰপৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাত তেওঁলোক অতিকৈ সন্তুষ্ট । মাৰাকৰ বাবে যিসকল লোকে সাহায্য আগবঢ়াইছিল, সেয়া তেওঁলোকে মাৰাকৰ বৰপুত্ৰৰ হাতত দিয়াৰ সিদ্ধান্ত লৈছে ।

আনহাতে, মাৰাকৰ কৃত্ৰিম ভৰি সংযোজনৰ বাবে এতিয়া সহায়ৰ হাত আগ নবঢ়ালেও হ’ব বুলি উল্লেখ কৰিছে ৰেইনড্ৰপে । অৱশ্যে তেওঁলোকে মাৰাকৰ পুনৰ সংস্থাপনৰ বাবে সকলো কৰাৰ আশ্বাস প্ৰদান কৰিছে । চিকিৎসালয়ত থকা আহত মাৰকক সকলোখিনি সহায় আগবঢ়ায় আহিছে ৰেইনড্ৰপে ।

মঙলবাৰে নিশা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই জি এম চি এইচত উপস্থিত হৈ যোছেফ মাৰাকৰ স্বাস্থ্যৰ বুজ লয় । উল্লেখ্য যে, 1 অক্টোবৰৰ নিশা সুৰাৰ নিচাত মাতাল হৈ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই নিজৰ বাহনেৰে মহতীয়াই নিছিল আঠজনকৈ শ্ৰমিকক । এই দুৰ্ঘটনাতে দুই ভৰি হেৰুৱাইছিল মাৰাকে । দুৰ্ঘটনাটো সংঘটিত কৰা ৰাজকন্যা বৰুৱা বৰ্তমান কাৰাগাৰত আছে ।

লগতে পঢ়ক : ৰাজকন্যাৰ বাবে বিপদত পৰিব নেকি হোটেল তাজ ভিভাণ্টা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.