ETV Bharat / state

GMCH ৰ পৰা ৰিলিজ দিয়া হৈছে ৰৌণক আলী হাজৰিকাক

author img

By

Published : Oct 13, 2021, 1:50 PM IST

পুনৰ জেৰাৰ সন্মুখীন হ'ব নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা । জি এম চি এইচত বিগত এসপ্তাহ ধৰি চলা চিকিৎসাৰ পাছত তেওঁক ৰিলিজ দিয়া হয় । বৰ্তমান তেওঁ সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

GMCH
GMCHৰ পৰা ৰিলিজ দিয়া হৈছে ৰৌণক আলী হাজৰিকাক

গুৱাহাটী, ১৩ অক্টোবৰ : আয়তকৈ অধিক সম্পত্তিৰ গােচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক (DIG) ৰৌণক আলী হাজৰিকাক বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় । আৰক্ষীৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকাক ৬ অক্টোবৰৰ নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ বাবে প্ৰথমে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ বাবে ৭ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল ।

উল্লেখ্য যে, বিগত চাৰি বছৰত তেওঁৰ দুটাকৈ ছাৰ্জাৰী সম্পন্ন হৈছিল । জি এম চি এইচত বিগত এসপ্তাহ ধৰি চলা চিকিৎসাৰ পাছত তেওঁক ৰিলিজ দিয়া হয় । বৰ্তমান তেওঁ সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । হাস্পতালৰ পৰা অব্যাহতি দিয়াৰ লগে লগে মুখ্যমন্ত্রীৰ তদাৰকী কোষে তেওঁক পুনৰ নিজৰ জিম্মালৈ নিয়ে ।

উল্লেখ্য যে নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা পূৰ্বেও দুবাৰ হৃদৰােগত আক্ৰান্ত হোৱা বাবে চিকিৎসাধীন হ’বলগীয়া হৈছিল । ইফালে গ্ৰেপ্তাৰ হোৱা নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ কেইবা ঠাইত বৃহৎ অট্টালিকা, বিলাসী ৰিজ'ৰ্টকে ধৰি বহু সা-সম্পত্তি থকাৰ তথ্য পোহৰলৈ আহিছে ।

GMCH
GMCHৰ পৰা ৰিলিজ দিয়া হৈছে ৰৌণক আলী হাজৰিকাক

নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰাৰ পাছতে ন ন তথ্য পোহৰলৈ আহিছে । নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী ৰৌণক আলী হাজৰিকা । আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি ৰৌণক আলী হাজৰিকাৰ । গুৱাহাটীৰ ডাউন টাউনত ঘৰ-মাটি, ধীৰেণপাৰাত থকা এটা প্ৰসাদোতম অট্টালিকাৰ উপৰিও হেঙেৰাবাৰীত ৰৌণক আলী হাজৰিকাৰ আছে ৰাজ অট্টালিকা সদৃশ এটা ঘৰ ।

তদুপৰি হংকং, ইণ্ডোনেছিয়া, ডুবাই, বাংলাদেশ, মালয়েছিয়া, বেংকক, থাইলেণ্ডসহ ৯ খন দেশ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিছিল ৰৌণক আলী হাজৰিকাই । ৰৌণক আলী হাজৰিকাৰ বাসগৃহত বাংলাদেশ, হংকং, চীন, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ হৈছিল । ৰৌণক আলী হাজৰিকাৰ চিমলাত আছে এখন বিলাসী ৰিজ'ৰ্ট । কথি ৰিজ'ৰ্ট নামৰ প্ৰায় চাৰিমহলীয়া এই বিলাসী ৰিজ'ৰ্টখনৰ মূল্যও হ'ব কেইবা কোটি টকা ।

আনহাতে দুটাকৈ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো কোটি টকাৰ লেনদেনৰ তথ্য পোহৰলৈ আনিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে । এতিয়াও বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে । বৰ্তমান মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকাক অধিক তথ্যৰ বাবে পুনৰ জেৰা চলোৱা হ'ব ।

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.