বৰপেটা জিলা কাৰাগাৰত আচামীৰ আত্মহত্যা

By

Published : Oct 13, 2021, 5:19 PM IST

thumbnail

বৰপেটা জিলা কাৰাগাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ কাৰাগাৰত আত্মহত্যা কৰিছে এজন আচামীয়ে ৷ জানিব পৰা মতে, কাৰাগাৰ খনৰ শৌচাগাৰৰ ভেল্টিলেচনত গামোচাৰে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে আচামীজনৰ মৃতদেহ ৷ মৃত আচামী যুৱকজনৰ নাম হাচিবুল হাচান (২২) বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ জনীয়াৰ দাউকমাৰী গাঁৱৰ হুছেইন আলিৰ পুত্ৰ হাচিবুল হাচান ৷ উল্লেখযোগ্য যে, এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ২৮ চেপ্টেম্বৰত বৰপেটাৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যুৱকজনক ৷ প্ৰেমজনিত কাৰণৰ বাবেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷ আনহাতে পৰিয়ালৰ লোকে যুৱকজনক হত্যাৰ অভিযোগ তুলিছে জেইল কতৃপক্ষৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.