ETV Bharat / state

গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

author img

By

Published : Oct 13, 2021, 5:20 PM IST

গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ
গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

অ' আই চি নামৰ সংগঠনটোৱে শেহতীয়াকৈ বিশ্বজুৰি অপপ্ৰচাৰ আৰম্ভ কৰিছে অসমৰ ছিপাঝাৰৰ গৰুখুটিত সংঘটিত ঘটনাক লৈ । অ'আই চিয়ে আন্তৰ্জাতিক মহলত এইদৰে অপপ্ৰচাৰ আৰম্ভ কৰিছে যে, অসমৰ গৰুখুটিত আচলতে চৰকাৰীভাৱে অতি সুপৰিকল্পিত ৰূপত মুছলমান লোকক হত্যা কৰিছে ।

গুৱাহাটী,১৩ অক্টোবৰঃ অৰ্গেনাইজেশ্বন অৱ ইছলামিক কো-অপাৰেশ্বন চমুকৈ অ' আই চি । বিশ্বৰ সৰ্বমুঠ ৫৭ খন ইছলামিক ৰাষ্ট্ৰৰ এখন মঞ্চ এই অ'আই চি । ১৯৬৯ চনত স্থাপিত এই সংস্থাটোৰ মুখ্য কাৰ্যালয় জেড্ডাত । পৃথিৱীৰ ইছলামিক ৰাষ্ট্ৰ সমূহৰ হকে এই সংগঠনটোৱে কাম কৰি আহিছে ।

গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ
গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

অতি লক্ষণীয় ভাবে এই অ' আই চি নামৰ সংগঠনটোৱে শেহতীয়াকৈ বিশ্বজুৰি অপপ্ৰচাৰ আৰম্ভ কৰিছে অসমৰ ছিপাঝাৰৰ গৰুখুটিত সংঘটিত ঘটনাক লৈ । অ'আই চিয়ে আন্তৰ্জাতিক মহলত এইদৰে অপপ্ৰচাৰ আৰম্ভ কৰিছে যে. ভাৰত ৰাষ্ট্ৰৰ অসমৰ গৰুখুটিত আচলতে চৰকাৰীভাৱে অতি সুপৰিকল্পিত ৰূপত মুছলমান লোকক হত্যা কৰিছে । এয়া এক আৰম্ভণিহে । যিহেতু ভাৰতবৰ্ষত ভিন ভিন ধৰ্মৰ লোক বাস কৰে গতিকে সকলোকে সম নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব ।

গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ
গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

কিন্তু তাকে নকৰি চৰকাৰে পৰিকল্পিতভাৱে গৰুখুটিত মুছলমানক হত্যা কৰিছে । অ'আই চিৰ এনে অপপ্ৰচাৰে স্বাভাৱিকতে ক্ষুব্ধ কৰি তুলিছে ভাৰতক । ইতিমধ্যে, দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে অ'আইচিৰ এনে ভিত্তিহীন অভিযোগৰ সমুচিত প্ৰত্যুত্তৰ দিছে ।

গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ
গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

তেওঁ কয় যে ভাৰতৰ এক আভ্যন্তৰীণ বিষয়ত পুণৰবাৰ অ' আই চিয়ে কিছুমান ভুল তথ্য দাঙি ধৰি মাত মাতিব খোজাটো অত্যন্ত দূৰ্ভাগ্যজনক । অসমত সংঘটিত এই ঘটনাৰ বাবে চৰকাৰে ইতিমধ্যে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰত চৰকাৰে এই ঘটনাক লৈ অপপ্ৰচাৰ নচলাবলৈও অ" আই চিক সতৰ্ক কৰি দিছে ।

লগতে পঢ়কঃ পথত গীত গাই ভাইৰেল যুৱক; হৃত্বিক ৰোশনেও শ্বেয়াৰ কৰিলে ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.