পৌৰ নিগমৰ যানশালাত উৱলিছে কোটি টকাৰ সামগ্ৰী - Guwahati Municipal Corporation
GMC Vehicles: এফালে সাধাৰণ জনতাৰ পৰা সংগ্ৰহ কৰা হৈছে কৰৰ ওপৰত কৰ, ইফালে ৰাজহুৱা ধনৰ পতা হৈছে শৰাধ ৷ হাবি-বননিৰ মাজত পৰি ৰৈছে গুৱাহাটী পৌৰ নিগমৰ বহু বিকল বাহন ৷ সামান্য মেৰামতিৰ অভাৱতেই পৰি ৰৈছে বাহনসমূহ ৷

Published : May 23, 2024 at 4:48 PM IST
গুৱাহাটী, ২৩ মে’ : যি সময়ত পৌৰ নিগমে সম্পত্তি কৰ, গৃহ কৰকে ধৰি সকলোবোৰ কৰ বৃদ্ধি কৰি ৰাইজক ৰামটাঙোন শোধাইছে, সেই সময়তে ৰাজহুৱা ধন শৰাধ কৰি ক্ৰয় কৰা বহু বাহন সামান্য বিকল হোৱাৰ অজুহাততে নিগমৰ বশিষ্ঠস্থিত যানশালাৰ চৌহদত মুকলিকৈ পেলাই থোৱা হৈছে ৷
উল্লেখ্য যে গুৱাহাটী মহানগৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ স্বাৰ্থত গুৱাহাটী পৌৰ নিগমৰ অধীনত চলাচল কৰা শতাধিক বাহনে বিভিন্ন অঞ্চলৰ পৰা জাবৰ-জোঁথৰ সংগ্ৰহ কৰে ৷ মহানগৰবাসীৰ ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰা অধিকাংশ বাহনৰে অৱস্থা শোচনীয় । পুৰণি হৈ যোৱাৰ ফলত আৰু মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে বহু বাহন ।
এনে বিধ্বস্ত বাহন সঘনাই বিকল হোৱাৰ অজুহাতত প্ৰায়ে বিভিন্ন স্থানলৈ জাবৰ সংগ্ৰহৰ বাবে পৌৰ নিগমৰ বাহন নোযোৱাৰ অভিযোগ দীর্ঘদিনীয়া । কিন্তু ইয়াৰ বিপৰীতে মহানগৰীৰ এটা পৌৰ নিগমৰ কার্যালয় চৌহদত সামান্য বিকল হোৱা বহু গাড়ী বছৰ বছৰ ধৰি পেলাই ৰখা হৈছে । মহানগৰীৰ বশিষ্ঠত থকা পৌৰ নিগমৰ যানশালাত এই গাড়ীসমূহ পেলাই ৰখা হৈছে ।
স্থানীয় একাংশ লোকৰ পৰা জানিব পৰামতে প্ৰায় দহ বছৰ সেই স্থানত গাড়ীসমূহ পেলাই থোৱা হৈছে । তাৰে অধিকাংশই জাবৰ সংগ্ৰহ কৰা গাড়ী যদিও পৌৰ নিগমৰ বিভিন্ন কাৰ্যালয়ত ব্যৱহৃত কেবাখনো যাত্ৰীবাহী বাহনো আছে । কেৱল যান-বাহনেই নহয়, সেই স্থানত বৃহৎ আকাৰৰ ডাষ্টবিনো বছৰ বছৰ ধৰি পেলাই ৰখা হৈছে ।
এনেদৰে পেলাই ৰখা যান-বাহন, ডাষ্টবিন আদি সম্প্ৰতি বন-লতাই আগুৰি ধৰিছে । স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি কেবাবছৰো ধৰি সেই স্থানত গাড়ীসমূহ পেলাই ৰখা হৈছে যদিও শেহতীয়াকৈ কেবাখনো গাড়ী আৰু গাড়ীৰ বিভিন্ন অংশ চুৰি হৈছে ।
ইপিনে সন্ধিয়া হ'লেই পেলাই থোৱা গাড়ীসমূহত একাংশ লোকে ড্ৰাগছ, সুৰাৰ আড্ডা গঢ়ি তোলাৰ উপৰি বিভিন্ন অনৈতিক কার্যকলাপো সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ বাসিন্দাই । তদুপৰি গাড়ীসমূহ পেলাই ৰখা ঠাইডোখৰৰ গছ-বন কাটি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিবলৈও অনুৰোধ জনাইছিল । কিন্তু এইক্ষেত্ৰত পৌৰ নিগম কর্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় বাসিন্দাই ।
এনে পৰিস্থিতিত দিনক দিনে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হোৱা বুলি মত ব্যক্ত কৰিছে বশিষ্ঠ-বেলতলা অঞ্চলৰ সচেতন ৰাইজে । সেয়েহে শীঘ্ৰে উক্ত কার্যালয় চৌহদৰ সুৰা-ড্ৰাগছৰ আড্ডাস্থলী উৎখাত কৰিবলৈ ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক: পুনৰ সেউজ আৱৰণেৰে ঢাকি দিয়া হ’ল মৰা ভৰলুক, কিন্তু কিয় ?

