ETV Bharat / state

পুনৰ সেউজ আৱৰণেৰে ঢাকি দিয়া হ’ল মৰা ভৰলুক, কিন্তু কিয় ? - Green Shade Net On Mora Bharalu

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 6:40 PM IST

Updated : May 14, 2024, 6:46 PM IST

Bharalu River Guwahati: আকৌ এবাৰ ভৰলুত সেউজীয়া আৱৰণ দি লজ্জা নিবাৰণৰ চেষ্টা কৰা হ’ল ৷ কাৰণটো সকলোৰে জ্ঞাত ৷ সন্মুখত আছে আই পি এলৰ দুখনকৈ মেচ ৷

Mora Bharalu River Guwahati
পুনৰ সেউজী আৱৰণ দিয়া হ’ল মৰা ভৰলুক (Etv Bharat Assam)

পুনৰ সেউজী আৱৰণ দিয়া হ’ল মৰা ভৰলুক (Etv Bharat Assam)

গুৱাহাটী, ১৪ মে’ : বছৰৰ পিচত বছৰ ধৰি গুৱাহাটী মহানগৰীৰ সকলোধৰণৰ আৱৰ্জনা কঢ়িয়াই ভাগৰি পৰা মৰা ভৰলু নৈখন আজি মৃতপ্ৰায় । ইতিমধ্যে নৈখনে 'মৰা' ভৰলুৰূপে পৰিচয়ো লাভ কৰিছে ৷ পূতিগন্ধময় পৰিৱেশত থকা এই নৈখন মাজে মাজে চৰ্চালৈ আহে । অৱশ্যে চৰ্চালৈ আহিলেও কিন্তু নৈখনৰ ৰূপ সলনি নহ’ল ।

আৱৰ্জনা কঢ়িয়াই কঢ়িয়াই নিঃশেষ হোৱাৰ উপক্ৰম হোৱা মৰা ভৰলু নৈখন পুনৰ চৰ্চালৈ আহিছে । চৰ্চালৈ অহাৰ কাৰণটো হৈছে যে নৈখনৰ এটা অংশই হঠাতে লাভ কৰিলে সেউজ আৱৰণ । অৱশ্যে এই আৱৰণ মাজে-সময়ে দেখিবলৈ পোৱা যায় ৷ খেলৰ লগত সম্পৰ্ক আছে এই আৱৰণৰ ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আই পি এল খেলৰ কথাই কোৱা হৈছে ৷ খেলৰ বাবেই সেউজীয়া ট্ৰিপালেৰে ঢাকি দিয়া হৈছে মৰা ভৰলু নৈখনৰ কিছু অংশক । বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ১৫ মে’ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল অনুষ্ঠিত হ’ব ৷

ৰাজস্থান ৰয়েলছে ১৫ মে’ত পাঞ্জাৱ কিংছ আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । এই দুয়োখন খেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা মৰা ভৰলু নৈখনক নতুন ৰূপ দিয়া হৈছে । ষ্টেডিয়ামৰ গাতে লাগি থকা নৈখনৰ অংশটো ট্ৰিপালেৰে ঢাকি দিয়া হৈছে ।

নৈখনৰ ওপৰেৰে ষ্টেডিয়ামলৈ প্ৰৱেশ কৰাৰ বাবে কেবাখনো গেট আছে আৰু বহু দৰ্শকে এই গেটেৰেই খেল চোৱাৰ বাবে ষ্টেডিয়ামত প্ৰৱেশ কৰিব । খেল চাবলৈ এই গেটসমূহৰে প্ৰৱেশ কৰা দৰ্শকসকলে যাতে অত্যন্ত লেতেৰা তথা পূতিগন্ধময় পৰিৱেশত থকা নৈখন দেখা নাপায় তাৰ বাবে এনেদৰে সেউজীয়া ট্ৰিপালেৰে নৈখন ঢাকি দিয়া হৈছে । এক কথাত দৰ্শকৰ আগত লজ্জা নিবাৰণৰ অদ্ভুত প্ৰয়াস ।

অৱশ্যে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই পূৰ্বতেই এই আৱৰণ দিয়াৰ কাৰণ সন্দৰ্ভত নিজৰ যুক্তি দাঙি ধৰিছিল । মহৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে এনেদৰে আৱৰণ দিয়া বুলি পৌৰ নিগমে যুক্তি দাঙি ধৰিছিল । যাতে মহৰ পৰা দৰ্শকে আমনি নাপায় । গুৱাহাটী পৌৰ নিগমে যি কাৰণতেই নহওক কিয় ক্ষন্তেকৰ বাবে হ'লেও লেতেৰা নৈখন ঢাকি দিয়াৰ কথা চিন্তা কৰিলে যদিও নৈখনৰ কাষত বসবাস কৰা লোকসকলৰ কথা কাহানিও চিন্তা কৰা নাই ।

নৈখনৰ পূতিগন্ধময় পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ লোকে জীৱন অতিবাহিত কৰি আহিছে । কিন্তু এইক্ষেত্ৰত কৰ্তৃপক্ষৰ কোনো দায়িত্বজ্ঞান নাই । আনহাতে নৈখনক লৈয়ো কোনো চিন্তা-চৰ্চা নাই বিভাগীয় কৰ্তৃপক্ষৰ । কেৱল লেতেৰা মৰা ভৰলু নৈখন দৰ্শকৰ চকুত নপৰিবলৈ কিছু অংশ সেউজীয়া আৱৰণৰে ঢাকি দিয়া হৈছে ।

লজ্জা নিবাৰণৰ এই ক্ষন্তেকীয়া প্ৰয়াসক হাস্যকৰ বুলি অভিহিত কৰিছে বহুজনে ।

লগতে পঢ়ক: গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ২৪ টা প্ৰকল্পৰ ১৯ টা প্ৰকল্পৰ কাম সম্পূৰ্ণ: অশোক সিংহল

লগতে পঢ়ক: GMCৰ বোকা কেলেংকাৰী সন্দৰ্ভত ‘কেগ’ৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

লগতে পঢ়ক: ভৰলুৰ প্ৰদূষণক লৈ ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Last Updated :May 14, 2024, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.