ETV Bharat / politics

পাহাৰৰ সমস্যাৰাজি সংসদত সঠিকভাৱে উত্থাপন কৰিব অমৰচিং তিচ'ৱে - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 7:38 AM IST

Diphu Lok Sabha constituency : ডিফু লোকসভা সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় বিজেপিৰ অমৰচিং তিচ'ৱে । বিজয়ৰ পিচতেই তেওঁ ক'লে," ৰাজনীতি বানপানীৰ দৰে, 'আণ্ডাৰ কাৰেন্ট' কোনেও ধৰিব নোৱাৰে । "

Diphu Lok Sabha constituency
বিজেপি প্ৰাৰ্থী অমৰচিং তিচ' (ETV BHARAT ASSAM)

ডিফু, ৫ জুন: পাহাৰত দ্বিতীয়বাৰৰ বাবে ফুলিল পদুম ৷ ৬ নং ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰচিং তিচ'ৱে ৩,৩৪,৬২০ টা ভোট লাভ কৰে । ইয়াৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী এপিএইছএলচি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰে লাভ কৰে ১,৮৭,০১৭ টা ভোট ৷ আনহাতে,কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰে ১,২৪,০১৯ টা ভোট ৷ নিৰ্দলীয় প্ৰাৰ্থী জন বাৰ্ণাৰ্ড চাইমাই লাভ কৰে ১১,২৭৯ ভোট ৷ ইপিনে, এএছডিচিৰ প্ৰাৰ্থী জৎছন বে'ই লাভ কৰে ১৬,২৫৯ টা ভোট ৷ নোটা ভোটৰ সংখ্যা ১৬,২৫৯ টা ৷

অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ মঙলবাৰে ঘোষিত ফলাফলত ৬নং ডিফু লোকসভা আসনখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় বিজেপি প্রার্থী অমৰচিং তিচ'ৱে । উল্লেখ্য যে নির্বাচনৰ পূর্বে বিজেপি দলে অতি সহজে অভিলেখ সংখ্যক ভোটৰ ব্যবধানত সমষ্টিটোত জয়লাভ সাব্যস্ত কৰিব বুলি দাবী কৰিছিল যদিও সমষ্টিটোত এইবাৰ প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হয় শাসকীয় বিজেপি দল । পাহাৰত এইবাৰ আঞ্চলিকতাবাদৰ উত্থান দেখিবলৈ পোৱা যায় । নির্দলীয় প্রার্থীৰূপে অবতীর্ণ জে আই কাথাৰৰ ৰাজনৈতিক দল অল পার্টি হিলছ লীডাৰছ কনফাৰেন্সে দ্বিতীয় স্থান লাভ কৰি পাহাৰত পুনৰ আঞ্চলিকতাবাদৰ উত্থান ঘটাবলৈ সক্ষম হয়। ইণ্ডিয়াৰ অংশীদাৰ হৈও মিত্রজোঁটত অংশীদাৰ নহৈ পৃথকে নির্বাচনত অৱতীর্ণ হোৱা কাথাৰে ডেৰ লাখৰ ওপৰত ভোট লাভ কৰিবলৈ সক্ষম হোৱাটোৱে আগন্তুক দিনৰ বাবে পাহাৰত বিজেপিৰ বাবে প্রত্যাহ্বানৰ সৃষ্টি কৰাটো নিশ্চিত ।

কোনে কিমান ভোট পালে ?

ইপিনে, পাহাৰত দীর্ঘকাল শাসনত থকা কংগ্ৰেছ দলৰ স্থান অৱনমিত হোৱাটোৱেও চৰ্চাৰ বিষয় হৈ পৰিছে । হাফলং বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ প্রার্থী অমৰচিং তিচ'ৱে ৫৯,২২৬ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ৰাম ইংলেঙে ৩৪,৮২৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। নির্দলীয় জে আই কাথাৰে হাফলং বিধানসভা সমষ্টিত ১৭,৪৭৩ টা ভোট লাভ কবিবলৈ সক্ষম হয় । বোকাজান বিধানসভা সমষ্টিত বিজেপিৰ প্রার্থীগৰাকীয়ে ৫১,৮৯৬ টা ভোট লাভ কৰাৰ বিপৰীতে নির্দলীয় জে আই কাথাৰে ৩০,৭৪৮ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । ইপিনে, কংগ্ৰেছৰ প্রার্থীগৰাকীয়ে ২৬,৩৯১ টা ভোট লাভ কৰে ।

