ETV Bharat / state

কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ দেহাৱসান

author img

By

Published : Oct 13, 2021, 5:31 PM IST

কাৰ্বি লাম্মেট আমেই(কাৰ্বি সাহিত্য সভা)ৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ আকস্মিক দেহাৱসান ৷ উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যু সাহিত্যিকগৰাকীৰ ৷ সাহিত্যৰ লগতে ৰাজনীতিৰ সৈতেও জড়িত আছিল ৰংপি ৷

karbi ammet lamei president siddhinath rongpi passed away
কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ দেহাৱসান

ডিফু , 13 অক্টোবৰ : কাৰ্বি সাহিত্য জগতৰ বাবে বৃহৎ ক্ষতি ৷ সকলোকে শোকস্তব্ধ কৰি পৰলোকলৈ গমন কৰিলে কাৰ্বি লাম্মেট আমেই(কাৰ্বি সাহিত্য সভা)ৰ সভাপতি সিদ্ধিনাথ ৰংপিয়ে ৷ বুধবাৰে উচ্চ ৰক্তচাপজনিত কাৰণত সাহিত্যিকগৰাকীৰ মৃত্যু হয় ৷

উচ্চ ৰক্তচাপত আক্ৰান্ত ৰংপি অসুস্থ হৈ পৰাত পুৱা ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু, চিকিৎসাৰ পূৰ্বেই সাহিত্যিকগৰাকীয়ে ইহ-সংসাৰ ত্যাগ কৰে ৷ সাহিত্য জগতখনৰ লগতে দীৰ্ঘ দিন ধৰি ৰাজনীতিৰ সৈতেও সিদ্ধিনাথ ৰংপি জড়িত হৈ আছিল ৷

ৰংপিৰ আকস্মিক মৃত্যুত ডিফু অঞ্চলৰ লগতে সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰিছে ৷ ৰংপিৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ লগতে কাৰ্বি আংলং জিলা সাহিত্য সভাইও শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাজকন্যা কাণ্ড : যোছেফ মাৰাকৰ কৃত্রিম ভৰি লগোৱাৰ দায়িত্ব ল'লে ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.