বিজেপিৰ প্রার্থীগৰাকীয়ে হাওৰাঘাট বিধানসভা সমষ্টিত ৭২,২৪৮ টা ভোট, কংগ্রেছ প্রার্থীগৰাকীয়ে ২০,০৬৫ টা আৰু জে আই কাথাৰে ৩৬,৪১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । উল্লেখনীয় যে পাহাৰৰ একমাত্র আসনখনত বিজেপি দলে এইবাব ৩ লাখৰো অধিক ভোটত জয়লাভ কৰিব বুলি দাবী কৰিছিল । বিগত লোকসভা নির্বাচনত সমষ্টিটোত বিজেপি প্রার্থী হৰেণছিং বে'য়ে ৩,৮০,১৮৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বীৰেণছিং ইংতিয়ে লাভ কৰিছিল ১,৪০,৩৪৪ টা ভোট । ২০১৯ চনত বিজেপিৰ প্রার্থীগৰাকীয়ে ২,৩৯,৮৩৯ টা ভোটৰ বৃহৎ ব্যবধানত জয়লাভ কৰিছিল যদিও এইবাৰ এই জয়ৰ ব্যবধান যথেষ্ট হ্রাস পায় ।

ৰাজনীতি বানপানীৰ দৰে

আনহাতে, জয়লাভৰ পাছত অমৰচিং তিচ'য়ে তিনিওখন জিলাবাসীক বিজয় প্রদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে দলৰ শীর্ষ নেতাৰ পৰা আদি কৰি তৃণমূল পর্যায়ৰ নেতা-কর্মীলৈও তেওঁ ধন্যবাদ জ্ঞাপন কৰে । কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ সমস্যাৰাজি সংসদত সঠিকভাৱে উত্থাপন কৰাটোৱেই তেওঁৰ প্রথম লক্ষ্য হ'ব কয়। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনি আৱন্টনৰ লগতে চলিত আঁচনিসমূহ সম্পূর্ণ কৰা আৰু উন্নয়নেই তেওঁৰ লক্ষ্য বুলিও উল্লেখ কৰে । তেওঁ পুনৰ কয় যে ৰাজনীতি বানপানীৰ দৰে, 'আণ্ডাৰ কাৰেন্ট' কোনেও ধৰিব নোৱাৰে । ব্যর্থতাৰ কাৰণসমূহ আলোচনা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

আঞ্চলিক ৰাজনৈতিক দলক বিপুল ভোট প্রদান কৰাৰ লগতে পাহাৰত আঁকোৱালি লোৱা সন্দৰ্ভত তেওঁ কয় যে দুয়োখন জিলা বিশেষকৈ ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত শিক্ষিতৰ হাৰ কম হোৱা বাবে জে আই কাথাৰে ষষ্ঠ অনুসুচীৰ অন্তর্ভুক্ত অঞ্চলত কেৱল কার্বি মানুহে ভোটদান কৰিব পাৰে বুলি অপপ্রচাৰ চলোৱাটো ইয়াৰ অন্যতম কাৰণ । এই বিষয়টো সন্দর্ভত দলে আগন্তুক সময়ত আলোচনা চলাব আৰু জনসাধাৰণৰ মাজত এই অপপ্ৰচাৰৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে প্রচেষ্টা কৰিব বুলিও তেওঁ মন্তব্য় কৰে ।

লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - Lok Sabha Election Results 2024

যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

যোৰহাটৰ ৰাইজৰ অভিভাৱকৰ ভূমিকাৰ বাবেই এই জয় : গৌৰৱ গগৈ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.